NORTHEAST NOW (Assamese)

পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিব খোজে, হাতত বন্দুক বিচাৰিলে অসমৰ নিবনুৱা যুৱকে

February 18, 2019 2:22 pm · শশাংক তালুকদাৰ
Updated: February 18, 2019 2:28 pm

জন্মু-কাশ্মীৰৰ পুলৱামা কাণ্ডত দেশবাসী তথা অসমবাসী ক্ষুভিত হৈ থকাৰ সময়তে অসমৰ নিবনুৱাই পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিবলৈ হাতত বন্দুক বিচাৰি চৰকাৰলৈ আহ্বান জনায়।

পাঠশালাৰ নিৱনুৱা যুৱকসকলে আজি পুলৱামা কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰি পাকিস্তানৰ পতাকা দাহ কৰি এইদৰে চৰকাৰৰ পৰা হাতত বন্দুক লোৱাৰ অনুমিত বিচাৰি শ্ল’গান দিয়ে।

জম্মু কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত জইছ ই মহম্মদে সংঘটিত কৰা বোমা বিস্ফোৰণক লৈ সমগ্ৰ দেশবাসীৰ লগতে অসমবাসী তথা যুৱপ্ৰজন্ম ক্ষুভিত হৈ পৰিছে। চৰকাৰক ক্ষুভিত যুৱপ্ৰজন্মই এই ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰিবলৈ দাবী জনাইছে।

উল্লেখযোগ্য যে ১৪ ফেব্ৰুৱাৰিত পুলৱামাত সন্ত্ৰাসবাদী সংগঠনে ঘটোৱা আত্মঘাতী বোমা বিস্ফোৰণত প্ৰায় ৪০ জন চি আৰ পি এফৰ জোৱান চহিদ হৈছিল। এই বিস্ফোৰণতে চহিদ হৈছিল অসমৰ বাক্সা জিলাৰ তামুলপুৰৰ মনেশ্বৰ বসুমতাৰী।

Related News