Euro 2024: আগবাঢ়িও পৰাস্ত শ্লোভাকিয়া, দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে ২-১ গ’লত জয়ী যুদ্ধবিধ্বস্ত ইউক্ৰেইন

ফটোঃ সংগ্ৰহীত।

ইউৰোত গ্ৰুপ ‘ই’ৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। প্ৰথমখন মেচত বেলজিয়ামক পৰাস্ত কৰি চমক দিছিল শ্লোভাকিয়াই। কিন্তু শুকুৰবাৰে তেওঁলোকে প্ৰথমে গ’ল কৰি আগবাঢ়ি যোৱাৰ পিছতো ইউক্ৰেইনৰ হাতত পৰাস্ত হয়।

ইপিনে, প্ৰথমখন খেলত ৰোমানিয়াৰ হাতত পৰাস্ত হয় ইউক্ৰেইন। সেই আঘাত চম্ভালি প্ৰত্যাৱৰ্তনেৰে যুঁজলৈ উভতি আহিল যুদ্ধবিধ্বস্ত দেশখন। ০-১ গ’লত পিছ পৰি থকাৰ পাছতো ইউক্ৰেইনে ২-১ গ’লত জয়ী হৈ সন্তুষ্টিৰে খেলপথাৰ এৰিলে।

জাৰ্মানীৰ ডাচেলডৰ্ফ ষ্টেডিয়ামত ফেভাৰিট হিচাপে খেলপথাৰত প্ৰৱেশ কৰে শ্লোভাকিয়াই। আৰু ইউক্ৰেইনক পৰাস্ত কৰিলেই শেষৰ ষোল্লটা স্থানত নিজৰ স্থান নিশ্চিত কৰিব পাৰিলেহেঁতেন। কিন্তু ভৱা কথা নহ’ল সিদ্ধি। আনহাতে, ইউক্ৰেইনৰ বাবে এই মেচখন আছিল বৰ্তি থকাৰ যুঁজ। এই মেচখনত পৰাজয়ে তেওঁলোকক ইউৰোৰ পৰা কাৰ্যতঃ বাহিৰ কৰি দিলেহেঁতেন।

লগতে পঢ়কঃ ICC T-20 World Cup: ব্ৰুকৰ বিধ্বংসী ইনিংছো কামত নাহিল; ইংলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলৰ দিশে দক্ষিণ আফ্ৰিকা

সেই চাপত ইউক্ৰেইনে খেলিবলৈ আৰম্ভ কৰে। আৰম্ভণিতে তেওঁলোকে যথেষ্ট ছন্দহীন ফুটবল খেলিছিল। বৰঞ্চ শ্লোভাকিয়া আক্ৰমণাত্মক মেজাজত আছিল। তেওঁলোকৰ আক্ৰমণত ইউক্ৰেইন তিষ্ঠিৱই পৰা নাছিল। খেলখনৰ ১০ মিনিটৰ ভিতৰতে শ্লোভাকিয়াই দুবাৰকৈ আগবাঢ়ি যোৱাৰ সুযোগ পাইছিল। কিন্তু সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰি পিছত মেচখনত পৰাস্ত হৈ তাৰ মূল্য ভৰিবলগীয়া হ’ল।

শ্লোভাকিয়াই অৱশ্যে আক্ৰমণৰ পৰা আঁতৰি নাহিল। যাৰ সুফল তেওঁলোকে খেলৰ ১৭ মিনিটত পায়। ইভান সাৰঞ্জে শ্লোভাকিয়াক আগুৱাই লৈ যায়। অৱশ্যে গ’ল দিয়াৰ পাছত ইউক্ৰেইন উজ্জীৱিত হৈ পৰে। শ্লোভাকিয়াৰ প্ৰতিৰক্ষাত কেইবাবাৰো আক্ৰমণো চলায়। কিন্তু গ’ল পোৱা নগ’ল। ইউক্ৰেইনৰ এবাৰ পোষ্টতো বল লাগে। অৱশ্যে প্ৰথমাৰ্ধত গ’ল কৰিব নোৱাৰিলে। পিছপৰি থাকিয়েই বিৰতিত যায়।

বিৰতিৰ পিছত ইউক্ৰেইনে ‘হয় ইপাৰ, নহয় সিপাৰ’ ভংগীত খেলিবলৈ আৰম্ভ কৰিলে। গ’লৰ বাবে হাহাকাৰ কৰি জপিয়াই পৰে। শ্লোভাকিয়াৰ ওপৰত আক্ৰমণাত্মক চলাই থাকিল। খেলখনৰ ৫৪ মিনিটত তেওঁলোকে অক্সিজেন লাভ কৰে। প্ৰত্যাক্ৰমণত মাইকোলা শ্বাপাৰেংকোৱে সমতা স্থাপন কৰে। ইউক্ৰেইনৰ ১-১ গ’লত ড্র হোৱাৰ পাছত দুয়োটা দলৰ মাজত খেলখন অধিক আকৰ্ষণীয় হৈ পৰে।

লগতে পঢ়কঃ প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে NTA-ই স্থগিত ৰাখিলে CSIR-UGC NET পৰীক্ষা

দুয়োটা দলে ব্যৱধান বৃদ্ধি কৰিবলৈ আক্ৰমণৰ তীব্ৰতা বৃদ্ধি কৰিলে। অৱশ্যে ইউক্ৰেইনে ৮০ মিনিটত শ্লোভাকিয়াৰ বিৰুদ্ধে ব্যৱধান ২-১ কৰে। ছুপাৰ চাব ৰোমান ইয়াৰেমচুকৰ চকু কপালত তোলা গ’লে শ্লোভাকিয়াৰ পৰৱৰ্তী ৰাউণ্ডলৈ যোৱাৰ সপোন ভাঙি পেলায়। শ্বাপাৰেংকোৰ ক্ৰছৰ পৰা ইয়াৰেমচুকে নিখুঁতভাৱে বল নিয়ন্ত্ৰণ কৰি নেটত প্ৰৱেশ কৰোৱায়। শেষত চেষ্টা কৰাৰ পিছতো শ্লোভাকিয়াই মেচলৈ ঘূৰি আহিব নোৱাৰিলে। ২-১ গ’লত পৰাস্ত হৈ খেলপথাৰ এৰিব লগা হয়৷