NORTHEAST NOW (Assamese)

বাসুগাঁৱত উত্তেজনা : আছুৰ চহিদ বেদী আৰু ফলকত দুৰ্বৃত্তই সানিলে কলা ৰং

May 13, 2019 1:15 pm · এন ই নাও নিউজ
বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্যালয়ৰ চহিদ বেদী আৰু ফলকত দেওবাৰে নিশা দুৰ্বৃত্তই সানিলে কলা ৰং।

চিৰাং জিলাৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত থকা আছুৰ চহিদ বেদী আৰু ফলকত দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই কলা ৰং সনাৰ ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে আছুৰ কাৰ্যালয়ত এইদৰে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে।

বৰ্তমানো বাসুগাঁও চহৰত এই ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰি আছে। বাসুগাঁও আঞ্চলিক ছা্ত্ৰ সন্থাই এই ঘটনাক গৰিহনা দিয়াৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনাইছে।

বাসুগাঁও আৰক্ষীয়ে ইতিমধ্যে দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰু শীঘ্ৰেই ঘটনাত জড়িত দোষীক বিচাৰি উলিয়াব বুলি সদৰী কৰিছে।

আনহাতে, জিলা প্ৰশাসনে সকলো পক্ষকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে আহ্বান জনাইছে।

উল্লেখযোগ্য যে ২০১৭ চনত নিখিল ভাৰত বেংগলী উদ্বাস্তু সমন্বয় সমিতি (নিব্বাছ) নামৰ সংগঠনটোৰ কৰ্মীয়ে ধেমাজি জিলাৰ চিলাপথাৰৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰি লণ্ডভণ্ড কৰিছিল।

আৰক্ষীয়ে নিব্বাছৰ নেতা সুবোধ বিশ্বাসকে ধৰি কেইবাজনো নেতাক গ্ৰেপ্তাৰ কৰিছিল আৰু প্ৰায় দুবছৰ ধৰি কাৰাবাসত খটাৰ পাছত মুকলি কৰি দিয়া হয়।

Related News