• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলেজিয়ামৰ পৰামৰ্শত অনুমোদন! উচ্চতম ন্যায়ালয়ত ৩ জন ন্যায়াধীশ নিযুক্তি কেন্দ্ৰৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 29, 2025 8:40 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ত তিনিজন নতুন ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। অৱশেষত কলেজিয়ামৰ পৰামৰ্শৰ প্ৰতি ৰাষ্ট্ৰপতিয়ে অনুমোদন দিয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে দেশৰ শীৰ্ষ আদালতত তিনিজন নতুন ন্যায়াধীশ নিযুক্তিৰ বাবে এক অধিসূচনা জাৰি কৰিছে। বৃহস্পতিবাৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত কলেজিয়ামে শেহতীয়াকৈ তিনিখন উচ্চ ন্যায়ালয়ৰ দুজন মুখ্য ন্যায়াধীশ আৰু এজন ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পদবীলৈ উন্নীত কৰাৰ পৰামৰ্শ আগবঢ়ায়। নামৰ তালিকাখন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। বুধবাৰে কলেজিয়ামৰ এই পৰামৰ্শৰ প্ৰতি সঁহাৰি দিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

Apply Now

ইয়াৰ এদিন পিছত বৃহস্পতিবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী (স্বতন্ত্ৰ) অৰ্জুন ৰাম মেঘৱালে এক্স হেণ্ডেলৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত তিনিজন ন্যায়াধীশ নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। তেওঁ লিখিছে, “সংবিধানে প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনাৰ অন্তত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন.ভি. অঞ্জাৰিয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণোই আৰু বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশএ এছ ছান্দুৰকৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ পাই আনন্দিত।‘’

সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে তিনিজন নতুন ন্যায়াধীশক শপত গ্ৰহণ কৰাব। ইয়াৰ ফলত ভাৰতীয় ন্যায়পালিকাৰ বৃহৎ সালসলনি হ’ব৷ যদিও উচ্চতম ন্যায়ালয়ত ৩৪জন ন্যায়াধীশ থকাৰ অনুমোদন দিয়া হৈছে, বৰ্তমান ৩১জন ন্যায়াধীশ আছে। প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ হৃষিকেশ ৰায়ৰ অৱসৰৰ বাবে শীৰ্ষ আদালতত তিনিটা পদ খালী হয়। ন্যায়াধীশ বেলা এম ত্ৰিবেদীয়েও অহা ৯ জুনত অৱসৰ গ্ৰহণ কৰিব।তিনিজন নতুন ন্যায়াধীশৰ আগমনৰ লগে লগে নতুন ন্যায়াধীশৰ সংখ্যা পূৰণ হ’ব।

In exercise of the powers conferred by the Constitution of India, the President, after consultation with Chief Justice of India, is pleased to appoint S/Shri Justices (i) N.V. Anjaria,  Chief Justice, High Court of Karnataka, (ii) Vijay Bishnoi, Chief Justice, High Court of…

— Arjun Ram Meghwal (@arjunrammeghwal) May 29, 2025

শীৰ্ষ ন্যায়ালয়ত খালী পদ পূৰণৰ বাবে সোমবাৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত পাঁচজনীয়া কলেজিয়ামে বৈঠকত মিলিত হয়। মুখ্য ন্যায়াধীশ গাভাইৰ নেতৃত্বত গঠিত সমিতিখনত বৰ্তমান ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ বি ভি নাগৰত্ন আছে। তাৰ পিছত এই তিনিজন ন্যায়াধীশৰ নামৰ পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ উপৰিও পাঁচজন লোকক বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। ইয়াৰ লগতে দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ ২১ গৰাকী ন্যায়াধীশক বদলিৰ বাবেও পৰামৰ্শ দিয়া হৈছে।

উল্লেখ্য যে ১৯৮৮ চনত গুজৰাট উচ্চ ন্যায়ালয়ত কৰ্মজীৱন আৰম্ভ কৰা ন্যায়াধীশ অঞ্জৰিয়াই ২০২৪ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। আনহাতে, ১৯৮৯ চনত ৰাজস্থান উচ্চ ন্যায়ালয়ত কৰ্মজীৱন আৰম্ভ কৰা ন্যায়াধীশ বিষ্ণোই যোৱা বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদলৈ উন্নীত হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd