• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়ক বিৰোধী আন্দোলন বিজেপিৰ বিৰুদ্ধে ষড়যন্ত্ৰ তথা অপপ্ৰচাৰ: কেন্দ্ৰীয় মন্ত্ৰী গোহাঁই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2019 1:50 pm
21-01-19 Lumding- Rajen Gohain laid foundation stone DEMU (1)

লামডিঙত ডেমু শ্বেডৰ আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’বিজেপিৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰ তথা অপপ্ৰচাৰ।মুষ্টিমেয় কেইটামান সংগঠনে ৰাজনৈতিক উদ্দেশ্যত ক’লা পতাকা প্ৰদৰ্শন, প্ৰতিবাদ আদি কৰি আছে। অসমৰ অসমীয়া হিন্দুৰ বাংলাদেশ,পাকিস্তানৰ পৰা অহা হিন্দুসকলৰ লগত বসবাস কৰাত আপত্তি নাই।‘’ এই মন্তৱ্য কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ।

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে সোমবাৰে ৰে’ল নগৰী লামডিঙত ডেমু (ডিজেল ইলেক্ট্ৰিকেল মালটিপোল ইউনিট) শ্বেডৰ আধাৰশিলা স্থাপন অনুষ্ঠানত এইদৰে মন্তৱ্য কৰে।

Apply Now

বিগত ২০১৪’ বৰ্ষৰ অক্টোবৰত লামডিংস্থিত ৰে’লৱে ডিজেল শ্বেডটো আকস্মিকভাৱে বন্ধ হৈ পৰিছিল। কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজেন গোঁহায়ে লামডিঙত ১০০ ইঞ্জিনৰ ডিজেল শ্বেড নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

উল্লেখযোগ্য যে ডিজেল শ্বেড বন্ধ হোৱাৰ ফলত ৰে’ল বিভাগৰ বহু শ্ৰমিক-কৰ্মচাৰী সংস্থাপনহীন হৈ পৰিছিল। তদুপৰি, ডিজেল শ্বেড পুনৰ নিৰ্মাণৰ দাবীত লামডিঙৰ ৰে’লৱে মজদুৰ ইউনিয়ন, এমপ্লইয়িজ ইউনিয়ন আদিয়ে আন্দোলনৰো পথ গ্ৰহণ কৰিছিল। কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্মীয়মাণ ডিজেল শ্বেডৰ কাৰ্যালয়ৰ কাম আধাতে এৰি সোমবাৰে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰীগৰাকীয়ে কেইবা কোটি টকা ব্যয় সাপেক্ষ ‘ডেমু’ শ্বেড’ আৰু ‘কোচিং টাৰ্মিনেল’ৰ আধাৰশিলা স্থাপন কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।

লামডিঙৰ বিবেকানন্দ ৰে’লৱে ষ্টেডিয়ামত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত গোহাঁয়ে কয় যে সোমবাৰে লামডিংবাসীৰ বাবে এটা ঐতিহাসিক দিন। লামডিঙে পুৰণা মৰ্যাদা ঘূৰাই পাইছে।

আনহাতে, ডিজেল শ্বেডৰ কাম বন্ধ হোৱাৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰাত গোহাঁয়ে কয়, ‘’এতিয়া বিদ্যুৎ চালিত ৰে’ল চলিব। ডিজেল ৰে’ল প্ৰায় বন্ধ হৈছে। সেয়ে ‘ডেমু শ্বেড’ৰ নিৰ্মাণ হৈছে।‘’

তেওঁ লগতে ডিজেল শ্বেডত কৰ্মৰত কৰ্মচাৰীসকলে অন্য স্থানত সংস্থাপিত হ’ব বুলিও আশ্বাস দিয়ে।

আনহাতে, ৰে’ল বিভাগৰ তথ্যত অনুসৰি ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰামৰ ৰাজধানীসমূহলৈ নতুন ৰে’ল পথৰ প্ৰসাৰৰ লগে লগে লামডিঙত কোচিং টাৰ্মিনেল নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যই বিশেষ গুৰুত্ব বহন কৰিছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকলে লামডিং হৈ দীৰ্ঘ দূৰত্বৰ ৰে’ল যাত্ৰাৰ সেৱা গ্ৰহণ কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd