• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শান্তি আলোচনাত সুখী নহয় আলফা : এইবাৰ কি পন্থা ল’ব বিদ্ৰোহী সংগঠনটোৱে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 3, 2019 2:03 pm
anup, mrinal, jiten

আলফা নেতা ক্ৰমে অনুপ চেতিয়া, মৃণাল হাজৰিকা আৰু জিতেন দত্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অস্ত্ৰ বিৰতি ঘোষণা কৰা বিদ্ৰোহী আলফা নেতাই যোৱা ১০ বছৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আলোচনাত মুঠেও সুখী নহয়। পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰৰ দিনতে ঘন অৰণ্যৰ পৰা বিদ্ৰোহী নেতাসকল কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাৰ মাধ্যমেৰে তেওঁলোকৰ দাবীসমূহ পূৰণৰ উদ্দেশ্যে ওলাই আহিছিল।

কিন্তু আজিৰ দিনত মোদী নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ সৈতে আলোচনাত মুঠেও সুখী নহয় আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা, অনুপ চেতিয়া আৰু জীতেন দত্তৰ লগতে আলোচনা পন্থী আলফা নেতাৰ কেন্দ্ৰীয় সমিতি।

পূৰ্বতে মৃণাল হাজৰিকা ২৮ নং আলফা বেটেলিয়ানৰ কামাণ্ডাৰ, অনুপ চেতিয়া সাধাৰণ সম্পাদক আৰু জীতেন দত্ত ২৮ নং বেটেলিয়ানৰ সেনাধ্যক্ষ আছিল যদিও শান্তি আলোচনাৰ বাবে তেওঁলোকে অস্ত্ৰ বিৰতি ঘোষণা কৰিছিল। কিন্তু চৰকাৰে তেওঁলোকৰ সৈতে আলোচনাৰ বাবে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই তথা আলফাৰ সমস্যাটো যেন কেন্দ্ৰীয় চৰকাৰে জীয়াই ৰাখিব বিচাৰিছে। এই অভিযোগ আলোচনা পন্থী আলফা নেতৃত্বৰ।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত আলফাৰ সাধাৰণ সম্পাদকগৰাকীয়ে বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে।

তেওঁ কয়, ‘২০১৫ চনৰ ডিচেম্বৰ মাহত মই আহিছিলো, তাৰ পাছৰ পৰা চৰকাৰৰ মধ্যস্থতাকাৰীৰ সৈতে আলোচনা হৈছে যদিও প্ৰধান মন্ত্ৰী অথবা গৃহ মন্ত্ৰীৰ সৈতে কোনোধৰণৰ আলোচনা বৰ্তমান পৰ্য্যন্ত হোৱা নাই।‘

এই কথাই আলফাৰ নেতৃত্বক নিৰাশ কৰিছে বুলি চেতিয়াই আমাৰ আগত কয়।

তেওঁ লগতে কয়, ‘আমি আশা কৰিছিলো, এই চৰকাৰে আমাৰ সমস্যাসমূহ সমাধান কৰিব তথা দাবীসমূহ পূৰণ কৰিব, কিয়নো তেওঁলোকৰ বক্তব্যত সেই কথাবোৰ প্ৰকাশ পাইছিল। কিন্তু তেওঁলোকৰ বৰ্তমানৰ স্থিতিয়ে আমাক সঁচাকৈয়ে নিৰাশ কৰিছে।‘

ইপিনে, চৰকাৰৰ কাৰ্য্যকাল শেষ হ’বৰে হ’ল। তথাপি কোনোধৰণৰ ধনাত্মক সিদ্ধান্ত চৰকাৰে নোলোৱাত তেওঁলোকে কি পদক্ষেপ অথবা পন্থা হাতত ল’ব সেয়াও স্পষ্ট কৰিলে আলফাৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

‘পন্থা বুলি ক’লে, আমি হাবিলৈ উভতি যোৱা কথাটো কেতিয়াও আহিব নোৱাৰে। যিহেতু আমি উভতি আহিছো, গতিকে সেই পথেৰে পুনৰ ঘুৰি যোৱাৰ চিন্তাধাৰা আমাৰ নাই। ভাৰত চৰকাৰৰ সদ্দিচ্ছা আছে নে নাই, সেইটো চাব লাগিব। যদি চৰকাৰৰ সদিচ্ছা নাই যেন পাওঁ তেন্তে গণতান্ত্ৰিকভাৱে ৰাইজৰ সৈতে লগ লাগি আন্দোলন চলাই যাব লাগিব।‘ চেতিয়াই আমাৰ আগত এইদৰে কয়।

আনহাতে, এক শান্তিপূৰ্ণ আলোচনাৰ বাবে চৰকাৰখনৰ সদিচ্ছাৰ অভাৱ বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই উল্লেখ কৰে।

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ শাসনকাল শেষ হোৱাৰ পূৰ্বে আলফাৰ সৈতে চুক্তি কৰিব বুলি পূৰ্বতে কৈছিল যদিও কোনধৰণৰ কাম-কাজ বৰ্তমানলৈকে চৰকাৰখনে আগবঢ়োৱা নাই।

আনহাতে, যোৱাবছৰ আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই কেন্দ্ৰীয় ৰাজ্য গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৱে আলফাৰ সকলো দাবী সঠিক আৰু আলোচনাৰ চূড়ান্ত স্তৰত থকা বুলি উল্লেখ কৰিছিল যদিও ইয়াক ‘কেন্দ্ৰীয় চৰকাৰৰ এক কৌশল’ আখ্যা দিয়ে হাজৰিকাই।

তেওঁ কয়, ‘য়ুপিএ চৰকাৰ থকাৰ সময়তো নিৰ্বাচনৰ পূৰ্বে আমাৰ সৈতে চুক্তি হ’ব বুলি কৈছিল। ড্ৰাফটখন চূড়ান্ত স্তৰত থকা বুলিও পূৰ্বৰ চৰকাৰে কৈছিল। যুপিএ চৰকাৰ গ’ল, এনডিএ চৰকাৰ আহিল। এনডিএ চৰকাৰ হোৱাৰ পাছতেই প্ৰথম অৱস্থাতে আলোচনা হ’ল, কিন্তু সচিব আৰু ইন্টাৰলোকেটৰ সকল আহি আমাৰ সৈতে আলোচনা কৰি থকাৰ বাহিৰে বৰ্তমানো একো হৈ উঠা নাই।‘

তদুপৰি, অসমৰ মৌলিক সমস্যাসমূহৰ সমাধান কৰাত কেন্দ্ৰীয় চৰকাৰৰ কোনোধৰণৰ আন্তৰিকতা নাই বুলি তেওঁ আমাৰ আগত কয়।

তেওঁ লগতে কয়, ‘এক জাতি, এক ৰাষ্ট্ৰ, এক ধৰ্ম বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মূল আদৰ্শ। সেই ক্ষেত্ৰত আলফাৰ টেবুলত হোৱা আলোচনাবোৰ মানি ল’লে তেওঁলোকৰ আদৰ্শত উপনীত হ’ব নোৱাৰিব। সেয়েহে তেওঁলোকে প্ৰক্ৰিয়াটো শেষ কৰিব বিচাৰিছে।‘

আনহাতে, এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ আগত হাজৰিকাৰ বিপৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন আলফা নেতা জীতেন দত্তই।

দত্তই কয়, ‘আমাৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ৫ বছৰ সময়ৰ প্ৰয়োজনেই নাই। আমি মূলতঃ অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা কবচ, ১৯৭১ চনৰ পাছৰ বিদেশী বহিস্কৰণ আৰু ভূমিৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ দাবী কৰিছিলো। এই দাবী কেইটা পূৰণ কৰাটো একেবাৰে সাধাৰণ কথা।‘

তদুপৰি, সমস্যাবিলাক জীয়াই ৰখাটো প্ৰতিখন চৰকাৰে বিচাৰে বুলিও দত্তই আমাৰ আগত কয়।

‘সমস্যাসমূহ জীয়াই থকাটো প্ৰত্যেকখন চৰকাৰে বিচাৰে। কিয়নো সেই সমস্যাসমূহকে লৈ তেওঁলোকে ৰাজনীতি কৰে। আলফাৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ অলপো ইচ্ছুক নহয়। এই সমস্যা জীয়াই ৰাখিলেহে অসমত ৰাজনীতি চলাই থাকিব পাৰিব।‘ কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰি দত্তই এইদৰে কয়।

ইয়াৰোপৰি, কেন্দ্ৰীয় চৰকাৰৰ আলফাৰ সমস্যা সমাধানৰ বাবে সদিচ্ছাৰ অভাৱ হেতুকে সশস্ত্ৰ পন্থাৰ বিপৰীতে গণতান্ত্ৰিক আন্দোলনৰ পন্থা বাছি লোৱাৰ পোষকতা কৰে আলোচনা পন্থী আলফাৰ কেন্দ্ৰীয় সমিতিয়ে।

এই কথা জানিবলৈ দি দত্তই কয়, ‘অসমৰ খিলঞ্জীয়া জনগণক একত্ৰিত কৰি গণতান্ত্ৰিক আন্দোলনৰ মাধ্যেমেৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব লাগিব। এনেই আলোচনাৰ নামত পাঁচবছৰ সময় বহি থকাটো মই নিবিচাৰো। আলোচনাৰ পৰা ওলাই আহি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব লাগিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd