NORTHEAST NOW (Assamese)

দুৰাৱস্থাপূৰ্ণ ঘাইপথত টোল টেক্স লোৱাটো অনুচিত! ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ৮০% কৰ হ্ৰাসৰ নিৰ্দেশ হাইকোৰ্টৰ

February 27, 2025 3:38 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ এক উল্লেখযোগ্য ৰায়দানত জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা দুৰাৱস্থাপূৰ্ণ অংশত টোল সংগ্ৰহ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে। আদালতে উল্লেখ কৰিছে যে চলি থকা নিৰ্মাণ কামৰ বাবে ঘাইপথৰ অৱস্থা বেয়া হলে টোল সংগ্ৰহ কৰিব নোৱাৰিব বুলি টি অ আইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

মাত্ৰ ২০% টোল সংগ্ৰহৰ নিৰ্দেশ NHAIক

মুখ্য ন্যায়াধীশ তাছি ৰবস্তান আৰু ন্যায়াধীশ এম এ চৌধুৰীৰে গঠিত বিচাৰপীঠে পাঠানকোট-উধমপুৰ ষ্ট্ৰেচ সন্দৰ্ভত জনস্বাৰ্থৰ জড়িত আবেদন (পিআইএল)ৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে এনএইচএআইক লখানপুৰ আৰু বান প্লাজাত মাত্ৰ ২০% টোল সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা তৎক্ষণাত কাৰ্যকৰী হব আৰু ৰাজহুৱা ব্যৱহাৰৰ বাবে ঘাইপথটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম নোহোৱালৈকে এই নিৰ্দেশনা বাহাল থাকিব বুলি উল্লেখ কৰে।

টোল প্লাজা স্থাপনৰ ওপৰত নিষেধাজ্ঞা

৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৬০ কিলোমিটাৰ ভিতৰত কোনো টোল প্লাজা স্থাপন কৰিব নালাগে বুলিও আদালতে ৰায় দিয়ে। ইয়াৰ উপৰিও কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত দুমাহৰ ভিতৰত এনে প্লাজা আঁতৰোৱাৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লখনপুৰ, থাণ্ডী খুই, আৰু বান প্লাজাত টোল সংগ্ৰহৰ পৰা ৰেহাই বিচাৰি সুগন্ধা সাৱনীয়ে দাখিল কৰে পিআইএল। মহিলাগৰাকীয়ে যুক্তি দিছিল যে ২০২১ চনৰ ডিচেম্বৰৰ পৰা ৬০%ৰ পৰা ৭০% ঘাইপথ নিৰ্মাণৰ কাম চলি থকাৰ পিছতো নিয়ম উলংঘা কৰি টোল সংগ্ৰহ অব্যাহত ৰাখিছে। এই নিয়মত উল্লেখ আছে যে প্ৰকল্প সম্পূৰ্ণ হোৱাৰ ৪৫ দিনৰ ভিতৰতহে টোল সংগ্ৰহ আৰম্ভ কৰিব লাগে। আবেদনখনত পথটোত থকা গুৰুতৰ বাধা আৰু ডাইভাৰচনৰ ওপৰতো আলোকপাত কৰা হৈছে।

Related News