যোৱা বছৰৰ নৱেম্বৰ মাহত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ কাৰ বোমা বিস্ফোৰণৰ আঁৰত আছিল আল কায়দা। এই দাবী এইবাৰ কৰিছে ৰাষ্ট্ৰসংঘই।
শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ‘এনালাইটিকেল ছাপোৰ্ট এণ্ড ছেংচনছ মনিটৰিং টীম’ৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল ‘ভাৰতীয় উপমহাদেশৰ আল কায়দা’ বা একিউআইএছৰ (AQIS) সৈতে জড়িত আঞ্চলিক ষড়যন্ত্ৰমূলক গোট।
এই দিল্লী বিস্ফোৰণত থিতাতে এঘাৰজন লোকে প্ৰাণ হেৰুৱাইছিল। একে সময়তে ৰাষ্ট্ৰসংঘৰ নিৰীক্ষণ দলটোৱে দক্ষিণ এছিয়াত আল কায়দাৰ নেটৱৰ্ক সম্প্ৰসাৰণক লৈও উদ্বেগ প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি ‘ভাৰতীয় উপমহাদেশত আল কায়দা’ (AQIS) দক্ষিণ-পূব আফগানিস্তানত সক্ৰিয় হৈ আছে আৰু বাংলাদেশক ব্যৱহাৰ কৰি অভিযান চলাবলৈ নতুন কোষ (শাখা) স্থাপন কৰিবলৈ চেষ্টা কৰিছে। লালকিল্লাৰ আক্ৰমণক গোটটোৰ নতুনকৈ পুনৰ লাভ কৰা কাৰ্যকৰী ক্ষমতাৰ প্ৰমাণ হিচাপে উল্লেখ কৰা হৈছে।
এটা বৃহৎ ইউনিটৰ পৰিৱৰ্তে তেওঁলোকে অতি সৰু আৰু বিকেন্দ্ৰীকৃত গোপন কোষৰ জৰিয়তে কাম কৰি আছে, যিয়ে তেওঁলোকক চোৰাংচোৱাৰ পৰা হাত সাৰিবলৈ সহায় কৰে। একে সময়তে তেওঁলোকে নিজকে লজিষ্টিক আৰু আৰ্থিকভাৱে আৰু অধিক পুনৰ সংগঠিত কৰিছে।
প্ৰতিবেদনত লগতে আশংকা প্ৰকাশ কৰা হৈছে যে একিউআইএছে নতুন কোষ গঠন কৰি বাংলাদেশত নিজৰ উপস্থিতি বৃদ্ধিৰ চেষ্টা কৰিব পাৰে, যিয়ে সমগ্ৰ দক্ষিণ এছিয়াতে ইয়াৰ কাৰ্য্যকলাপৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিব পাৰে। এই প্ৰতিবেদনত পাকিস্তান আৰু আফগানিস্তানৰ মাজত সীমা অতিক্ৰম কৰি হিংসাৰ তীব্ৰতা বৃদ্ধিৰ ওপৰতো আলোকপাত কৰা হৈছে।
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহকাৰী অধ্যাপক উমৰ আন নবীক বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত কৰিছিল আৰু তেওঁৰ থিতাতে মৃত্যু হয়। ৰাষ্ট্ৰসংঘৰ এই নিশ্চিতকৰণে ভাৰতৰ তদন্তক আৰু অধিক শক্তিশালী কৰি তুলিছে। দীৰ্ঘদিন ধৰি আল কায়দা আৰু আইএছআইএল (দাইছ)-এ ৰাসায়নিক আৰু জৈৱিক অস্ত্ৰ নিৰ্মাণৰ চেষ্টা চলাই আহিছে বুলি আন্তৰ্জাতিক নিৰীক্ষণকাৰী সংস্থাটোৱে উদ্বিগ্ন হৈ পৰিছে। কিন্তু প্ৰযুক্তিগত বাধাৰ বাবে তেওঁলোকে এতিয়াও সেয়া বনাব পৰা নাই।
প্ৰতিবেদনত কোৱা হৈছে যে অনলাইন উগ্ৰপন্থী সংগঠনৰ মাজত এনে অস্ত্ৰ নিৰ্মাণৰ নিৰ্দেশনা ব্যাপকভাৱে আদান-প্ৰদান কৰা হৈছে। জানিব পৰা মতে আই এছ আই এলৰ ইংৰাজী ভাষাৰ প্ৰকাশন ‘ইনভেড’ত এই বছৰ বটুলিনাম টক্সিন আৰু চাইনাইডৰ সৈতে জড়িত বিষয়বস্তু প্ৰকাশ কৰা হৈছে, যিয়ে গোটটোৰ অগতানুগতিক অস্ত্ৰৰ প্ৰতি আগ্ৰহ অব্যাহত থকাৰ ইংগিত দিয়ে।
এই প্ৰসংগত নিৰাপত্তা পৰিষদে গুজৰাটত গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীৰ কথা উল্লেখ কৰে। তেওঁলোকৰ দাবী যে আই এছ আই এলৰ এটা শাখাই (দাইছ) বন্দী তিনিজনক ‘ৰাইচিন’ বনোৱাৰ দায়িত্ব দিছিল। প্ৰতিবেদনত লগতে কোৱা হৈছে যে তালিবানে ‘তেহৰিক-ই-তালিবান পাকিস্তান’ (টিটিপি)ক সমৰ্থন অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে।
এই গোটটোৱে সময়ে সময়ে পাকিস্তানী নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ চলাই আহিছে। আক্ৰমণৰ এই বৃদ্ধিৰ ফলত সামৰিক প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পাকিস্তান-আফগানিস্তান সীমান্তত উত্তেজনা বৃদ্ধি পাইছে। খাইবাৰ পখতুনখোৱাত ‘ইত্তিহাদ-উল-মুজাহিদীন পাকিস্তান’ (আইএমপি)ৰ বিভিন্ন আক্ৰমণৰ সৈতেও একআইএছৰ সম্পৰ্ক আছে। ইয়াৰ ভিতৰত আছে বান্নুৰ এটা নিৰাপত্তা চেকপইণ্টৰ সমীপত সংঘটিত মাৰাত্মক আত্মঘাতী বোমা বিস্ফোৰণ আৰু গাড়ীত বিস্ফোৰক ব্যৱহাৰ কৰি আক্ৰমণ।
ইয়াৰ উপৰিও এই প্ৰতিবেদনত আধুনিক প্ৰযুক্তিৰ অপব্যৱহাৰক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰা হৈছে। তথ্য অনুসৰি ইছলামিক ষ্টেট খোৰাছান প্ৰভিন্সকে ধৰি বিভিন্ন উগ্ৰপন্থী সংগঠনে এআই ব্যৱহাৰ কৰি বোমা নিৰ্মাণ আৰু টাৰ্গেট নিৰ্দ্ধাৰণৰ দৰে তথ্য সংগ্ৰহ কৰি আছে। তেওঁলোকৰ অপপ্ৰচাৰ ক্ষীপ্ৰতাৰে প্ৰচাৰৰ বাবে এআই ব্যৱহাৰ কৰি বহুভাষিক অনুবাদো কৰা হৈছে। ৰাষ্ট্ৰসংঘই নিৰাপত্তা সংস্থাসমূহক বিশ্বজুৰি পৰিৱৰ্তিত এই সন্ত্ৰাসবাদী নেটৱৰ্কক দমন কৰাৰ ক্ষেত্ৰত অধিক সজাগ হ’বলৈ নিৰ্দেশ দিছে।
লালকিল্লা বিস্ফোৰণৰ সৈতে একিউআইএছৰ সংযোগ ভাৰতৰ বাবে অতি উল্লেখযোগ্য কাৰণ ইয়াৰ পৰা দেখা যায় যে ২০২৫ চনৰ নৱেম্বৰ মাহৰ আক্ৰমণ আল কায়দাৰ কাৰ্যকলাপৰ এক বৃহৎ আঞ্চলিক নেটৱৰ্কৰ অংশ।



