• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ বিষয় ৰাছিয়া-ইউক্ৰেইন যুদ্ধ !

যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বেই ইউক্ৰেইনৰ পৰা ভাৰতীয় লোকক ওভতাই অনা নহ'ল কিয়?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 3, 2022 12:53 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হয় ,নিবনুৱা সমস্যা, খোৱাপানীৰ সমস্যা, কৃষকৰ সমস্যা, বিধ্বস্ত অৰ্থনীতিৰ কথা পাহৰি এতিয়া নিৰ্বাচনী প্ৰচাৰত দেশৰ প্ৰধানমন্ত্ৰীৰ মুখত শুনিবলৈ পাব অকল ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ কথা! ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ ঘটনাক মোদীৰ লগতে বিজেপিৰ একাংশ নেতাই উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰৰ বিষয় হিচাবে বাচি লোৱাৰ কথাই এতিয়া বহুতকে আমোদ দিছে।

ইউক্ৰেইনৰ সংকটে ভাৰতীয় জনতা পাৰ্টীক এতিয়া চলি থকা উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট বিচাৰিবলৈ যেন এক সুবিধাহে প্ৰদান কৰিলে৷ যোৱা কেইদিনমানৰ পৰা নিৰ্বাচনী জনসভাত বিজেপি নেতাসকলে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বিশ্বৰ নেতাসকলে ৰাছিয়া-ইউক্ৰেইন সংঘাত নিৰ্মূলৰ উপায় বিচাৰি পৰামৰ্শ বিচাৰিছে।

Apply Now

নিৰ্বাচনী সভাত বিজেপিৰ নেতাসকলে ইউক্ৰেইনত আবদ্ধ হৈ থকা প্ৰায় ২০,০০০ ভাৰতীয় শিক্ষাৰ্থীক ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাকো মোদীৰেই চমৎকাৰীতা বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে। অথচ যুদ্ধ লাগিব বুলি জনাৰ পিছতো মোদীয়ে ইউক্ৰেইনৰ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক দেশলৈ ওভতাই অনাৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা নাছিল। যি কাম আমেৰিকা, ব্ৰিটেইন আদি দেশে পূৰ্বেই কৰিছিল।

ইপিনে বিৰোধীয়ে বিজেপি নেতাসকলে মোদীক ত্ৰাণকৰ্তাৰ ৰূপত প্ৰতিষ্ঠা কৰিব বিচৰা কাৰ্যৰ সমালোচনা কৰিছে।

বহু বিৰোধী দলৰ নেতাই ইউক্ৰেইনত অসহনীয় জীৱন কটাই থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে।
বিগত কেইটামান দিনত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ কথা কমেও চাৰিবাৰকৈ ভাষণত ব্যৱহাৰ কৰি ভোটাৰসকলক উত্তৰ প্ৰদেশত তেওঁৰ দলক পুনৰ নিৰ্বাচিত কৰিবলৈ আহ্বান জনাইছে৷ উত্তৰ প্ৰদেশৰ দৰে এখন বৃহৎ ৰাজ্য চলোৱাৰ দায়িত্ব এজন কঠোৰ নেতাক দিয়া উচিত বুলি উল্লেখ কৰি মোডীয়ে যুক্তি দৰ্শাইছে যে কঠিন সময়ৰ বাবে কঠিন নেতাৰ প্ৰয়োজন। দেওবাৰে উত্তৰ প্ৰদেশৰ এক নিৰ্বাচনী জনসভাত মোডীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ‘অপাৰেশ্যন গংগা’ অভিযানৰ জৰিয়তে ইউক্ৰেইনত থকা ভাৰতীয় লোকক ভাৰতলৈ ঘূৰাই আনিবলৈ চেষ্টা চলাই আছে৷

লক্ষ্যণীয়ভাৱে, ‘অপাৰেশ্যন গংগা’ নামটোৱে নিৰ্বাচনমুখী ৰাজ্যখনৰ সৰ্ববৃহৎ নদীখনক প্ৰতিফলিত কৰে। তেওঁ কয় যে এই সময়বোৰে সকলো ভাৰতীয়লৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ভাৰত শক্তিশালী আৰু আত্মনিৰ্ভৰ হোৱাৰ প্ৰয়োজন। সোমবাৰে মহাৰাজগঞ্জত ইউক্ৰেইনৰ সংকটৰ ইংগিত দি তেওঁ জনসাধাৰণক কয় যে, বিশ্বই এক প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ মাজেৰে গতি কৰিছে আৰু এইক্ষেত্ৰত ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজন আছে। তেওঁ লগতে কয়, এইবাৰ আপোনাৰ ভোট স্থানীয় সমস্যাৰ বাবে, ভাৰত আৰু উত্তৰ প্ৰদেশক শক্তিশালী কৰাৰ বাবে।

বুধবাৰে, ৰবাৰ্টগঞ্জতো তেওঁ পুনৰ ‘অপাৰেশ্যন গংগা’ৰ বিষয়ে আলোকপাত কৰে। তেওঁ দাবী কৰে, ভাৰতৰ বৰ্ধিত শক্তিৰ বাবেই দেশ খনে ইউক্ৰেইনত আবদ্ধ হৈ থকা আমাৰ নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ সক্ষম হৈছোঁ, যাৰ বাবে আমি ‘অপাৰেচন গংগা’ অভিযান চলাই আছোঁ৷ বিজেপিৰ নেতাসকলে উত্তৰ প্ৰদেশত বিৰোধীক আক্ৰমণ কৰিবলৈ ইউক্ৰেইন বিষয়টো ব্যৱহাৰ কৰিছে। দেওবাৰৰ ৰেলীৰ সময়ত মোদীয়ে কয় যে, প্ৰতিবছৰে ভাৰতৰ প্ৰতিৰক্ষা বাহিনীক উন্নীত কৰিব লাগিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি নেতাসকলে উত্তৰ প্ৰদেশত ৰাছিয়া-ইউক্ৰেইন সংকটত নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰা বিষয়টোক লৈ সৰব হৈ পৰিছে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহ৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে লক্ষ্ণৌৰ এগৰাকী ছাত্ৰীৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। ছাত্ৰীগৰাকী কীয়েভত আবদ্ধ হৈ আছে।

প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ টুইটত কয়, মই চৰকাৰক তেওঁলোকে কৰিব পৰা সকলোখিনি কৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে শিক্ষাৰ্থীসকল সুৰক্ষিতভাৱে উভতি আহে। একেদৰে, কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই টুইট কৰি কয় যে, ইউক্ৰেইনত হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীয়ে স্বদেশলৈ উভতি যাবলৈ অপেক্ষা কৰি থকাৰ সময়ত বিজেপি প্ৰচাৰকসকল আত্মপ্ৰচাৰত ব্যস্ত হৈ আছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd