NORTHEAST NOW (Assamese)

৯ বছৰীয়া নাবালিকাক ধৰ্ষণ দুই কিশোৰৰ : ভিডিঅ’ কৰি ব্লেক মেইলিং ধৰ্ষিতাক

January 16, 2023 7:42 am · এন ই নাও নিউজ, গুৱাহাটী

শনিবাৰে উত্তৰ প্ৰদেশৰ মথুৰা সংঘটিত হৈছে ভয়ানক ধৰ্ষণৰ ঘটনা। দুই বন্ধুৱে খেলিবলৈ মাতি নিয়াৰ চলেৰে ধৰ্ষণ কৰিলে এগৰাকী ৯ বছৰীয়া কণমাণিক।

জানিব পৰা মতে স্জনিবাৰে বিয়লি লক্ষ্ণৌৰ এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য অপৰাধ। একেটা চুবুৰীৰে দুই কিশোৰৰ দ্বাৰা ধৰ্ষণৰ বলি হৈছে ভগ্নী স্বৰূপ নাবালিকা।

ভুক্তভোগীৰ পৰিয়ালে জনোৱা মতে সেই সময়ত ঘৰত অকলে আছিল ন বছৰীয়া ছোৱালীজনী। তেতিয়াই সেই চুবুৰীৰ এজন কিশোৰে লগৰে আন এজন বন্ধুক লৈ আহিছিল। যিহেতু একেটা চুবুৰীতে বাস কৰিছিল সেয়ে দুই কিশোৰৰ পৰিয়ালৰ সৈতে আছিল ধৰ্ষিতা পৰিয়ালৰ ঘৰুৱা সম্পৰ্ক।

গতিকে কণমাণি জনীক চুবুৰীতে খেলিবলৈ এৰি পৰিয়ালৰ মানুহ কিবা কামত ওলাই যোৱা খবৰটো লাভ কৰিছিল অভিযুক্ত কিশোৰ দুগৰাকীয়ে। তেতিয়াই দুই অভিযুক্ত কিশোৰে নাবালিকা গৰাকীৰ লগত খেলাৰ সুযোগেৰে ভিতৰলৈ নি ধৰ্ষণ কাণ্ড সংঘটিত কৰে।

উল্লেখ্য যে নাবালিকাগৰাকীয়ে ধৰ্ষণ কাণ্ডৰ কথা পৰিয়ালক অৱগত কৰিলেই অভিযুক্তই সমগ্ৰ অপৰাধৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকি দিয়ে। সেয়ে নাবালিকাগৰাকীয়ে প্ৰথমে ভয়ত নিমাত হৈ আছিল। কিন্তু পৰিয়ালৰ লোকসকল উভতি অহাৰ লগে লগে তাই অসুস্থ হৈ পৰে। ইয়াৰ পিছতে পিতৃ-মাতৃয়ে ভালদৰে সোধাত নাবালিকাগৰাকীয়ে কান্দি কান্দি গোটেই ঘটনাটো পিতৃ-মাতৃক জনায়। ইয়াৰ পিছতে দেওবাৰে পৰিয়ালৰ লোকে অভিযুক্ত কিশোৰ দুজনৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে জনোৱা মতে, কিশোৰ দুজনৰ বিৰুদ্ধে ভুক্তভোগী আত্মীয়ৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰা হৈছে। নিৰ্যাতিত নাবালিকাগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদন আহিলেই ধৰ্ষণৰ বিষয়টো নিশ্চিতভাৱে জানিব পৰা যাব।

Related News