Suicide bomb blast at an educational center in Kabul কাবুলৰ এটা শিক্ষা প্ৰতিষ্ঠানত আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। বাতৰি অনুসৰি এই ঘটনাত কমেও ২৩ জন লোক নিহত হৈছে। আহত হৈছে ২৭ জন। হতাহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।
শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৭:৩০ বজাত বিস্ফোৰণটো সংঘটিত হয়। কাবুলৰ পশ্চিম দিশে থকা ‘কাজ এডুকেশ্যন চেন্টাৰ’ হঠাতে ভয়ংকৰ শব্দত কঁপি উঠে। তেতিয়া তাত পৰীক্ষা চলি আছিল। বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে বহুতো শিক্ষাৰ্থীয়ে তাত প্ৰস্তুতি পৰীক্ষাত বহিছিল।
জানিব পৰা মতে, কোনো সংগঠনে এতিয়ালৈকে আত্মঘাতী বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। তালিবানৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে ঘটনাটোৰ খবৰ পোৱাৰ পিছতে তেওঁলোকৰ নিৰাপত্তা বাহিনী তাত গৈ উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে।
লগতে পঢ়ক: যুদ্ধৰ পাৰ্শ্বক্ৰিয়া! ক্ষত-বিক্ষত হাত-মুখ; যুদ্ধবন্দী সেনাৰ ফটো দেখি শিঁয়ৰি উঠিছে বিশ্ব
শেহতীয়াকৈ কাবুলৰ সেই অঞ্চলটোত কেইবাটাও আক্ৰমণৰ ঘটনা ঘটিছে। অঞ্চলটোত মুখ্যত: সংখ্যালঘুসকলে বাস কৰে। পৰ্যবেক্ষক মহলৰ একাংশৰ মতে তেওঁলোকক বাৰে বাৰে “লক্ষ্য” কৰি লোৱা হৈছে।
যোৱা বছৰ আগষ্টত আফগানিস্তানত তালিবান ক্ষমতালৈ আহিছিল। তেওঁলোকে কৈছিল যে তেওঁলোকৰ লক্ষ্য হৈছে দেশত শান্তি স্থাপন কৰা। কিন্তু যোৱা কেইমাহমানত তালিবান শাসিত আফগানিস্তানৰ পৰা কেইবাটাও অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা গৈছে।
লগতে পঢ়ক: Encounter Breaks Out in J&K: পুনৰ উপত্যকাত উত্তেজনা; তুমুল সংঘৰ্ষত কঁপি উঠিল শ্বোপিয়ান
আনহাতে, চৰকাৰখনৰ বিৰুদ্ধে নাগৰিকসকলৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপিত হৈছে। কেইবাটাও বিস্ফোৰণ তথা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কাবুলকে ধৰি আফগানিস্তানৰ প্ৰতিটো কোণত সন্ত্ৰাসবাদী কাৰ্যকলাপে সময়ৰ লগে লগে পুনৰ মূৰ দাঙি উঠিছে। তাৰমাজতে শুকুৰবাৰে পুৱাই শিক্ষা প্ৰতিষ্ঠানত সংঘটিত হ’ল এই আত্মঘাতী আক্ৰমণৰ ঘটনা।