• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

নেপালৰ পিছত এইবাৰ ইউক্ৰেইন! শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মন্ত্ৰীসহ ১৮ গৰাকীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2023 6:13 pm
Chopper Crash in Ukraine
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ শোকাৱহ বিমান দুৰ্ঘটনাই বিশ্বজুৰি সৃষ্টি কৰা চাঞ্চল্য মাৰ নাযাওঁতেই আন এক ভয়াৱহ বিমান দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ এই দুৰ্ঘটনা সংঘটিত হৈছে ইউক্ৰেইনত। আজি ৰাজধানী কিয়েভৰ পৰা কিছু দূৰত্বৰ ব্ৰ’ভাৰী চহৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত ইউক্ৰেইনৰ গৃহ মন্ত্ৰীৰ লগতে তিনি শিশুসহ ১৮ গৰাকী লোক নিহত হয়।

যাত্ৰীবাহী হেলিকপ্টাৰখনে ব্ৰ’ভাৰী চহৰৰ এক শিশুৰ প্ৰাক্ প্ৰাথমিক শিক্ষানুষ্ঠান আৰু এটা আৱাসিক অট্টালিকাৰ কাষতে খুন্দা মৰাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হয়। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কিছু ফুটেজত এই ভয়াৱহ দুৰ্ঘটনাৰ পাছৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে।

Apply Now

 

🇺🇦🔥🚁”As a result of a helicopter crash near a kindergarten in Brovary, 5 people lost their lives, among them may be children,” — the speaker of the Kiev region police Irina Pryanishnikova.

— AZ 🛰🌏🌍🌎 (@AZgeopolitics) January 18, 2023

ইউক্ৰেইনৰ আৰক্ষী সেৱাৰ মুৰব্বী ইগ’ৰ ক্লাইমেংকোৱে এক বিবৃতিত কয় যে ব্ৰ’ভাৰীত ৰাজ্যিক জৰুৰীকালীন সেৱাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান দুৰ্ঘটনাৰ ফলত গৃহ মন্ত্ৰালয়ৰ দায়িত্বত থকা ডেনিছ মনাষ্টিৰ্স্কিৰ মৃত্যু হয় বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

ইগ’ৰ ক্লাইমেংকোৱে সদৰী কৰা মতে গৃহ মন্ত্ৰী ডেনিছ মনাষ্টিৰ্স্কি আৰু তেওঁৰ প্ৰথম উপ-গৃহমন্ত্ৰী য়েভগেনি য়েনিন দুয়োৰে মৃত্যু হয়। আনহাতে কিয়েভৰ গৱৰ্ণৰ অলেক্সি কুলেবাই এই দুৰ্ঘটনাত তিনি শিশুসহ ১৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে।

তেওঁ লগতে কয় যে দুৰ্ঘটনাত ১৫ টি শিশুসহ ২৯ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক প্ৰয়োজনীয় সকলো চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। জৰুৰীকালীন সেৱা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৪২ বৰ্ষীয় ডেনিছ মনাষ্টিৰ্স্কিয়ে ২০২১ চনৰ জুলাই মাহৰ পৰা ইউক্ৰেইনৰ গৃহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লডিমিৰ জেলেনস্কিৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ সদস্য আছিল মনাষ্টিৰ্স্কি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd