• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ খবৰত চাঞ্চল্য

দুৰ্ঘটনাত পোৱা আঘাতৰ ফলত বৰুৱাৰ মৃত্যু হোৱাৰ খবৰক অপপ্ৰচাৰ আখ্যা অনুপ চেতিয়াৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 7, 2018 1:50 pm

3 min read

PareshBaruah_2
5.2k
VIEWS
Share on FacebookShare on Twitter

আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ তথা সংগঠনটোৰ আটাইতকৈ অনমনীয় নেতা পৰেশ বৰুৱা ওৰফে পৰেশ অসমৰ মৃত্যু হোৱা বুলি ওলোৱা খবৰে এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে যে এসপ্তাহৰ পূৰ্বে চীন-ম্যানমানৰৰ সীমান্তৰ ৰুইলি নামৰ ঠাইত হোৱা এটা দুৰ্ঘটনাত আলফা (স্বাঃ)ৰ শীৰ্ষনেতাজন খুব বেয়াকৈ জখম হৈছিল। কামিহাড় আৰু ভৰিত গুৰুতৰ আঘাত পোৱা নেতাজনৰ সেই আঘাতৰ বাবেই মৃত্যু হৈছে।

এই সন্দৰ্ভত চোৰাংচোৱাৰ সূত্ৰৰ উদ্ধৃতিৰে লুক ইষ্ট নামৰ এটা অনলাইন বাতৰি প্ৰতিষ্ঠানে পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ কৰিছে।

আনহাতে নৰ্থ-ইষ্ট নাওৰ পৰা খবৰটো নিশ্চিত কৰাৰ বাবে আলফা (স্বাঃ)ৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও সেয়া সম্ভৱ নহ’ল।

লুক ইষ্টে দাবী কৰিছে যে নাম প্ৰকাশত অনিচ্ছুক এজন চোৰাংচোৱা বিষয়াৰ মতে, চোৰাংচোৱা সংস্থাটোৰ হাতত আলফা (স্বাঃ)ৰ সেনাধ্যক্ষজনৰ দুৰ্ঘটনাৰ নিশ্চিত খবৰ আছে। কিন্তু সেই জখমৰ ফলত তেওঁৰ মৃত্যু হোৱাৰ কথাটো নিশ্চিত কৰিবলৈ এতিয়াও বিভিন্ন ধৰণৰ তথ্য পৰীক্ষা চলি আছে।

আনহাতে অসম আৰক্ষী আৰু আছাম ৰাইফলছে পৰেশ বৰুৱা দুৰ্ঘটনাত পতিত হোৱাৰ কথাটো অস্বীকাৰো কৰা নাই আৰু নিশ্চিতো কৰা নাই।

উল্লেখযোগ্য যে আশ্ৰয় হিচাপে বাংলাদেশ কৰাৰ পিছৰ পৰাই যোৱা ন বছৰ ধৰি আপোচবিহীনভাৱে সশস্ত্ৰ সংগ্ৰাম চলাই নিয়া নেতাজন এই চীন-ম্যানমাৰ সীমান্ত অঞ্চলতে আছে। ভাৰত চৰকাৰে চীনা চৰকাৰক নেতাজনক ভাৰতৰ হাতত গতাই দিবলৈ অনুৰোধ জনাই আহিছে যদিও চীনে তেওঁৰ উপস্থিতি অস্বীকাৰ কৰি আহিছে।

কোন হ’ব আলফা (স্বাঃ)ৰ পৰৱৰ্তী সেনাধ্যক্ষ?

আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ তথা আটাইতকৈ অনমনীয়, কঠিন পৰিস্থিতিটো সংগঠনটোক আগুৱাই নিয়া পৰেশ বৰুৱা ওৰফে পৰেশ অসমৰ মৃত্যুৰ পিছত কোনে ল’ব সংগঠনটোৰ সেই গধুৰ দায়িত্ব- এই প্ৰশ্নই এতিয়া সৰ্বাধিক গুৰুত্বসহ চৰ্চা লাভ কৰিছে।

অসম আৰক্ষীৰ হাতত নাই বৰুৱাৰ মৃত্যু সম্পৰ্কীয় তথ্য

আনহাতে পৰেশ বৰুৱাৰ মৃত্যু সন্দৰ্ভত কোনো তথ্য নাই বুলি জনালে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই সাংবাদিকক জনালে এই কথা।

ইফালে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্যই কয় যে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা দুৰ্ঘটনাত পতিত হোৱাৰ খবৰহে তেওঁলোকৰ হাতত আছে। পৰিয়াল বা চোৰাংচোৱা সংস্থাৰ ওচৰতো পৰেশ বৰুৱাৰ মৃত্যুৰ কোনো নিশ্চিত তথ্য নাই।

বৰুৱাৰ মৃত্যুৰ বাতৰিক অপপ্ৰচাৰ আখ্যা অনুপ চেতিয়াৰ

আনহাতে আজি আলফাৰ সভাপতি অনুপ চেতিয়াই সাংবাদিকৰ আগত সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰিক ভিত্তিহীন বুলি কয় আৰু ইয়াক এক অপপ্ৰচাৰ আখ্যা দিয়ে।

“তিনিমাহ পূৰ্বে মটৰ চাইকেল দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পাওঁ। দুডাল কামিহাড় (পাঁচ নম্বৰ আৰু ছয় নম্বৰ) আৰু সোঁ-ভৰিৰ বুঢ়া আঙুলি ভাগিছিল বৰুৱাৰ। কিন্তু তাৰ এমাহ মানৰ পিছত মোলৈ ফোন কৰি খুব সুন্দৰভাৱে আৰোগ্যৰ পথত বুলি কৈছিল।” অনুপ চেতিয়াই কয়।

“যোৱা ধলা কাণ্ডৰ পিছতো তেওঁ মোলৈ ফোন কৰিছিল। কিন্তু মই বাথৰূমত থকা বাবে ফোনটো ৰিচিভ কৰিব নোৱাৰিলো। গতিকে এইবোৰ কথা জুকিয়াই চাই ক’ব পাৰি, যিটো বাতৰি প্ৰচাৰ হৈছে, সেইটোৰ বিশ্বাসযোগ্যতা নাই। ই এক অপপ্ৰচাৰ।” চেতিয়াই কয়।

উল্লেখযোগ্য যে যোৱা ১৩ অক্টোবৰত পাণ বজাৰত হোৱা বোমা বিস্ফোৰণৰ পিছতো আলফ (স্বাঃ)ৰ সেনাধ্যক্ষজনে সংবাদ মাধ্যমলৈ ফোন কৰিছিল।

 

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd