• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিগাঁও কৃষি বিভাগত সীমাহীন দুৰ্নীতি! : ৰবি শস্যৰ বীজ নাপায় ঘৰতে বহি থাকিবলগীয়া হৈছে শ শ কৃষক

চানু গগৈ by চানু গগৈ
November 18, 2020 8:30 pm
index.jpg
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ প্ৰতিশ্ৰুতিৰে দিছপুৰৰ মছনদ দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে সম্প্ৰতি দুৰ্নীতিৰ ক্ষেত্ৰত উদাৰ মনোভাৱ পোষণ কৰা পৰিলক্ষিত হৈছে।

শেহতীয়াকৈ মৰিগাঁও জিলা কৃষি বিভাগত কৃষকৰ বাবে আৱন্টিত বীজ বিতৰণত ব্যাপক দুৰ্নীতি, কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

Apply Now

এপষেক আগেয়ে নহৰু বীজ কৃষকক বঞ্চিত কৰি মধ্যভোগীৰ হাতত তুলি দিয়াৰ বাতৰি সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল যদিও বিভাগীয় মন্ত্ৰী তথা বিভাগৰ উৰ্দ্ধতন কতৃপক্ষই জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

বৰং পুনৰ মাকৈৰ বীজ, সৰিয়হৰ বীজ আৰু পিয়াঁজৰ বীজ বিতৰণত বিয়াগোম দুৰ্নীতি সংঘটিত কৰাৰ আন এক গুৰুতৰ অভিযোগ উঠিছে। মাকৈ, পিয়াঁজ আৰু সৰিয়হৰ বীজ প্ৰকৃত কৃষকৰ মাজত বিতৰণ নকৰি মৰিগাঁও জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে কমিচনৰ আশাত  মধ্যভোগী বণিয়াৰ হাতত তুলি দিছে।

মধ্যভোগী দালালৰ হাঁতোৰাৰ কব্জাত আজি জিলা কৃষি বিভাগ। জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে কৃষকক এৰি মধ্যভোগী দালালৰ লগত সম্পৰ্ক ৰক্ষা কৰি চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিত দুৰ্নীতি সংঘটিত কৰি আহিছে।

বান খহনীয়াত বিধ্বস্ত মৰিগাঁও জিলাৰ কৃষকৰ বাবে ৰবি শস্যৰ ৰোপণৰ বাবে পিয়াঁজৰ বীজ, মাকৈৰ বীজ আৰু সৰিয়হৰ বীজ চৰকাৰে বিনামূলীয়াকৈ যোগান দিছে।

জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বহু মূল্যৱান তথা উন্নত মানৰ বীজ কৃষকৰ মাজত বিতৰণ নকৰি মধ্যভোগীৰ লগত গোপন বুজাবুজি কৰি বীজসমূহ গোপনে বিক্ৰী কৰাৰ অভিযোগ উঠিছে।

ৰবি শস্যৰ এই বীজসমূহ বিতৰণত অধিক দুৰ্নীতি সংঘটিত হৈছে বান খহনীয়াগ্ৰস্ত লাহৰীঘাট আৰু ভূৰাগাঁৱত।

যি সময়ত লাহৰীঘাট-ভূৰাগাঁৱৰ হাজাৰ হাজাৰ কৃষকে বীজৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে, সেই সময়তেই বিভাগে চৰকাৰী বীজৰে ৰমৰমীয়া ব্যৱসায় চলাই গৈছে বিষয়া কৰ্মচাৰী সকলে।

তেঁওলোকে কৃষকৰ ওচৰলৈ নাহি জিলা কাৰ্যালয়ৰ পৰাই বীজ মধ্যভোগী দালালৰ হাতত তুলি দিছে।

উদাহৰণ স্বৰূপে জিলাখনৰ ভূৰাগাঁও কৃষি চক্ৰৰ অন্তৰ্গত কৃষকৰ বাবে ২২ কুইন্টল মাকৈৰ বীজ,৩ কুইন্টল পিয়াঁজৰ বীজ আৰু ৩ কুইন্টল সৰিয়হৰ বীজ আৱন্টন দিছে। এই বৃহত পৰিমাণৰ বীজ কৃষকৰ মাজত বিতৰণ নকৰি মধ্যভোগীৰ বনিয়াৰ হাতত তুলি দিছে।

ভূৰাগাঁও কৃষি চক্ৰৰ বীজ বিতৰণৰ দায়িত্বত আছে কৃষি সম্প্ৰসাৰণ সহায়ক ইউছুৱ আলী। আলীয়ে বীজসমূহ জিলা কাৰ্যালয়ৰ পৰাই কমিচনৰ বিনিময়ত মধ্যভোগীৰ মাজত বিতৰণ কৰি আহিছে।এই বৃহত পৰিমাণৰ বীজৰ পৰা সকলো প্ৰকৃত কৃষক বঞ্চিত হৈছে।

অধিক দামত বীজ ক্ৰয় কৰিব নোৱাৰি বহু কৃষকে ৰবি শস্যৰ আশা বাদ হাত সাৱটি ঘৰতে বহি থাকিব লগা হৈছে। এয়া মাত্ৰ এটা উদাহৰণহে।

এইদৰে সমগ্ৰ জিলাখনত বীজ বিতৰণত দুৰ্নীতি সংঘটিত হৈ আহিছে। ইমান দুৰ্নীতি সংঘটিত কৰাৰ পিছতো জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ প্ৰতি চৰকাৰৰ ইমান দৰদ কিয়? বীজৰ পৰা বঞ্চিত দুখীয়া কৃষকসকলে কৃষি মন্ত্ৰী অতুল বৰাই জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীক দুৰ্নীতি লাইচেন্স দিছে নেকি বুলিও প্ৰশ্ন কৰিছে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd