ধুবুৰীত গ্ৰেপ্তাৰ আইছিছৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী; আছিল দেশৰ বিভিন্ন অঞ্চলত কূটাঘাতৰ পৰিকল্পনা

ফটো সৌজন্যঃ টুইটাৰ।

ভাৰতত বৃহৎ আক্ৰমণ চলোৱাৰ পৰিকল্পনা আছিল। সেই উদ্দেশ্যে কাঁটা তাঁৰৰ সিপাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল দুই শীৰ্ষ উগ্ৰপন্থী। কিন্তু চোৰাংচোৱাৰ সতৰ্কতাই সেই পৰিকল্পনা ব্যৰ্থ কৰি পেলালে। আৰক্ষীৰ হাতত ধৰা পৰিল আইছিছৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী।

গ্ৰেপ্তাৰ হোৱা দুজনৰ এজন ভাৰতৰ আইছিছ উগ্ৰপন্থী সংগঠনৰ মুৰব্বী, আনজন তেওঁৰ সহযোগী। মঙলবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ ধুবুৰী জিলাৰ পৰা আটক কৰে উগ্ৰপন্থী দুজনক। তেওঁলোকক NIAক গতাই দিয়া হ’ব।

গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি অসম আৰক্ষীৰ টাস্ক ফ’ৰ্চে এই বিশাল অভিযান চলায়। তাতেই সফলতা লাভ কৰে। ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৱৰ্তী ধুবুৰী জিলাৰ ধৰ্মশালা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুই আইছিছ উগ্ৰপন্থী।

লগতে পঢ়কঃ আগুৱালে ২০২৪-ৰ NET PG পৰীক্ষা! কেতিয়া প্ৰৱেশ পৰীক্ষা? কেতিয়া প্ৰকাশ পাব ফলাফল?

ধৃত দুজন হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুকী আৰু অনুৰাগ সিং বুলি জানিব পৰা গৈছে। ফাৰুকী ভাৰতৰ আইছিছৰ মুৰব্বী। আনজন উগ্ৰপন্থীৰ নাম অনুৰাগ সিং ওৰফে ৰেহান। জানিব পৰা মতে পানীপথৰ বাসিন্দা অনুৰাগে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁৰ পত্নী বাংলাদেশৰ নাগৰিক।

অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে আইছিছ উগ্ৰপন্থীক গ্ৰেপ্তাৰ সন্দৰ্ভত তথ্য প্ৰদান কৰি কয় যে, গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী দুজনে নতুন উগ্ৰপন্থী নিযুক্তি দিবলৈ, সন্ত্ৰাসবাদৰ বাবে আৰ্থিক সাহায্য সংগ্ৰহ কৰিবলৈ ভাৰতলৈ আহিছিল। দেশৰ কেইবাটাও স্থানত আই ই ডি বিস্ফোৰণৰ পৰিকল্পনাও আছিল তেওঁলোকৰ। তদুপৰি, অভিযুক্তৰ নামত দিল্লী এন আই এ, লক্ষ্ণৌ এ টি এছৰ একাধিক গোচৰ আছে।

ফাৰুকি আৰু অনুৰাগ দুয়োজনেই আইছিছৰ দ্বাৰা উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত বুলি জানিব পৰা গৈছে। দুয়োজনেই ভাৰতত আইছিছ উগ্ৰপন্থী নিযুক্তি, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে আৰ্থিক সহায় সংগ্ৰহ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাত সক্ৰিয়ভাৱে জড়িত হৈ আছে।