শান্তি আলোচনা চলি থকাৰ মাজতে আমেৰিকাৰ পৰা সেউজ সংকেত লাভকৰি ইউক্ৰেইনে ৰাছিয়াৰ সেনাবাহিনীৰ ওপৰত আৰম্ভ কৰিছে বিধ্বংসী আক্ৰমণ। বিগত ৭২ ঘণ্টাত ৩,৯৩৯ জন ৰাছিয়ান সেনা নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে। দ্য কিয়েভ ইণ্ডিপেণ্ডেণ্টৰ প্ৰতিবেদন অনুযায়ী, ১১ মাৰ্চত ১,৩০০ জন, ১২ মাৰ্চত ১,৪৩০ জন আৰু ১৩ মাৰ্চত ১,২০০ জন ৰাছিয়ান সৈন্যক হত্যা কৰা হৈছে। এনেদৰে তিনিদিনত মুঠ ৩,৯৩০ জন ৰাছিয়ান সেনা নিধন হৈছে।
ইয়াৰ আগতে ১ মাৰ্চত হোৱাইট হাউচত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভ’ল’ডিমিৰ জেলেনস্কিৰ মাজত হোৱা বৈঠকত মতবিৰোধৰ সৃষ্টি হয়। ইয়াৰ পিছত আমেৰিকাই ইউক্ৰেইনক গুপ্তচৰ তথ্যৰ সৰবৰাহ বন্ধ কৰে। এই তথ্য অবিহনে ইউক্ৰেইনৰ সেনাই প্ৰথমে বিশেষ সফলতা লাভ কৰিব পৰা নাছিল, কিন্তু পৰৱৰ্তী সময়ত আমেৰিকাৰ সহায়ত লাভ কৰা গোপন তথ্যৰ জৰিয়তে তেওঁলোকে ৰাছিয়ান সেনাৰ ওপৰত ব্যাপক আক্ৰমণ তীব্ৰ কৰে।
সূত্ৰমতে, গুপ্ত তথ্য পোৱাৰ পিছত ইউক্ৰেইনৰ সেনাই প্ৰতি ঘণ্টাত ৫৫ জন ৰাছিয়ান সৈন্য হত্যা কৰিবলৈ সক্ষম হৈছে। আগতে এই সংখ্যা প্ৰতি ঘণ্টাত ৪০ জন আছিল। ইয়াৰোপৰি যোৱা তিনিদিনত ৰাছিয়াৰ ১৫ খন টেংক ধ্বংস হোৱা বুলি ইউক্ৰেইনে দাবী কৰিছে। ৰাছিয়াৰ স্থলযুদ্ধৰ শক্তি হ্ৰাস কৰাৰ লক্ষ্যৰে জেলেনস্কীয়ে আৰ্টিলাৰী ব্যৱস্থা আৰু টেংক ধ্বংসকৰণত গুৰুত্ব দিছে।
ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে, যুদ্ধ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ৰাছিয়াৰ প্ৰায় ৮ লাখ ৯০ হাজাৰ সৈন্য নিহত হৈছে। যদিও ৰাছিয়া চৰকাৰে এই তথ্য নিশ্চিত কৰা নাই। উল্লেখযোগ্য যে, ৰাছিয়াই ব্যক্তিগত সামৰিক বাহিনী আৰু কয়দীসকলকো যুদ্ধত নিয়োগ কৰি আছে। ইয়াৰ উপৰিও উত্তৰ কোৰিয়াৰ ২০ হাজাৰ সৈন্যক ৰাছিয়াৰ হৈ যুদ্ধক্ষেত্ৰত মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে। এতিয়ালৈকে ৰাছিয়াৰ ১০,২৯২ টা টেংক, ৩৭০ খন যুদ্ধবিমান আৰু ৩৩১ খন হেলিকপ্টাৰ ধ্বংস হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
ইউক্ৰেইনৰ সেনাই পুটিনৰ বাহিনীক পৰাস্ত কৰিবলৈ গেৰিলা যুদ্ধৰ কৌশল অৱলম্বন কৰিছে। সম্প্ৰতি ইউক্ৰেইনৰ সেনাই ৰাছিয়ান সৈন্যৰ বাংকাৰত মৌ-মাখি এৰি থৈ যোৱাৰ এক ঘটনাও ৰিপৰ্ট হৈছে। যুদ্ধই ভৱিষ্যতে কোন দিশে গতি কৰে সেয়া সময়েহে নিৰ্ধাৰণ কৰিব।