কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ এদিন পিছতে দিল্লীলৈ নিয়া হ’ল বিদ্ৰোহী নেতা মেঘেনক
মণিপুৰী বিদ্ৰোহী সংগঠন ইউনাইটেদ নেচনেল লিবাৰেইশ্যন ফ্ৰণ্টৰ অধ্যক্ষ ৰাজকুমাৰ মেগেন ওৰফে চানা ইয়াইমাক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্ত আকাশৰ তললৈ অহাৰ এদিনৰ পিছতে দিল্লীলৈ মাতি নিয়া হৈছে।
বিদ্ৰোহী নেতাজনৰ সৈতে গৈছে তেওঁৰ অধিবক্তা এম গুণেধৰ সিং আৰু তেওঁৰ পুতেক আৰ কে চিংলেন।
চৰকাৰী সূত্ৰই ইয়াক বিদ্ৰোহী নেতাজনক নতুনকৈ কৰা গ্ৰেপ্তাৰ নহয় বুলি স্পষ্ট কৰিছে।
মেঘেন, তেওঁৰ পুতেক আৰু অধিবক্তাজনৰ সৈতে দুজন গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াই 6E 614 নম্বৰৰ গুৱাহাটী-দিল্লী ইণ্ডিগ’ বিমানত যাত্ৰা কৰা বুলি সূত্ৰসমূহে জানিবলৈ দিছে।
মেঘেনৰ এই খৰখেদা দিল্লী ভ্ৰমণে প্ৰশ্নচিহ্ন সৃষ্টি কৰাৰ বিপৰীতে সূত্ৰবোৰে মোদী চৰকাৰে মেঘেনক নাগা “শান্তি আলোচনা” সম্পৰ্কত আলোচনাৰ বাবে নিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে।
মেঘেনক তেওঁৰ গৃহ চহৰ ইম্ফল ভ্ৰমণৰ পৰা বিৰত থাকিবলৈও গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াকেইজনে অনুৰোধ কৰিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ বিপৰীতে আজি ইম্ফলত নিজৰ প্ৰিয় বিদ্ৰোহী নেতাজনক দহ বছৰৰ পিছত আদৰিবলৈ বহু লোক সাজু হৈ আছিল বুলি খবৰ পোৱা গৈছে।
“ইম্ফলত যথেষ্ট উৎকণ্ঠাই বিৰাজ কৰিছে। তেওঁ ইম্ফললৈ যোৱাৰ পূৰ্বে তেওঁৰ সৈতে সকলো দিশ আলোচনা কৰাটো ভাল হ’ব”, গৃহ মন্ত্ৰ্যালয়ৰ এজন শীৰ্ষ পৰ্য্যায়ৰ, নাম প্ৰকাশত অনিচ্ছুক বিষয়াই কয়।
নাগা শান্তি আলোচনাটোত মেঘেনকো এটা স্বাৰ্থজড়িত পক্ষ কৰিব খোজা হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বিষয়াজনে কয়, “এইটো এতিয়াই ক’ব নোৱাৰি”।
“মেঘেন এজন শীৰ্ষ নেতা হ’ব পাৰে, কিন্তু আমি নাভাবো যে তেওঁ এতিয়াও আত্মগোপনেৰে ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলাই থকা তেওঁৰ সতীৰ্থসকলৰ সৈতে আলোচনা নকৰাকৈ এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰিব। কিন্তু ইম্ফললৈ ঘূৰি যোৱাৰ পূৰ্বে আমি মত বিনিময় কৰাটো ফলদায়ক হ’ব পাৰে”, বিষয়াজনৰ মন্তব্য।
আনহাতে পৰিয়ালৰ সূত্ৰবোৰে কয় যে মেঘেন দীৰ্ঘ দিন কাৰাগাৰত থকাৰ পিছত এটা পুংখানুপুংখ স্বাস্থ্য পৰীক্ষাৰ বাবে যাব পাৰে।
নেতাজনক তেওঁৰ কাৰাবাসৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ ঠিক আগে আগে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৯ নৱেম্বৰত মুকলি কৰি দিয়া হৈছিল।
মণিপুৰৰ বিজেপি চৰকাৰখনে দীৰ্ঘ দিনৰ পৰা মেইতেই বিদ্ৰোহী গোটবোৰক দিল্লীৰ সৈতে যুটীয়া আলোচনাত বহিবলৈ হেঁচা দি আহিছে, যাতে অভিপ্ৰেত নাগা চুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰো এটা মত থাকে, কাৰণ ই ৰাজ্যখনৰ ভৱিষ্যতৰ ওপৰত প্ৰভাৱ পেলাব।
জানিব পৰামতে, কাৰাবাসৰ সময়ছোৱাতো মেঘেন তেওঁৰ গণভোট আয়োজনৰ দাবীৰ পৰা পিছ হুঁহকি অহা নাছিল।
১৯৪৯ চনত মণিপুৰক ভাৰতৰ সৈতে চামিল কৰাৰ ন্যায্যতা সন্দৰ্ভত তেওঁৰ সংগঠনটোৱে ৰাজ্যবাসীৰ গণভোট লোৱাৰ দাবী কৰি আহিছে। বিদ্ৰোহী নেতাজন এতিয়া সেই স্থিতিৰ পৰা আঁতৰি আহে নে নাই সেইটো লক্ষণীয় হ’ব।