কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী মাৰাত্মক ক’ৰ’ণা ভাৰিাছত আক্ৰান্ত হৈছে।
অভিনয় জগতৰ পৰা গৈ ৰাজনীতিৰ পথাৰত ভৰি দি ইৰাণীয়ে আজি টুইটাৰত তেওঁ কোভিড পজিটিভ হোৱাৰ কথা ৰাজহুৱা কৰে।
টুইটাৰত ৪৪ বছৰীয়া ইৰাণীয়ে কয় যে তেওঁ কোভিড পজিটিভ হৈছে আৰু বিগত কিছুদিনত যিসকল লোক তেওঁৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকেও যাতে কোভিডৰ পৰীক্ষা কৰোৱায়।
তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিহাৰ নিৰ্বাচনৰ বাবে বেছ কিছুদিন ধৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা স্মৃতি ইৰাণীৰ সংস্পৰ্শলৈ যোৱা কিছুদিনত বহু লোক আহিছিল।
সেয়ে সেই সকলো লোককে তেওঁ কোভিড পৰীক্ষা কৰোৱাবলৈ আহ্বান জনাইছে।
উল্লেখ্য কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী, পেট্ৰ’লিয়াম দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানো কোভিত আক্ৰান্ত হৈছিল।
ইয়াৰোপৰি ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসো কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছিল।
কোভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিহাৰৰ ভোটাৰসকলক অতি সতৰ্কতা অৱলম্বন কৰি ভোটদান কৰিবলৈ আহ্বান জনাইছে।