• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

তিনিচুকীয়াত জালত আলফা (স্বাঃ)ৰ ৰিতুৰাজ অসম, জব্দ এ কে ৮১ ৰাইফল

Nenow মানস প্ৰতিম গগৈ/ অভীক চক্ৰবৰ্তী
মাৰ্ঘেৰিটা/ ডিব্ৰুগড় , October 12, 2019 6:59 pm

1 min read

Ulfa(I) cadre apprehended in Tinsukia

গ্ৰেপ্তাৰ হোৱা আলফা (স্বাঃ) কেডাৰ ৰিতুৰাজ অসম।

1.3k
VIEWS
Share on FacebookShare on Twitter

তালাপৰ শংকৰ চাহ বাগিচাৰ কৰ্মচাৰী এজনৰ শেহতীয়া “অপহৰণ”ৰ মাজতে আলফা (স্বাধীন) কেডাৰ ৰিতুৰাজ অসম ওৰফে গিৰীণ ফুকন শনিবাৰে তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ জালত পৰিছে।

জিলাখনৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বৰডুমছাত আলফা (স্বাঃ) কেডাৰজনক আটক কৰা হৈছে।

তিনিচুকীয়া আৰক্ষী, ভাৰতীয় সেনাৰ ২৩ পঞ্জাৱ ৰেজিমেণ্ট, ২১ পেৰা স্পেচিয়েল ফ’ৰ্চ আৰু ২১০ ক’ব্ৰা বেটেলিয়নৰ এক যৌথ বাহিনীয়ে চোৰাংচোৱা সূত্ৰৰ পম খেদি চলোৱা অভিযানত ফুকনক আটক কৰা হৈছে।

ম্যানমাৰৰ আলফা (স্বাঃ) শিবিৰৰ পৰা ঘূৰি অহা ফুকনৰ পৰা এটা এ কে ৮১ ৰাইফল, দুটা মেগাজিন আৰু ৭.৬২এম এম পিষ্টলৰ ৬০ ৰাউণ্ড সক্ৰিয় গুলী জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

ফুকনৰ ঘৰ তিনিচুকীয়া জিলাৰ মাকুমৰ শুকানি গাঁৱত বুলি জানিব পৰা গৈছে৷

ফুকন আলফা (স্বাঃ) নেতা উদয় অসমৰ ঘনিষ্ঠ বুলি চোৰাংচোৱা সূত্ৰত প্ৰকাশ।

সূত্ৰমতে, ফুকনে কিছুদিন পূৰ্বে উদয় অসমৰ সৈতে অসমত প্ৰৱেশ কৰিছিল।

ম্যানমাৰত এন এছ চি এন (খাপ্লাং)কে ধৰি উত্তৰ-পূবৰ উগ্ৰপন্থী শিবিৰসমূহত টাতমাদাওৰ অভিযানৰ পিছত ইয়াৰ পূৰ্বেও আলফা (স্বাঃ)ৰ বহুকেইগৰাকী সদস্যই আত্মসমৰ্পণ কৰিছিল।

আলফা (স্বাঃ) কেডাৰজন আত্মসমৰ্পণৰ বাবে অসমলৈ আহিছিল নেকি বাতৰি লিখা সময়লৈকে জানিব পৰা হোৱা নাই৷

ইফালে, শংকৰ বাগিচাৰ “অপহৃত” কৰ্মচাৰী গৌৰাংগ দেবৰ সন্ধানত নিৰাপত্তা বাহিনীসমূহে অঞ্চলটোত তীব্ৰ অভিযান আৰম্ভ কৰিছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd