আনলক ৩: আগষ্টত কি কি খোল খাব? ||সবিশেষ

গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে আনলক ৩ৰ বাবে নতুন নিৰ্দেশনা বুধবাৰে জাৰি কৰিছে।

দেশক পৰ্য্যায়ক্ৰমে লকডাউনৰ পৰা মুকলি কৰি অনাৰ বাবে জাৰি কৰা এই নিৰ্দেশনা ১ আগষ্টৰ পৰা কাৰ্য্যকৰী হ’ব।

আনলক ৩ত কি খোল খাব, কি বন্ধ থাকিব?

# নৈশ সান্ধ্য আইনৰ সময়ত ব্যক্তিৰ চলাচলৰ ওপৰত নিষিদ্ধতা আঁতৰিব।

# ৰাজ্যৰ ভিতৰত আৰু ৰাজ্যসমূহৰ মাজত সামগ্ৰী আৰু ব্যক্তিৰ চলাচলত কোনো নিষিদ্ধতা নাথাকিব। তাৰ বাবে কোনো সুকীয়া অনুমতি/ অনুমোদন/ ই পাৰ্মিটৰ প্ৰয়োজন নহ’ব।

# স্বাধীনতা দিৱস উদযাপনৰ কাৰ্য্যসূচী সামাজিক দূৰত্ব বজাই আৰু অন্যান্য স্বাস্থ্য বিধিসমূহ মানি অনুমতি দিয়া হ’ব।

# যোগ প্ৰতিষ্ঠান আৰু জীমসমূহ ৫ আগষ্টৰ পৰা মুকলি কৰিবলৈ দিয়া হৈছে। এইক্ষেত্ৰত ক’ভিড সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা সাৱধানতাসমূহ পালন কৰিব লাগিব।

# স্কুল, কলেজ আৰু কোচিং ইনষ্টিটিউটসমূহ ৩১ আগষ্টলৈকে বন্ধ থাকিব।

# বন্দে ভাৰত মিছনৰ অধীনত সীমিতভাৱে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ অনুমতি দিয়া হৈছে।

# মেট্ৰ’ ৰেল, চিনেমা হল, ছুইমিং পুল, মনোৰঞ্জন উদ্যান, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ, এছেম্বলি হল আৰু একেধৰণৰ ঠাইসমূহ বন্ধ থাকিব।

# সামাজিক/ ৰাজনৈতিক/ ক্ৰীড়া/মনোৰঞ্জন/ শৈক্ষিক/ সাংস্কৃতিক/ ধৰ্মীয় অনুষ্ঠান আৰু বৃহৎ সমাৱেশৰ অনুমতি নাথাকিব।

# কণ্টেইনমেণ্ট জ’নসমূহত ৩১ আগষ্টলৈকে লকডাউন কঠোৰভাৱে বলৱৎ থাকিব। কণ্টেইনমেণ্ট জ’নসমূহত কেৱল অত্যাৱশ্যকীয় কাৰ্য্যকলাপৰহে অনুমতি থাকিব।

# দোকানসমূহে গ্ৰাহকৰ মাজত পৰ্য্যাপ্ত শাৰীৰিক দূৰত্ব বজাই চলিব লাগিব।

# বিপদসাধ্য ব্যক্তি যেনে ৬৫ বছৰৰ ওপৰৰ লোক, ৰুগীয়া লোক, গৰ্ভৱতী মহিলা আৰু দহ বছৰৰ তলৰ শিশুক অত্যাৱশ্যকীয় প্ৰয়োজন আৰু স্বাস্থ্যজনিত কাৰণৰ বাহিৰে ঘৰতে থকাৰ পৰামৰ্শ দিয়া হৈছে।

# আৰোগ্য সেতু ম’বাইল এপ ব্যৱহাৰক উৎসাহিত কৰাটো অব্যাহত থাকিব।