• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাহ বাগিচাৰ উন্নয়নৰ বাবে অধিক দৃঢ়তাৰে কাম কৰি যাম: নিৰ্মলা সীতাৰমন

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 6, 2021 3:07 pm

2 min read

WhatsApp Image 2021-02-06 at 2.24.47 PM

ধন পুৰষ্কাৰ মেলাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। ফটো: নৰ্থইষ্ট নাও।

214
VIEWS
Share on FacebookShare on Twitter

খানাপাৰাত অনুষ্ঠিত হোৱা ধন পুৰস্কাৰ মেলাত দূৰ দূৰণিৰ চাহ বাগিচাৰ পৰা অহা শ্ৰমিকসকলক বিনম্ৰভাৱে নমস্কাৰ জনায় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।

বিত্তমন্ত্ৰী সীতাৰমনে কয় যে চাহকাপ ৰাতিপুৱা সকলোৱে খায়। সকলো বিশ্ববাসীয়ে ৰাতিপুৱাই অসমক চাহ কাপ খাওঁতে স্মৰণ কৰে।

চাহ জনগোষ্ঠীৰ ঝুমুৰ গীত শুনি বহু ভাল লাগিল বুলিও ভাষণৰ মাজতে উল্লেখ কৰে সীতাৰমনে।

তেওঁ কয় যে যি চাহ ৰাতিপুৱা খাই বিশ্ববাসী কৰ্মক্ষেত্ৰলৈ যায়, সেইসকল চাহ বাগিচাৰ শ্ৰমিকৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে ৰাতিৰ ৰেহাই হোৱা খাদ্য খাব, এনেকুৱা কেতিয়াও হ’ব নোৱাৰে। এই ধাৰাৰ এতিয়া সলনি হ’বলৈ আৰম্ভ কৰিছে।

‘’২০১৪ৰ পৰা কামাখ্যা প্ৰসাদ তাছাই চাহ বাগানৰ লোকসকলৰ উন্নয়ন কৰিবলৈ মোক বাৰেপতি অনুৰোধ জনাই আহিছিল। ঠিক সেইদৰে পল্লৱ লোচন দাসেও তেওঁৰ কায়দাৰে সংসদত চাহ বাগিচাৰ লোকৰ উন্নয়নৰ বাবে অনুৰোধ জনাই আহিছিল’’-সীতাৰমনে কয়।

তেওঁ কয় যে এতিয়া চৰকাৰৰ গৃহ, আয়ুষ্মান ভাৰতকে ধৰি অন্য সকলো চৰকাৰী সুবিধা লাভ কৰিছে চাহ বাগিচাত।

আনহাতে, চৰকাৰী সুবিধা লাভ নকৰাসকলে জনাব লাগে, নিশ্চয়কৈ অতি সোনকালে তেওঁলোকে সেয়া লাভ কৰিব বুলি কয় বিত্তমন্ত্ৰীগৰাকীয়ে।

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৰ’না কালত বেংকৰ বিষয়া কৰ্মচাৰীয়ে বহু তৎপৰতা অৱলম্বন কৰি চাহ বাগিচাৰ শ্ৰমিকৰ একাউণ্ট খোলাত সহায় কৰিছিল। ইয়াৰ কৃতিত্ব তেওঁলোকে লাভ কৰিব লাগে। তেওঁলোক সকলোকে ধন্যবাদ জনাইছো।

চাহ বাগিচাক মুম্বাইৰে তুলনা কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয়,‘’চাহ বাগিচা মুম্বাইতকৈ কম নহয়। কিয়নো বেংক, ATM, মোবাইল ব্যৱস্থা চাহ বাগিচাৰ লোকসকলে লাভ কৰিছে। দালাল ব্যৱস্থা আঁতৰাই পোনপটীয়াকৈ বেংক একাউন্টৰ জৰিয়তে সকলোৱে লাভ কৰিব পাৰিছে। এইবোৰতে প্ৰধান মন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰয়োজনীয়তা বা সু-প্ৰয়োগ প্ৰতিফলিত হৈছে।‘’

তেওঁ কয়, ‘’সকলো ৰাজ্যৰে সমবিকাশ হোৱাটোৱে ভাৰত চৰকাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য। চাহ বাগিচাৰ উন্নয়নৰ বাবে পৰৱৰ্তী সময়তো অধিক দৃঢ়তাৰে কাম কৰি যাম।‘’

Recent News

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

1000_1200x768

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙত ৪৭ বিৰোধী নেতাক গ্ৰেপ্তাৰ চীন নিয়ন্ত্ৰাধীন কৰ্তৃপক্ষৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd