NORTHEAST NOW (Assamese)

কুৎসিত মহিলাৰ বিবাহৰ বাবে সহায়ক হয় যৌতুক! পাঠ্যক্ৰমত যৌতুকৰ সমৰ্থনত আজৱ যুক্তি!

April 9, 2022 9:03 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 9, 2022 9:35 pm

যৌতুক প্ৰথা! দেশত আইনীভাৱে নিষিদ্ধ হ’লেও এক সামাজিক নিয়মৰ দৰেই অব্যাহত আছে যৌতুক প্ৰথাৰ প্ৰচলন। কন্যাৰ বিবাহৰ সময়ত কন্যাৰ লগতে নানা বয়-বস্তুৰ উপঢৌকন তথা উপহাৰ সমলেৰে স্বামী গৃহলৈ পঠিইওৱাটো এতিয়া বিবাহৰ এক স্বাভাৱিক নিয়ম যেনেই হৈ পৰিছে। আকৌ কেতিয়াবা যৌতুকৰ দাবীত স্বামীগৃহত গাৰ্হস্থ্য হিংসাৰো বলি হৈছে কন্যা।

তেনে সময়তে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ এটা সংস্থাই যৌতুকৰ প্ৰতি আগবঢ়াইছে মুকলি সমৰ্থন। আইনীভাৱে নিষিদ্ধ এটা ঘৃণনীয় প্ৰথাৰ সমৰ্থনত পাঠ্যক্ৰম প্ৰস্তুত কৰিছে এটা চৰকাৰী সংস্থাই।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন কিতাপৰ এটা বিশেষ পৃষ্ঠাৰ ছবি। উক্ত পৃষ্ঠাটোত উল্লেখ কৰা হৈছে যৌতুক প্ৰণালীৰ “গুণাগুণ আৰু সুবিধা”! এই বিশেষ পৃষ্ঠাটো নাৰ্ছৰ পাঠ্যক্ৰমৰ বাবে প্ৰস্তুত কৰা সমাজবিজ্ঞানৰ পাঠ্যপুথিৰ পৰা তুলি দিয়া হৈছে। নাৰ্চিং শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমৰ এই কিতাপখনৰ বেটুপাতত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কিতাপখন ভাৰতীয় নাৰ্চিং পৰিষদৰ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।

https://www.youtube.com/watch?v=DVFZikOK1a8

পৃষ্ঠাটোত উল্লেখ কৰা হৈছে যে যৌতুক প্ৰথা এগৰাকী কন্যাৰ বাবে নতুন পৰিয়াল স্থাপনত সহায়ক হয়। লগতে দেশত যৌতুক প্ৰথাৰ জৰিয়তে কি কি সামগ্ৰী দিয়া হয় তাৰো এক আভাস পাঠটোত দিয়া হৈছে।

যৌতুকৰ অন্য এক গুণ হিচাপে দেখুওৱা হৈছে যে যৌতুক সম্পত্তিৰ উত্তৰাধিকাৰৰ এক সফল ভাগ-বতৰা। পাঠ্যপুথিৰ মতে কন্যাসকলে যৌতুকৰ যোগেদি পিতৃ-মাতৃৰ সম্পত্তিৰ অংশ লাভ কৰে।

আনহাতে পাঠটোত কোৱা হৈছে যে যৌতুক পৰিশোধ কৰাৰ প্ৰত্যাশাৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ পিতৃ-মাতৃয়ে ছোৱালীসকলক শিক্ষিত কৰি তোলে। কন্যা গৰাকী শিক্ষিত হ’লে তথা যিকোনো বৃত্তিত নিয়োজিত হৈ থাকিলে যৌতুকৰ দাবী হ্ৰাস পায় বুলি যুক্তি দিয়া হৈছে। অৰ্থাৎ পাঠটোৰ মতে কন্যা সকলক শিক্ষিত কৰি তোলাটো হৈছে যৌতুক প্ৰথাৰ এক পৰোক্ষ সুবিধা।

আটাইতকৈ আশ্চৰ্যজনকভাৱে পাঠটোত উল্লেখ কৰা হৈছে যে কুৎসিত কন্যা সকলে আকৰ্ষণীয় যৌতুকৰ জৰিয়তে বিবাহ পাশত আৱদ্ধ হ’ব পাৰে! কেনে এক নিকৃষ্ট মানসিকতাৰ হ’লে এনে চূড়ান্ত বৰ্ণ বৈষম্যৰ মুকলি প্ৰকাশ কৰিব পাৰে সেইয়া চিন্তা কৰক।

এতিয়া চাওঁ আহক ভাৰতে আইনীভাৱে যৌতুকক কি দৰে স্বীকৃতি দিয়ে। ভাৰতত যৌতুক প্ৰথাক আইনগতভাৱে নিষিদ্ধ কৰা হৈছে। যৌতুকক নিষিদ্ধ কৰিবৰ বাবে ১৯৬১ চনত গ্ৰহণ কৰা হৈছিল যৌতুক নিষিদ্ধকৰণ আইন। পৰৱৰ্তী সময়ত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৪বি আৰু ৪৯৮এ- ৰ দ্বাৰা ভাৰতীয় আইনৰ অধীনত যৌতুক প্ৰথা নিষিদ্ধ কৰা হৈছে।

যৌতুক নিষিদ্ধকৰণ আইন, দেশত ১ মে, ১৯৬১ তাৰিখে প্ৰণয়ন কৰা হৈছিল। এই আইনৰ উদ্দেশ্য আছিল যৌতুক দিয়া বা প্ৰাপ্ত কৰা প্ৰতিহত কৰা। যৌতুক নিষিদ্ধকৰণ আইন অনুসৰি যৌতুকত অন্তৰ্ভুক্ত থাকে বিবাহৰ সময়ত যিকোনো পক্ষৰ পিতৃ-মাতৃ বা আন কোনোবাই প্ৰদান কৰা যিকোনো সম্পত্তি বা সামগ্ৰী, বা বিবাহৰ বাবে কোনো পক্ষই দিয়া ধনৰ উপঢৌকন।

যদি কোনো ব্যক্তিয়ে বিবাহৰ বাবে যৌতুক দিয়ে বা গ্ৰহণ কৰে তেতিয়া এই আইনৰ অধীনত তেওঁক নিম্নতম পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ব। তদুপৰি অভিযুক্তৰ বিৰুদ্ধে নিম্নতম পোন্ধৰ হাজাৰ টকা বা যৌতুকৰ মূল্যৰ সমপৰিমাণৰ ধনৰাশিৰ জৰিমনা আৰোপ কৰা হয়।

যৌতুকক শাস্তিযোগ্য অপৰাধ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ ভাৰতীয় অপৰাধ আইনসমূহ ব্যাপকভাৱে সংশোধন কৰা হৈছিল।ভাৰতীয় দণ্ডবিধি, ১৮৬০ত ধাৰা 304বি যোগ কৰা হৈছিল। এই ধাৰাৰ অধীনত যৌতুককেন্দ্ৰিক মৃত্যুক এক নিৰ্দিষ্ট অপৰাধ হিচাপে গণ্য কৰা হৈছে।

এনে অপৰাধীৰ বাবে নিম্নতম ৭ বছৰৰ কাৰাদণ্ডৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ দিহা কৰা হৈছে।

আনহাতে ধাৰা ৪৯৮এ অনুসৰি এগৰাকী মহিলাক যদি যৌতুকৰ দাবীত স্বামী বা স্বামীৰ আত্মীয়ই শাৰীৰিক বা মানসিক অত্যাচাৰ কৰে, অভিযুক্তক তিনি বছৰলৈকে কাৰাদণ্ডৰ লগতে জৰিমনাও আৰোপ কৰা হ’ব পাৰে।

এতিয়া দেশত ন্যায়িকভাৱে নিষিদ্ধ প্ৰথা এটাৰ সপক্ষে চৰকাৰী বিভাগ এটাৰ অধীনস্থ সংস্থা এটাই কিদৰে প্ৰচাৰ কৰিব পাৰে, ই চিন্তনীয় । ইতিমধ্যে পাঠ্যক্ৰমৰ এই বিশেষ পৃষ্ঠাটোৰ বিৰুদ্ধে সৰ্বত্ৰে চৰ্চা চলিছে। শিৱসেনাৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক এই সন্দৰ্ভত তাৎক্ষণিক পদক্ষেপ ল’বলৈ দাবী জনোৱাৰ লগতে এনে লজ্জাজনক পুস্তিকাসমূহ আঁতৰাই পাঠ্যক্ৰম পুনৰ প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে।

চতুৰ্বেদীয়ে কয়, “যৌতুকৰ গুণাগুণ বৰ্ণনা কৰা পাঠ্যপুথি এখন আমাৰ পাঠ্যক্ৰমত কেনেদৰে থাকিব পাৰে! এয়া আমাৰ দেশ আৰু দেশৰ সংবিধানৰ বাবে লজ্জাজনক।”

 

যৌতুকৰ সমস্যাই ভাৰতক এই একবিংশ শতিকাতো পীড়িত কৰি আহিছে। যৌতুকৰ নামত মহিলাসকলে সন্মুখীন হোৱা শাৰীৰিক আৰু মানসিক উৎপীড়নৰ বিষয়ে দৈনিক ঘটনাৰ প্ৰতিবেদন পোৱা গৈছে। এনে অত্যাচাৰে আত্মহত্যাৰ ফালেও ঠেলি দিছে ভাৰতীয় সমাজৰ মহিলাক।

ইয়াৰ পিছতো চৰকাৰী বিভাগ এটাৰ তত্বাৱধানত যৌতুক প্ৰথাৰ সমৰ্থনত প্ৰস্তুত কৰা হৈছে শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰম। একবিংশ শতিকাৰ এই যুগত উৰ্ধগামী সমাজৰ সৃষ্টিৰ সময়ত এনে নিম্নগামী চেতনাৰ কিয় সৃষ্টি কৰা হৈছে ভাবি চাওক। সমাজক পোহৰৰ পথ দেখুওৱা মূল আধাৰ শিক্ষাকেই এনে নিকৃষ্ট আৰু ঘৃণনীয় প্ৰথাৰ প্ৰচাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হ’ল।

শেহতীয়াকৈ দেশত উজান উঠিছে ইতিহাসৰ পৰা ভাৰতীয় সংস্কৃতিৰ পুনৰ তুলি অনাৰ জোৰদাৰ প্ৰয়াস। যৌতুকক যদি এই ভাৰতীয় সংস্কৃতিৰ অংশ বুলি প্ৰকাশ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, তেতিয়াহ’লে এনে সংস্কৃতিৰ বিৰোধ কৰা হওক। নহ’লে যৌতুকৰ দৰে ঘৃণনীয় প্ৰথাৰ নামত অবদমন আৰু অত্যাচাৰৰ এক নিকৃষ্ট প্ৰক্ৰিয়াই মান্যতা পাবলৈ বেছি সময় নালাগিব।

Related News