পাপড়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰে বুলি দাবী কৰা কেন্দ্ৰীয় মন্ত্ৰী আক্ৰান্ত ক’ৰ’ণাত

-arjun-ram-meghwal

ক’ৰ’ণা ভাইৰাছৰ ভেকচিন আবিষ্কাৰ কৰিবলৈ বিশ্বৰ বিজ্ঞানী গণে চেষ্টা অব্যাহত ৰখাৰ মাজতে পাপড়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰে বুলি সজোৰে দাবী কৰা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী নিজেই আক্ৰান্ত হ’ল ক’ৰ’ণাত।

ক’ৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকী হৈছে অৰ্জুন ৰাম মেঘৱাল।

কেন্দ্ৰীয় গুৰু উদ্যোগ দপ্তৰৰ ৰাজ্য মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী গৰাকী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাটো নিষ্চিত হোৱাৰ পিছতে তেওঁক নতুন দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয়।

ৰাজস্থানৰ বিকানেৰ সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপিৰ মন্ত্ৰী গৰাকীয়ে কিছুদিন পূৰ্বে পাপড়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে বুলি মন্তব্য কৰি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

মন্ত্ৰী গৰাকীৰ মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছিল। আত্মনিৰ্ভৰ ভাৰত অভিযান আঁচনিৰ অধীনত এগৰাকী উদ্যোগপতিয়ে উৎপাদন কৰা ‘ভাবীজী’ পাপড় নামৰ পাপড় বিধ খালে মানুহৰ ইমিউনিটি বৃদ্ধি পায় আৰু তেওঁ কেতিয়াও ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত নহয় বুলি মন্ত্ৰী মেঘৱালে দাবী কৰিছিল।

এনে দাবী কৰাৰ কিছুদিন পিছতে মন্ত্ৰী গৰাকী নিজেই ক’ৰ’ণাত আক্ৰান্ত হোৱাত বহুতৰে মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে।

এইমছত চিকিৎসাধীন মন্ত্ৰী গৰাকী বৰ্তমান সুস্থ হৈ আছে বুলি জানিব পৰা গৈছে।

মেঘৱালৰ উপৰি আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰীও  ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।