DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফিট ইণ্ডিয়া : আটাইতকৈ ‘ফিট’ যুৱক; বাউন্সাৰৰ এই গাঁও দুখনৰ কথা জানেনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2019 6:37 pm
1024_082919021245

ফটো : ইন্টাৰনেটৰ সৌজন্যত

1.3k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ফিটনেছৰ মান উন্নত কৰাৰ বাবে ‘ফিট ইণ্ডিয়া মুভমেন্ট’ অভিযানৰ শুভাৰম্ভণি কৰিছে।

প্ৰধান মন্ত্ৰী মোদীয়ে কিছুমান গুৰুতৰ ৰোগৰ বিষয়ে উল্লেখ কৰি জনসাধাৰণৰ ফিটনেছ সম্পৰ্কত উদ্বিগ্নতা প্ৰকাশ কৰিছে।

প্ৰদূষণ তথা জ্যাংক ফুডৰ বাবে দিল্লীত নাগৰিকৰ স্বাস্থ্যৰ মান বহুত নিম্নমানৰ।

কিন্তু দিল্লীৰে দুখন এনেকুৱা গাঁও আছে য’ত বাস কৰা লোকসকলৰ ফিটনেছ অত্যন্ত চকুত লগা।

দক্ষিণ দিল্লীত থকা অ’সোলা আৰু ফতেহপুৰ বেৰী নামৰ এই গাঁও দুখনৰ লোকসকলে নিজৰ অতুলনীয় ফিটনেছৰ কাৰণে প্ৰখ্যাত হৈ পৰিছে।

দুয়োখন গাঁৱকে পালোৱান তথা বাউন্সাৰৰ গাঁও বুলি কোৱা হয়।

ইয়াৰ বেছিভাগ যুৱকে হয়তো বৃত্তিগতভাৱে বাউন্সাৰৰ কাম কৰে নাইবা কোনো জিম বা ফিটনেছ চেন্টাৰত প্ৰশিক্ষকৰ কাম কৰি আছে।

উক্ত লোকসকলৰ দেশীয় খোৱা-বোৱাৰ লগতে ইয়াৰ মাটিৰ প্ৰতি থকা টানেই তেওঁলোকৰ অতুলনীয় ফিটনেছৰ গোপন ৰহস্য।

গাঁৱখনৰ যুৱকসকলৰ খোৱাৰ তালিকাখনো বৰ আকৰ্ষণীয়। এজন বাউন্সাৰে দিনটোত ৪ লিটাৰ গাখীৰ আৰু ২ কিলো দৈ তথা এক ডজন কল আহাৰ হিচাপে গ্ৰহণ কৰে।

তদুপৰি, গাঁৱখনত ডেইৰী সুলভ হোৱা বাবে লোকসকলৰ খোৱাবোৱাৰ বাবে সামগ্ৰীসমূহ সহজতে পোৱা যায়।

গাঁও দুখনৰ প্ৰতিখন ঘৰতে কমেও এজনকৈ পুত্ৰ সন্তানে বাউন্সাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। এই বাউন্সাৰসকলে ক্লাৱ বা হোটেলত ভাল দৰমহাৰ চাকৰিও লাভ কৰে।

গাঁও দুখনত থকা যুৱকসকল বিষয়ে কোৱা হয় যে ইয়াত কাচিৎহে কোনো এজন ওলাব যিয়ে কেতিয়াও জিমলৈ যোৱা নাই বা পালোৱানী আখৰাত যোগ দিয়া নাই।

অ’সোলা গাঁৱৰ কেইবাজনো প্ৰশিক্ষকে নামী জিমৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত হৈ আছে।

ফিটনেছ চেন্টাৰ বা ক্লাৱত বাউন্সাৰৰ কাম নকৰাসকলেও আনকি দিনটো অনুশীলনত ব্যস্ত থাকে।

গাঁও দুখনৰ আন এটা ডাঙৰ বৈশিষ্ট হৈছে যে ইয়াত নিচাযুক্ত পদাৰ্থৰ ব্যৱহাৰ একেবাৰে নাই বুলি ক’ব পাৰি।

গাঁও দুখনৰ যুৱ সমাজ তেওঁলোকৰ ভৱিষ্যতকলৈ খুবেই সচেতন।

Recent News

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd