NORTHEAST NOW (Assamese)

ULFA-I Chief Paresh Baruah সাৰ্বভৌমত্বৰ বিষয়ত কোনো আপোচ নহয়; স্পষ্ট কৰিলে আলফা(স্বা:)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই

November 19, 2021 7:00 am · এন ই নাও নিউজ, গুৱাহাটী

ULFA-I Chief Paresh Baruah ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ ঘোষিত সংযুক্ত মুক্তি বাহিনী, অসমৰ সৈতে ‘সাৰ্বভৌমত্বৰ মূল দাবী’ক লৈ আলোচনা কৰিবলৈ সাজু হোৱা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী বুলি দাবী কৰি এখন ৰাষ্ট্ৰীয় কাকতে প্ৰকাশ কৰা এক প্ৰতিবেদনৰ পাছতে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আলফা স্বাধীনৰ মুৰব্বী গৰাকীয়ে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে বিদ্ৰোহী সংগঠনটোৱে ‘আগন্তুক দিনত অসমৰ সাৰ্বভৌমত্বৰ সৈতে আপোচ নকৰে’।

বিবৃতিটোত পৰেশ বৰুৱাই কয়,’’অসমৰ পূৰ্বৰ গৌৰৱ প্ৰতিষ্ঠা কৰিবলৈ চলোৱা ৪২বছৰ পুৰণি স্বাধীনতাৰ সংগ্ৰাম এতিয়াও অব্যাহত আছে। লগতে, অহা বছৰবোৰত অসমৰ সাৰ্বভৌমত্বক লৈ কেতিয়াও নহয়।‘’

ইতিমধ্যে ৰাষ্ট্ৰীয় কাকতখনত প্ৰকাশ পোৱা প্ৰতিবেদনৰ দাবীক নস্যাৎ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো মুখ্যমন্ত্ৰীয়ে ভাৰতৰ সাৰ্বভৌমত্বৰ বিষয়ক লৈ আলোচনা কৰিব নোৱাৰে।

ইয়াৰ পাছতে ৰাষ্ট্ৰীয় কাকতখনে আনকি ইয়াৰ শিৰোনামাটোও কিছু সলনি কৰা দেখা যায়।

ইপিনে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য সম্পৰ্কত আলফা স্বাধীনৰ মুৰব্বীগৰাকীয়ে কয়,’’মি ভাৱো অসমৰ মুখ্যমন্ত্ৰীৰ অসমৰ সাৰ্বভৌমত্বৰ দৰে বিষয়বোৰৰ ওপৰত ৰাজহুৱা বক্তৱ্য ৰখাৰ অধিকাৰ আছে।‘’

‘’অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ সত্য কোৱাৰ তথা অসমৰ জনসাধাৰণৰ মংগল বিচৰাৰ দায়িত্ব আৰু মঞ্চত উপবিষ্ট হৈ আছে,’’-বৰুৱাই লগতে কয়। 

Related News