যুদ্ধ বিধ্বস্ত গাজাৰ ধ্বংসাৱশেষ আঁতৰাবলৈ ১৪ বছৰ সময় লাগিব: ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞ

ফটোঃ সংগ্ৰহীত।

ইজৰাইলে গাজাত বোমা আক্ৰমণৰ ধ্বংসাৱশেষ আঁতৰাবলৈ ১৪ বছৰ পৰ্যন্ত সময় লাগিব পাৰে। বিশেষকৈ বিস্ফোৰণ নোহোৱা বোমাৰ পৰা গাজাক বসবাসৰ বাবে নিৰাপদ কৰি তুলিবলৈ এই সময়ৰ প্ৰয়োজন হ’ব বুলি ৰাষ্ট্ৰসংঘৰ মাইন নিষ্কাশন বিশেষজ্ঞ পেহৰ লোধাম্বাৰে কয়।

শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ “মাইন একচন চাৰ্ভিচ”ৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে ইজৰাইলৰ আক্ৰমণত ৩.৭ কোটি টন ধ্বংসাৱশেষ জমা হৈছে।

জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ খনি বিশেষজ্ঞ পেহৰ লোধাম্বাৰে সংবাদ মাধ্যমৰ আগত কয় যে এনক্লেভত বিস্ফোৰণ নোহোৱা অস্ত্ৰ-শস্ত্ৰৰ পৰিমাণ সঠিকভাৱে নিৰ্ণয় কৰাটো অসম্ভৱ হৈ পৰিছে। কাৰণ যোৱা ৭ মাহৰ বোমাবৰ্ষণৰ ফলত ঘন জনবসতিপূৰ্ণ অঞ্চলবোৰ ধ্বংসাৱশেষলৈ পৰিণত হৈছে। সংঘাত প্ৰভাৱিত গাজাত প্ৰতি বৰ্গমিটাৰত ২০০ কিলোগ্ৰাম ধ্বংসাৱশেষ আছে।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীক ‘সমালোচনা’ কৰি ৰাজৰোষত সাংবাদিক; ভাৰত এৰি যাব লগা হ’ল গুচি!

লোধাম্বাৰে লগতে কয়, “মই মাত্ৰ ক’ব পাৰো যে যিবোৰ বোমা-বাৰুদ নিক্ষেপ কৰা হৈছে তাৰ ভিতৰত অন্ততঃ ১০ শতাংশ বোমা-বাৰুদে লক্ষ্যত আঘাত হানিব নোৱাৰে অৰ্থাৎ বিস্ফোৰণ নহয়। সেই ধ্বংসাৱশেষসমূহ আঁতৰাবলৈ দিনটোত ১০০ খন ট্ৰাক ব্যৱহাৰ কৰিলে ১৪ বছৰ পৰ্যন্ত সময় লাগিব পাৰে, অৰ্থাৎ মুঠ ৭ লাখ ৫০ হাজাৰ কৰ্মদিনৰ প্ৰয়োজন হ’ব।”

ইপিনে, ১৭ এপ্ৰিলৰ পৰা নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা ধৰ্ণা কাৰ্যসূচী আমেৰিকাৰ প্ৰধান বিশ্ববিদ্যালয়সমূহৰ চৌহদত বিয়পি পৰিছে। শুকুৰবাৰলৈকে আৰক্ষীয়ে সহস্ৰাধিক শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে যদিও গাজাত ইজৰাইলী বৰ্বৰতাৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ শাম কটা নাই। বৰঞ্চ ক্ৰমান্বয়ে ইয়াৰ সম্প্ৰসাৰণ ঘটিছে।

শুকুৰবাৰে সন্ধিয়া নিউয়ৰ্ক চহৰৰ কলম্বিয়াৰ সমীপৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ চৌহদত ধৰ্ণা কাৰ্যসূচীৰ অন্তত আৰক্ষীয়ে অভিযান চলাই অধ্যাপককে ধৰি ১২০ জন শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰে। তথাপি প্ৰতিবাদ বন্ধ হোৱা নাই।

লগতে পঢ়কঃ নাপায় হাৰ্ডিক নাপায়! দিল্লীৰ হাতত হাৰি সৰ্বাধিক ৰান কৰা বেটছমেনকে দোষাৰোপ কৰিলে অধিনায়কে

কেলিফৰ্ণিয়া, টেক্সাছ, চিকাগো, জৰ্জিয়া, মিচিগান, মেছাচুচেটছ, কানেকটিকাটৰ উপৰিও বিশ্ববিদ্যালয়ৰ চৌহদত তম্বু স্থাপন কৰি ক’লৰাডোৰ ডেনভাৰলৈও এই ধৰ্ণা কাৰ্যসূচী বিয়পি পৰিছে। তেওঁলোকে ইজৰাইলৰ সৈতে সকলো বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক বৰ্জনৰ আহ্বান জনাইছে। পেলেষ্টাইনৰ স্বাধীনতাৰ দাবীতো শ্লোগান দিছে।