NORTHEAST NOW (Assamese)

মণিপুৰত এনএছচিএন (খাপলাং)-এ অপহৰণ কৰা দুই ট্ৰাক চালকক মুক্তি

February 11, 2022 8:39 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

মণিপুৰত বিদ্ৰোহী সংগঠন এনএছচিএন- এ অপহৰণ কৰা ভাৰতীয় খাদ্য নিগমৰ ট্ৰাক চালক দুজনক আজি মুকলি কৰি দিছে।

বৃহস্পতিবাৰে ভাৰতীয় খাদ্য নিগমৰ ট্ৰাকৰ পৰা চালক দুজনক এন এছ চি এন (খাপলাং)-এ অপহৰণ কৰি নিছিল।

ট্ৰাকচালক দুজন ইম্ফল ইষ্ট জিলাৰ ব্ৰজমনি সিং আৰু গুৱাহাটীৰ হাতীগাঁৱৰ চাফেৰ উদ্দিন।

গুৱাহাটীৰ পৰা মনিপুৰলৈ ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িয়াই নিয়া দুখন ট্ৰাক চলাই নিছিল দুই চালকে।

মনিপুৰৰ টামেংলং জিলাৰ কাউফুণ্ডাই অঞ্চলৰ পৰা এই অপহৰণকাণ্ড সংঘটিত হৈছিল।

ৰাষ্টাত ট্ৰাক ৰখাই দুয়োজন চালকক এন এছ চি এন (খাপলাং)-এ অপহৰণ কৰি নিছিল।

অৱশেষত, ট্ৰাক চালক দুজনক সংগঠনটোৱে মুক্তি দিছে।

আজি জিৰিবাম আৰক্ষী, মনিপুৰ আৰক্ষীৰ বেটেলিয়ন আৰু ৩৯ অসম ৰাইফলচে তেওঁলোকক উদ্ধাৰ কৰিছে।

বৰ্তমান দুয়োগৰাকী ট্ৰাক চালকক আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে।

জিৰিবামৰ আৰক্ষী অধীক্ষকে ইতিমধ্যে সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনা জানিবলৈ দিছে।

Related News