NORTHEAST NOW (Assamese)

অসুস্থ! পুনৰ AIIMSত ভৰ্তি হ’ল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

September 13, 2020 8:53 am · এন ই নাও নিউজ

কেইদিনমান পূৰ্বে এইমছৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। কিন্তু শনিবাৰে নিশা পুনৰ হাস্পাতলত ভৰ্তি কৰা হয় গৃহ মন্ত্ৰী গৰাকীক।

শনিবাৰে নিশা ১১বজাত পুনৰ এইমছত ভৰ্তি কৰা হৈছে অমিত শ্বাহক।

হাস্পাতলখনৰ কাৰ্ডঅ’ নিউৰো টাৱাৰত ভৰ্তি হৈছে শ্বাহ।

যোৱা আগষ্টৰ ২ তাৰিখে কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত অমিত শ্বাহ মেদান্ত হাস্পাতলত ভৰ্তি হৈছিল।

ইয়াৰ পাছত ১৪ আগষ্টত কৰ’নাৰ ফলাফল নিগেটিভ অহাৰ পাছত তেওঁ হাস্পাতলৰ পৰা উভতি আহে যদিও কৰ’না পৰৱৰ্তী অসুস্থতাৰ বাবে পুনৰ তেওঁক এইমছত ভৰ্তি কৰা হৈছিল।

এইমছত কেইদিনমান থকাৰ পাছত সুস্থ হৈ তেওঁ ঘৰলৈ উভতি আহিছিল।

এইবাৰ পুনৰ গৃহ মন্ত্ৰীগৰাকীক এইমছত ভৰ্তি কৰা হৈছে।

বাতৰি অনুসৰি, কৰ’নাত আক্ৰান্ত হোৱাৰ পাছৰে পৰা তেওঁ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগি আছে।

Related News