• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , January 17, 2021 6:28 pm

2 min read

FB_IMG_1610885972644
182
VIEWS
Share on FacebookShare on Twitter

২০১৬ চনৰ নিৰ্বাচনত বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটেৰে জয়লাভ কৰি শেষতীয়াকৈ ভাস্কৰ শৰ্মাই নিজকে গোৰ্খা জাতিৰ মানুহ আৰু আগন্তুক নিৰ্বাচনত জয়ী হ’লে অসমৰ চূকে কোনে গোৰ্খা সমাজ প্ৰতিষ্ঠা কৰিব বুলি উগ্ৰ সাম্প্ৰদায়িক ভাষণ দিয়াৰ পিছতে এতিয়া তোলপাৰ লাগিছে মাৰ্ঘেৰিটাত৷

বিধায়কৰ এনে মন্তব্যৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন, জনতাৰ প্ৰতিবাদৰে মাৰ্ঘেৰিটাৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ উমানন্দ মুদৈ মৰাণে বিধায়ক ভাস্কৰ শৰ্মাক জনালে প্ৰত্যাহ্বান৷

এক ভিডিঅ’ বাৰ্তা যোগে উমানন্দ মৰাণে আগন্তুক বিধান সভা নিৰ্বাচনত পৰাজয় বৰণ কৰিবলৈ সাজু হ’বলৈ আহ্বান জনালে বিধায়ক ভাস্কৰ শৰ্মাক৷

বিবৃতিটোত তেওঁ কয় যে, মাৰ্ঘেৰিটা সমষ্টিত প্ৰথমবাৰৰ বাবে অপসংস্কৃতিক আদৰিলে বিধায়ক ভাস্কৰ শৰ্মাই৷ যি অসমীয়া সংস্কৃতিৰ পৰিপন্থী৷ বিগত চাৰে চাৰি বছৰে বিধায়ক ভাস্কৰ শৰ্মাই এনেবোৰ কৰ্ম কাণ্ডৰ জৰিয়তে নিজৰ জনপ্ৰিয়তাহে ৰচিলে৷

বিধায়কৰ আমদানিকৃত অপসংস্কৃতিৰ বাবে আজি মাৰ্ঘেৰিটাবাসী ৰাইজ তথা বৃহত্তৰ অসমীয়া সমাজ লজ্জিত বুলি মন্তব্য কৰি ছাত্ৰ নেতাগৰাকীয়ে লগতে কয়ে যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটেৰে জয়লাভ কৰি এতিয়া ভাস্কৰ শৰ্মাই নিজকে বিশেষ এটা সম্প্ৰদায়ৰ বুলি নিজকে প্ৰতিপন্ন কৰিব খোজাতো অতি দুৰ্ভাগ্যজনক৷

২০১৬ৰ নিৰ্বাচনত ৰাইজে ভাস্কৰ শৰ্মাক এজন অসমীয়া বুলিহে ভোট দিছিল, কোনেও তেওঁক বহিৰাগত দৃষ্টিৰে চোৱা নাছিল৷ যোৱা ৭ জানুৱাৰীত মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰত অনুষ্ঠিত গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ অধিবেশনত উগ্ৰ সাম্প্ৰদায়িক ভাষণ দি ভাস্কৰ শৰ্মাই নিজৰ সুবিধাবাদী চৰিত্ৰ উদঙাই দেখুৱালে বুলিও মন্তব্য কৰিছে ছাত্ৰ নেতা মৰাণে৷

বিধায়ক ভাস্কৰ শৰ্মাক অপদাৰ্থ আখ্যা দি উমানন্দ মুদৈ মৰাণে ভাস্কৰ শৰ্মাৰ মগজুৰ বিকৃতি ঘটিছে গতিকে মাৰ্ঘেৰিটাবাসী ৰাইজক এনে জনপ্ৰতিনিধিৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰি ২০২১ৰ নিৰ্বাচনত তেওঁক বিদায় দিবৰ বাবে সমষ্টিটোৰ যুৱ চামে ইতিমধ্যে কঁকালত টঙালি বান্ধি সাজু হৈছে বুলিও দাবী কৰিছে৷

মন কৰিবলগীয়া যে, গোৰ্খা ছাত্ৰ সন্থাৰ অধিবেশনত মাৰ্ঘেৰিটাৰ ঐক্য সম্প্ৰীতিত আঘাত সানি বিধায়ক ভাস্কৰ শৰ্মাই বিভেদকামী মন্তব্য কৰাক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে দল সংগঠন ৰাইজে বিধায়কক ক্ষমা খোজিবলৈ দাবী জনাই অহাৰ পিছতো কিন্তু আজি পৰ্যন্ত গা লৰা নাই বিধায়ক ভাস্কৰ শৰ্মাৰ৷

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd