• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC T-20 World Cup: ব্ৰুকৰ বিধ্বংসী ইনিংছো কামত নাহিল; ইংলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলৰ দিশে দক্ষিণ আফ্ৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2024 8:08 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰুপ পৰ্যায়ৰ পৰা ছুপাৰ এইটলৈ ইংলেণ্ডৰ পথ সম্পূৰ্ণ মসৃণ নাছিল। স্কটলেণ্ডৰ দৰে দেশৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হৈছিল। আনহাতে দক্ষিণ আফ্ৰিকাই ৪খন মেচৰ ৪ খন জয়ৰে ছুপাৰ এইটত প্ৰৱেশ কৰে। সেই অপৰাজিত ধাৰাটো তেওঁলোকে বজাই ৰাখিলে।

শুকুৰবাৰে ছেইণ্ট লুচিয়া ষ্টেডিয়ামত মাৰ্কৰাম বাহিনীয়ে শেষ হাঁহি মাৰিলে। টী-২০ বিশ্বকাপ ২০২৪ ৰ ৰুদ্ধশ্বাস মেচত ইংলেণ্ডক ৭ ৰাণত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলৰ দিশে এখোজ আগবাঢ়িলে।

খেলখনত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি বেটিং লৈ দুৰ্দান্ত আৰম্ভণি কৰে। কুইণ্টন ডি ককে বিস্ফোৰক অৰ্ধশতক কৰে। আনহাতে, হেণ্ড্ৰিক্স (১৯)ৰ বেট ইমান নচলিল। কিন্তু ইংলেণ্ডৰ বলাৰসকলক ডি ককৰ সন্মুখত অসহায় যেন দেখা গৈছিল। ৩৮ টা বলত ৬৫ ৰানত তেওঁৰ ইনিংছ স্তব্ধ হৈ পৰে।

Apply Now
ফটো সৌজন্যঃ আইচিচি।

অৱশ্যে ডেভিদ মিলাৰ (৪৩)ৰ বাহিৰে কোনেও ৰান ৰেট বজাই ৰাখিব পৰা নাছিল। ক্লাচেন (৮), মাৰ্কৰাম (১), ট্ৰিষ্টান ষ্টাবছ (১২), মাৰ্কো জান্সেন (০) আটাইকেইজনেই বিফল হয়। শেষত দক্ষিণ আফ্ৰিকাই ৬টা উইকেট হেৰুৱাই ১৬৩ ৰানত কৰে।

কিন্তু ইংলেণ্ডৰ বেটিঙত টপ অৰ্ডাৰৰ সেই পৰিচিত আক্ৰমণ দেখা নগ’ল। ফিল ছল্ট ১১ ৰানত আউট হয়। পৰৱৰ্তী তিনিজন বেটছমেনৰ ষ্ট্ৰাইক ৰেট ১০০ৰ তলত। জোছ বাটলাৰ (১৭), জনী বেয়াৰষ্ট’ (১৬), ম’ইন আলী (৯)ৰ লেহেমীয়া বেটিঙত যোৱাবাৰৰ চেম্পিয়ন বহু পিছ পৰি ৰ’ল৷ ক’ব পাৰি, কেশৱ মহাৰাজৰ (২৫/২) স্পিনে তেওঁলোকক বান্ধি ৰাখিছিল।

ফটো সৌজন্যঃ আইচিচি।

কিন্তু পৰৱৰ্তী অভাৰত হেৰী ব্ৰুক (৫৩) আৰু লিয়াম লিভিংষ্টনে (৩৩) আক্ৰমণাত্মক বেটিং কৰে। তাৰ পৰাই মেচখন ৰুদ্ধশ্বাস পৰিস্থিতিৰ ফালে ঘূৰি গ’ল। ইমান সময় যিটো দক্ষিণ আফ্ৰিকাৰ হাতত থকা যেন লাগিছিল, ইংলেণ্ডৰ বেটছমেন দুজনে কাঢ়ি লৈ গৈছিল। প্ৰটিয়া বলাৰসকলে কিছু জঘণ্য বলিং কৰি তেওঁলোকৰ বাবে কাম সহজ কৰি তুলিছিল।

কিন্তু দক্ষিণ আফ্ৰিকাৰ দুৰ্দান্ত ফিল্ডিঙে তেওঁলোকক ৰক্ষা কৰিলে। মাৰ্কৰামৰ হাতত কেচ দি হেৰী ব্ৰুক উভতি যায়। আৰু তাতেই মেচখনৰ ভৱিষ্যত প্ৰায় লিখা হৈ গ’ল। ছেম কাৰানৰ (১০) প্ৰচেষ্টাই ইংলেণ্ডক জয়ী কৰিব নোৱাৰিলে।

ফটো সৌজন্যঃ আইচিচি।

ছুপাৰ এইটত দুয়োটা দলে প্ৰথমখন মেচত জয়লাভ কৰিছিল। ফলত এই মেচখনত যিয়েই জয়ী হয় তাৰেই সুবিধা। পইণ্ট টেবুলৰ সংখ্যাৰ জটিলতাবোৰ মনত ৰাখিও এইটো নিসংকোচে কব পাৰি। দক্ষিণ আফ্ৰিকাই সেই কামটো কৰিলে। লগতে ৰান ৰেটও বহুত বৃদ্ধি কৰি ৰাখিলে। দুখন মেচত ৪ পইণ্ট লাভ কৰি মাৰ্কৰামৰ দলটোৱে ছেমি ফাইনেলত প্ৰৱেশৰ দিশত এঢাপ আগবাঢ়ি থাকিল।

সংক্ষিপ্ত স্কোৰঃ

দক্ষিণ আফ্ৰিকা: ১৬৩/৬ (কুইণ্টন ডি কক ৬৫, ডেভিদ মিলাৰ ৪৩, আৰ্চাৰ ৪০/৩)

ইংলেণ্ডঃ ১৫৬/৬ (হেৰী ব্ৰুক ৫৩, লিভিংষ্টন ৩৩, কেশৱ মহাৰাজ ২৫/২)

দক্ষিণ আফ্ৰিকাই ৭ ৰানত জয়লাভ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd