হোজাই সমষ্টিৰ বিজেপি বিধায়ক তথা বিতৰ্কিত মন্তৱ্যৰে সদায় চৰ্চাৰ মাজত থকা শিলাদিত্য দেৱক বলিয়া আখ্যা দিছে আলোচনাপন্থী আলফা নেতা জীতেন দত্তই।
সংবাদ মাধ্যমৰ আগত দেওবাৰে আলফা নেতাগৰাকীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে অসমত থাকি শিলাদিত্য দেৱে বঙালী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব খুজিছে। অসমক ত্ৰিপুৰা কৰিব বিচাৰিছে শিলাদিত্য দেৱে।
তেওঁ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলাদিত্য দেৱক কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলিও প্ৰশ্ন কৰে। বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মকভাৱে মন্তৱ্য কৰি দত্তই শিলাদিত্য দেৱক অসমবাসীয়ে নিষিদ্ধ কৰিব লাগে বুলিও কয়।
উল্লেখযোগ্য যে অলপতে দিচপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক মুখামুখি অনুষ্ঠানত শিলাদিত্য দেবে বহুকেইটা বিতৰ্কিত মন্তৱ্য কৰিছিল।
উক্ত অনুষ্ঠানত তেওঁ কৈছিল, “অসম চুক্তি ১০০ শতাংশই ঐতিহাসিক ভুল। অসমত কোনোবা মুখ্য মন্ত্ৰী বা মন্ত্ৰী হোৱাৰ লালসাত ৭১’ চনটোক ভিত্তিবৰ্ষ হিচাপে মানি লৈ চুক্তি স্বাক্ষৰ কৰি অসমীয়া জাতিক ধ্বংস কৰিলে।‘’
তেওঁ লগতে মন্তৱ্য কৰি কৈছিল যে, “অসম ত্ৰিপুৰাৰ দৰে হৈ যোৱাহেঁতেন অসম বাচি গ’লোহেঁতেন। ত্ৰিপুৰাত থকা বঙালীসকল দেশপ্ৰেমী বঙালী আৰু জনজাতীয় লোকসকলো দেশপ্ৰেমী।”
আনহাতে, শিলাদিত্য দেবৰ এই বিতৰ্কিত মন্তৱ্যসমূহক লৈ যোৱা ২৫ আগষ্টত গুৱাহাটী প্ৰেছক্লাবত দিয়া এখন সংবাদমেলত দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে তেওঁক উভতি ধৰে।
দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে হোজাই বিধায়কগৰাকীক ছাগলীৰ সৈতে তুলনা কৰি কয়, “অতি মুৰ্খ বিধায়ক শিলাদিত্যই যদি এনে ধৰণৰ মন্তব্য কৰি থাকে তেন্তে তেওঁক আমি ত্ৰিপুৰা নাইবা বাংলাদেশত থৈ আহিম, এই কথা অতি স্পষ্ট।”