NORTHEAST NOW (Assamese)

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

August 10, 2022 6:05 pm · এন ই নাও নিউজ,গুৱাহাটী

মাত্ৰ কেইখন মান ফটোৱে এতিয়া জীৱন তিক্ততাৰে ভৰাই তুলিছে কলকাতাৰ এগৰাকী অধ্যাপিকাৰ।
কলকাতাৰ ছেইণ্ট জেভিয়াৰ বিশ্ববিদ্যালয় এগৰাকী অধ্যাপিকাই বিকিনি পিন্ধি ইনষ্টাগ্ৰামত কেইখনমান ফটো পোষ্ট কৰিছিল। এই অপৰাধতে তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে। বিকিনি পিন্ধা ছবি পোষ্ট কৰাৰ বাবে আনকি অধ্যাপকগৰাকীক বিশ্ববিদ্যালয়খনে ৯৯ কোটি টকাৰ জৰিমনাও বিহিছে।

ফলত দিশহাৰ হৈ পৰিছে চাকৰি হেৰুওৱা অধ্যাপিকাগৰাকী। সেয়ে শেষ উপায় হিচাবে অধ্যাপিকাগৰাকীয়েআইনী যুঁজ চলোৱাৰ কথা ভাবিছে। জানিব পৰা মতে তেওঁ বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে কলকাতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিব।
উল্লেখ্য ২০২১ চনৰ অক্টোবৰ মাহত এজন শিক্ষাৰ্থীয়ে অধ্যাপকজনৰ এখন আলোকচিত্ৰ ইনষ্টাগ্ৰামত দেখিছিল।

তাৰ পিছত ছাত্ৰজনৰ দেউতাকৰ অভিযোগৰ ভিত্তিত অধ্যাপিকাগৰাকীক মাতি পঠোৱা হৈছিল। বিকিনি পিন্ধি তেওঁ কিয় ছবিখন পোষ্ট কৰিছিল সেই বিষয়ত বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই তেওঁক জবাবদিহি কৰিছিল। কলকাতাৰ ছেইণ্ট জেভিয়াৰ বিশ্ববিদ্যালয়ত যোগদান কৰাৰ আগতেই অধ্যাপিকাগৰাকীয়ে ছবিবোৰ ইনষ্টা ষ্টৰীত পোষ্ট কৰিছিল। সেই ছবিবোৰ কেৱল ২৪ ঘণ্টাৰ বাবেহে দেখা গৈছিল। তাৰোপৰি, তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টটো ‘ব্যক্তিগত’, অৰ্থাৎ তেওঁ নিবিচাৰিলে কোনেও তেওঁৰ ছবি চাব নোৱাৰে।

অধ্যাপিকাগৰাকীয়ে যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই সকলো কথাই কৈছঠিল তথাপি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ কথা শুনিবলৈ ইচ্ছুক নাছিল। অধ্যাপিকা গৰাকীয়ে ক্ষমা বিচাৰিবলৈ আৰু চাকৰিৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। অধ্যাপিকাগৰাকীয়ে বিগত বৰ্ষৰ অক্টোবৰত চাকৰি এৰি দিছিল। দৰাচলতে, তেওঁ ছেইণ্ট জেভিয়াৰৰ এগৰাকী প্ৰাক্তন ছাত্ৰীও আছিল। তেওঁ কয় যে এই বছৰৰ মাৰ্চ মাহত বিশ্ববিদ্যালয়খনে তেওঁলৈ পুনৰ জাননী প্ৰেৰণ কৰে। বিশ্ববিদ্যালয়খনক অপমান কৰাৰ বাবে ক্ষতিপূৰণ হিচাপে তেওঁ ৯৯ কোটি টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব বুলি জাননী খনত কোৱা হৈছে।

চাকৰি হেৰুওৱাৰ পিছত তেওঁ ঘৰৰ খৰচ উলিয়াবলৈ কৰিবলৈ সংগ্ৰাম কৰি আছে। ৰুগীয়া পিতৃ-মাতৃৰ চিকিৎসাও বন্ধ হৈ পৰিছে। এনে পৰিস্থিতিত ন্যা বিচাৰি আদালতৰ দ্বাৰস্থ হোৱাৰ বিকল্প নাই বুলি অধ্যাপিকাগৰাকীয়ে কৈছে।

Related News