• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোৱাইট হাউছত শ্বেহবাজ আৰু মুনিৰৰ সৈতে ট্ৰাম্পৰ গোপন বৈঠক; আলোচনাক কেন্দ্ৰ কৰি জল্পনা-কল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2025 1:04 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানী সেনা প্ৰধান অসীম মুনিৰে পুনৰবাৰ হোৱাইট হাউছত ট্ৰাম্পক সাক্ষাৎ কৰে। অৱশ্যে কেৱল মুনিৰে নহয়, এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে। অৱশ্যে দুয়োগৰাকী নেতাৰ মাজত কি আলোচনা হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাৰ অলপ আগেয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱাইট হাউছত উপস্থিত হয়। সন্ধিয়া ৬:১৮ বজাত হোৱাইট হাউছৰ পৰা ৰাওনা হয় পাকিস্তানী প্ৰতিনিধি দলটো। এই বৈঠকৰ কোনো ছবি আমেৰিকাৰ পক্ষৰ পৰা প্ৰকাশ কৰা নাই। যিবোৰ ছবি পোহৰলৈ আহিছে সেইবোৰ পাকিস্তানী সাংবাদিকে প্ৰকাশ কৰিছে।

Apply Now

ব্যক্তিগতভাৱে শ্বৰীফ আৰু ট্ৰাম্পৰ মাজত বৈঠক অনুষ্ঠিত হয়। কোনো সংবাদ মাধ্যমক তাত থাকিবলৈ দিয়া নহ’ল। হোৱাইট হাউছ ভ্ৰমণৰ সময়ত শ্বেহবাজ শ্বৰীফৰ সৈতে আছিল পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰ। বৰ্তমানৰ পৰিস্থিতিত হোৱাইট হাউছত এই বৈঠকখন যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

জুলাই মাহত দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি ঘোষণা কৰাৰ পাছত এইবাৰ ট্ৰাম্পে শ্বেহবাজ শ্বৰীফক দ্বিপাক্ষিক বৈঠকত সাক্ষাৎ কৰিছে। শেহতীয়াকৈ আৰব মুছলমান দেশসমূহৰ এখন সন্মিলনত ট্ৰাম্প আৰু শ্বেহবাজে অনানুষ্ঠানিকভাৱে সাক্ষাৎ কৰে।

ইয়াৰ পূৰ্বে বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰাৰ সময়ত ট্ৰাম্পে কৈছিল যে আমেৰিকাই পাকিস্তানৰ মজুত তেলৰ ভাণ্ডাৰ উন্নয়নত একেলগে কাম কৰিবলৈ আগবাঢ়িছে। সেই সময়ত তেওঁ জোৰ দি কৈছিল, ‘ভাৰতে ভৱিষ্যতে পাকিস্তানৰ পৰা তেল কিনিব।’ মন কৰিবলগীয়া যে সেই সময়ত ট্ৰাম্পেও ভাৰত-পাকিস্তানৰ সংঘাত বন্ধ কৰাৰ কৃতিত্ব দাবী কৰি দিল্লীৰ পৰা দূৰত্ব বজাই ৰাখিছিল।

ইপিনে, শেহতীয়াকৈ এজন সাংবাদিকে আমেৰিকাৰ শক্তি বিভাগৰ সচিব ক্ৰীছ ৰাইটক ট্ৰাম্পৰ ‘বৃহৎ চুক্তি’ৰ বিষয়ে সুধিছিল। ইয়াৰ উত্তৰত ৰাইটে কয় যে তেওঁৰ এই বিষয়ে কোনো আপডেট নাই। ট্ৰাম্পৰ উদ্ধৃতি দি সাংবাদিকগৰাকীয়ে প্ৰশ্ন কৰে যে, ‘আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পাকিস্তানৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰি কৈছিল যে পাকিস্তানৰ বিশাল ইন্ধনৰ ভাণ্ডাৰৰ পৰা আমেৰিকান কোম্পানীয়ে তেল উলিয়াব। বৰ্তমান আমি কোম্পানীটো চূড়ান্ত কৰাৰ কাম কৰি আছো। ভৱিষ্যতে পাকিস্তানে ভাৰতক তেল বিক্ৰী কৰিব বুলিও দাবী কৰিছিল ট্ৰাম্পে। এই প্ৰেক্ষাপটত মই জানিব বিচাৰো যে এই তেল বিচাৰি পাকিস্তানৰ সৈতে পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত কিমান অগ্ৰগতি হৈছে?’

সাংবাদিকগৰাকীৰ এই প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ শক্তি সচিব ক্ৰীছ ৰাইটে কয়, ‘মই এতিয়াও কোনো আমেৰিকাৰ কোম্পানীৰ সৈতে কথা পতা নাই বা বিষয়টো বিশদভাৱে চোৱা নাই। অৱশ্যে আপোনাৰ প্ৰশ্নৰ ভিত্তিত মই এই বিষয়টোৰ অনুসন্ধান কৰিম। মোৰ শহুৰ ৩০ বছৰ আগতে পাকিস্তানত গেছ নিষ্কাশনৰ কামত জড়িত আছিল। আৰু সকলোৱে জানে যে পাকিস্তানত বিশাল প্ৰাকৃতিক গেছৰ মজুত আছে। কিন্তু সেই ক্ষেত্ৰত বিনিয়োগ কমিছে। যাৰ বাবে পাকিস্তানত গেছ উৎপাদন হ্ৰাস পাইছে। অৱশ্যে সেই সকলো ভাণ্ডাৰ এতিয়াও তাতেই আছে।

তেওঁ লগতে কয় যে  ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই কথাবোৰ মোৰ ভাল লাগিল। আমেৰিকা চৰকাৰ আৰু আমাৰ দেশৰ কোম্পানীসমূহে পাকিস্তানৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ আগ্ৰহী হ’ব। আমি পাকিস্তানৰ পৰা কেনেকৈ অধিক ইন্ধন উৎপাদন কৰিব পাৰি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। প্ৰশ্নটোৰ বাবে ধন্যবাদ। এতিয়া এই বিষয়টোৰ ওপৰত অধিক অনুসন্ধান কৰিম।’

উল্লেখ্য যে ইয়াৰ পূৰ্বে অপাৰেচন সিন্দুৰৰ পিছৰে পৰা পাকিস্তানী সেনা প্ৰধান অসীম মুনিৰে এমাহত দুবাৰকৈ আমেৰিকা ভ্ৰমণ কৰিছিল। ইয়াৰ ফলত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ইফালে ট্ৰাম্পে পাকিস্তানৰ সৈতে ইন্ধন চুক্তিৰ কথা ঘোষণা কৰাৰ পিছত মুনিৰে নিজৰ দেশতে দাবী কৰিছিল যে বেলুচিস্তানত খনিজ পদাৰ্থ নিষ্কাশনৰ পৰা পাকিস্তানে বছৰি ২ বিলিয়ন ডলাৰ উপাৰ্জন কৰিব। কিন্তু এই খনিজ পদাৰ্থ বা তেলৰ সন্ধানত কোনো অগ্ৰগতি হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd