NORTHEAST NOW (Assamese)

তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা (স্বাঃ) ‘লিংকমেন’

January 6, 2019 3:29 pm · অভীক চক্ৰবৰ্তী
গ্ৰেপ্তাৰ হোৱা কৰুণা গগৈ। ছবি- নৰ্থ ইষ্ট নাও।

সেনা-আৰক্ষীৰ এটা দলে শনিবাৰে গধূলি তিনিচুকীয়া জিলাৰ মাকুমত কৰুণা গগৈ নামৰ আলফা (স্বাধীন)ৰ “লিংকমেন” এজনক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা কৰুণা গগৈৰ ঘৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আৰক্ষী থানাৰ বালিমৰা গাঁৱত।

গগৈক নিষিদ্ধ সংগঠনটোৰ “সক্ৰিয়” লিংকমেন বুলি দাবী কৰিছে অভিযানকাৰী সেনাৰ ৩ নং গাড়ৱাল ৰাইফলছে। সেনাৰ দাবী অনুসৰি অঞ্চলটোত সংগঠনটোৰ হৈ বিভিন্ন চাহ বাগিচাত ধন দাবীত জৰিত আছিল ধৃত গগৈ।

লোকজনৰ পৰা এটা পিস্তল আৰু সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে বুলি জনাইছে সেনা সূত্ৰই।

Related News