NORTHEAST NOW (Assamese)

যুদ্ধৰ পাৰ্শ্বক্ৰিয়া! ক্ষত-বিক্ষত হাত-মুখ; যুদ্ধবন্দী সেনাৰ ফটো দেখি শিঁয়ৰি উঠিছে বিশ্ব

September 30, 2022 11:55 am · এন ই নাও নিউজ, গুৱাহাটী

Ukraine releases shocking before and after images of a soldier ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধকলৈ সৰৱ বিশ্ব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনকে ধৰি কেইবাখনো পশ্চিমীয়া দেশে যুদ্ধ সন্দৰ্ভত ৰাছিয়াৰ স্থিতিক তীব্ৰ গৰিহণা দিছে। শেহতীয়াকৈ ৰাছিয়াৰ বন্দীত্বৰ পৰা সাৰি যোৱা ইউক্ৰেইনৰ এজন সৈনিকৰ এখন কৰুণ ছবি ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে।

ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে টুইটাৰত ইউক্ৰেইনৰ সৈনিক মিখাইলো দিয়ানোভৰ এখন ফটো শ্বেয়াৰ কৰিছে। সেই পোষ্টটোত তেওঁক ভাগ্যৱান বুলিও কোৱা হৈছে।

লগতে পঢ়ক: কমলা হেৰিছে ভ্ৰমণ সমাপ্ত কৰি গুচি যোৱাৰ পিছতেই ক্ষেপণাস্ত্ৰ নিক্ষেপ উত্তৰ কোৰিয়াৰ

ছবিখনত তেওঁৰ মুখ আৰু সোঁ হাতত একাধিক আঘাতৰ চিহ্ন আছে। ছবিখনৰ কেপশ্যনত লিখা হৈছে, “মিখাইলো দিয়ানোভ সৌভাগ্যৱানসকলৰ মাজৰ এজন! তেওঁ ৰাছিয়াৰ বন্দীত্বৰ পৰা সাৰি উভতিছে”।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মিখাইলো দিয়ানোভক কিয়েভ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ আঘাত গুৰুতৰ।

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন উপদেষ্টা এণ্টন গেৰাছেঙ্কোৱে কৈছে যে তেওঁ এখন হাতৰ চাৰি চেণ্টিমিটাৰ হাড় ভাঙিছিল। চিকিৎসা আৰু স্বাস্থ্যসেৱাৰ জৰিয়তে তেওঁক আৰোগ্য কৰাৰ প্ৰচেষ্টা চলি আছে।

লগতে পঢ়ক: Encounter Breaks Out in J&K: পুনৰ উপত্যকাত উত্তেজনা; তুমুল সংঘৰ্ষত কঁপি উঠিল শ্বোপিয়ান

কিয়েভ ইণ্ডিপেণ্ডেণ্ট নিউজ আউটলেটৰ মতে ইউক্ৰেইনৰ আজভ ৰেজিমেণ্টৰ সদস্য মিখাইলো দিয়ানোভক ২১ ছেপ্টেম্বৰত মুকলি কৰা হয়। তেওঁক আন ২১৫ জন বন্দীৰ সৈতে মুক্তি দিয়া হয়।

এই যুদ্ধৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে এনে বহুতো ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে যিবোৰে হৃদয় কঁপাই তুলিছে। কিন্তু ইউক্ৰেইনৰ সেনাৰ এই ছবিখনে আগৰ সকলোকে চেৰ পেলাই ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে।

https://twitter.com/DefenceU/status/1573346176396664833?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1573346176396664833%7Ctwgr%5E8dae2ac33acd6a80e52d3ea6bdc03a89a324266a%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.ndtv.com%2Fworld-news%2Fukraine-releases-shocking-before-and-after-pictures-of-soldier-captured-by-russians-3380445

দাবী কৰা হৈছে যে ইউক্ৰেইনৰ এই সৈনিকজনক ৰাছিয়াৰ সৈন্যই বন্দী কৰিছিল। তেওঁৰ ওপৰত ইমান অত্যাচাৰ কৰা হৈছিল যে এতিয়া এই সেনা জোৱানজনে আইনাৰ সন্মুখত থিয় হৈ নিজকে চিনাক্ত কৰিব পৰা নাই।

মাত্ৰ পাঁচ মাহতে তেওঁৰ এই অৱস্থা হৈছিল বুলিও দাবী কৰা হৈছে। ইউক্ৰেইনৰ সেনাৰ এই ছবিখন দেখি মানুহ আৱেগ বিহ্বল হৈ পৰিছে। তেওঁলোকে ৰাছিয়ান সেনাৰ প্ৰতি তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে।

Related News