ভাৰতে এক বিলিয়ন ক’ভিড-১৯ প্ৰতিষেধকৰ পালি প্ৰদান সম্পূৰ্ণ কৰাত ইউনিচেফ ইণ্ডিয়াৰ আদৰণি

ইউনিচেফ ইণ্ডিয়াৰ হৈ ডঃ য়াছমিন আলী হকৰ উচ্চ প্ৰশংসা

ভাৰতে এতিয়ালৈকে ক’ভিড-১৯ প্ৰতিষেধকৰ এক বিলিয়ন পালিৰ প্ৰদান কৰি মাইলৰ খুঁটিত উপনীত হোৱাত ইউনিচেফ ইণ্ডিয়াই ভাৰত চৰকাৰক অভিনন্দন জনাইছে৷

ইউনিচেফ ইণ্ডিয়াৰ হৈ ডঃ য়াছমিন আলী হকে ভাৰতৰ এনে সাফ্যলত আনন্দ প্ৰকাশ কৰাৰ লগতে এক বিবৃতিত এনেদৰে কৈছে— ‘ভাৰতৰ দৰে বিশাল আৰু বৈচিত্ৰময় দেশত এবছৰতকৈও কম সময়ৰ বিভিন্ন পৰিবহণ-মজুতকৰণৰ সমস্যাৰ পিছতো ১ বিলিয়ন পালি প্ৰতিষেধক প্ৰদান কৰা কাৰ্য এক বৃহৎ সাফল্য৷ যিহেতু ভাৰতীয় পৰিয়ালসমূহে শেহতীয়া ক’ভিড-১৯ বিধ্বংসী লহৰৰ পৰা স্বাভাৱিক অৱস্থালৈ আহিছে, তেনে সময়ত বহুতৰ বাবে এই মাইলৰ খুঁটি হৈছে এক আশা’৷

‘যোৱা কেইমাহমানৰ পৰা, আমি দেশৰ প্ৰতিটো প্ৰান্তত টিকাকৰণ ত্বৰান্বিত কৰাৰ বাবে স্বাস্থ্য কৰ্মীসকলক চব্বিশ ঘণ্টা কাম কৰা দেখিছোঁ৷ বহুতে লোকসকলক টিকাকৰণ কৰিবলৈ দুৰ্গম অঞ্চলত ভ্ৰমণ কৰিছিল, যাৰ ভিতৰত আছে আটাইতকৈ দূৰৱৰ্তী আৰু দুৰ্গম এলেকা৷ আমি স্বাস্থ্য কৰ্মীসকলৰ প্ৰতিজনৰ কৰ্মস্পৃহা আৰু কঠোৰ শ্ৰমক অভিবাদন জনাইছো৷ তেওঁলোক আৰু বিজ্ঞানী, চিকিৎসক, প্ৰস্তুতকাৰী সংস্থা, নীতি নিৰ্ধাৰণকাৰী আৰু স্বাস্থ্য ব্যৱস্থাপকসকলৰ সমৰ্পণ অবিহনে, আমি এই মাইলৰ খুটিত উপনীত হ’ব নোৱাৰিলোহেঁতেন৷ ’

‘ইউনিচেফে বৈদ্যুতিক শীতলীকৰণ সঁজুলি ক্ৰয় আৰু যোগান ধৰি এই প্ৰচেষ্টাবোৰত সহযোগ কৰিছে, যাৰ ভিতৰত আছে ৱাক-ইন কুলাৰ, ফ্ৰীজাৰ, বৰফযুক্ত ৰেফ্ৰিজেৰেটৰ, আৰু দীপ ফ্ৰীজাৰ৷ আমি ৪২০,০০০ তকৈও অধিক শীতলকৃত বাকচ আৰু ‘ভেকছিন কেৰিয়াৰ’ যোগান ধৰিছিলো৷’

‘সংকট যোগাযোগ আৰু সম্প্ৰদায়ৰ সঁহাৰিৰ অংশ হিচাপে, ইউনিচেফে ৰাষ্ট্ৰীয় যোগাযোগ অভিযানৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক সক্ৰিয়ভাৱে সহযোগ কৰি আহিছে যাতে ক’ভিড-১৯ প্ৰতিৰোধৰ প্ৰক্ৰিয়াৰ প্ৰচাৰ ব্যাপক আৰু ভাৰতৰ প্ৰতিষেধক অভিযান দ্ৰুত হয়৷ আমি ক’ভিড-১৯ টিকাকৰণৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু মানুহৰ মাজত ইয়াক গ্ৰহণ কৰাৰ বাবে ব্যাপক প্ৰচাৰ চলাইছো৷ ভুল তথ্য আৰু ভুৱা বাতৰিৰ প্ৰতিহত কৰিবলৈ ৰিয়েল টাইম মিডিয়া নিৰীক্ষণ ব্যৱস্থাৰ ব্যৱহাৰ কৰা হৈছে৷ ই সহজ, ইতিবাচক বাৰ্তা আৰু আকৰ্ষণীয় দৃশ্য-শ্ৰাব্য সামগ্ৰীৰ সহয়ত সময়মতে সঠিক তথ্য প্ৰচাৰ কৰাত সহায় কৰে৷’

‘আমি ভাৰত চৰকাৰৰ প্ৰয়োজনীয়তা অনুসৰি লাখ লাখ চিৰিঞ্জ আৰু অন্যান্য সঁজুলি সংগ্ৰহৰ প্ৰক্ৰিয়াত আছো৷’
‘আমি বিশেষকৈ ভাৰত চৰকাৰে কো-ভেক্স প্ৰদানৰ ক্ষেত্ৰত যোগানৰ পৰিমাণ আৰু ইয়াৰ বাবে প্ৰত্যাশিত সময়সীমাৰ বিষয়ে কৰিবলগীয়া ঘোষণা শুনিবলৈ আশাবাদী৷’

‘ইউনিচেফে ভাৰত চৰকাৰৰ সৈতে আন ৰাষ্ট্ৰসমূহক প্ৰশিক্ষণ আৰু নিৰ্দেশনা প্ৰদান কৰি তেওঁলোকৰ ক’ভিড-১৯ টিকাকৰণ অভিযান সম্প্ৰসাৰিত কৰাত সহায় কৰিব পাৰে, আৰু দেশবোৰক প্ৰভাৱশালী ৰোল আউটৰ প্ৰস্তুত কৰাত সহায় কৰিব পাৰে৷’

‘এতিয়া পূৰ্বতকৈ অধিকৰূপে সমগ্ৰ দক্ষিণ এছিয়া আৰু বিশ্বজুৰি প্ৰতিষেধক প্ৰদান সম্প্ৰসাৰিত কৰিবলৈ আমাক অধিক সংঘবদ্ধ হোৱাৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত আমি ভাৰতৰ পদক্ষেপক আদৰণি জনাইছো আৰু উচিত যোগান থকা দেশসমূহক প্ৰতিষেধক প্ৰদান সম্প্ৰসাৰিত কৰিবলৈ নিম্ন আৰু মধ্য আয়ৰ দেশসমূহক অতিৰিক্ত পালি প্ৰদান কৰিবলৈ আহ্বান জনাইছো৷

‘নিম্ন আৰু মধ্য আয়ৰ দেশবোৰক যিমান সম্ভৱ সোনকালে ক’ভিড-১৯ প্ৰতিষেধক যোগানৰ প্ৰয়োজন৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, উচ্ছ উপাৰ্জনৰ দেশবোৰে নিম্ন আয়ৰ দেশবোৰৰ তুলনাত ৩৫ গুণ অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰিছে৷
‘যদি আমি বিশ্বৰ আটাইতকৈ দুৰ্বল গোটসমূহক প্ৰথমে আৰু সৰ্বাধিক টিকাকৰণ কৰিব পাৰোঁ তেন্তে এই যুঁজত সকলোৱে জিকিব৷’