• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পেলেষ্টাইনী বন্দীৰ ওপৰত অকথ্য যৌন নিৰ্যাতন! ভয়াবহ ছবি পোহৰলৈ অহাৰ পিছতেই নিউয়ৰ্ক টাইমছক ভাবুকি নেতানিয়াহুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 2:10 pm
305
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেলেষ্টাইনৰ কয়দীৰ ওপৰত চলা যৌন নিৰ্যাতনৰ বাতৰি প্ৰকাশ কৰা বাবে নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ দিছে ইজৰাইল চৰকাৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই আইনী পদক্ষেপ ল’ব বুলি জানিবলৈ দিছে। আমেৰিকাৰ প্ৰখ্যাত দৈনিক বাতৰিকাকতখনত অলপতে ইজৰাইলী বাহিনীৰ জিম্মাত থকা ফিলিস্তিনৰ নাগৰিকসকলৰ ওপৰত হোৱা ধৰ্ষণ আৰু নিৰ্যাতনৰ এক সবিশেষ প্ৰতিবেদন প্ৰকাশ পাইছিল। এই প্ৰতিবেদন ওলোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে ইজৰাইল চৰকাৰ।

নিউয়ৰ্ক টাইমছৰ বহুদিনীয়া স্তম্ভলেখক নিকোলাছ ক্ৰিষ্টফে এই প্ৰতিবেদনখন প্ৰস্তুত কৰিছিল। ইয়াৰ বাবে তেওঁ ১৪ গৰাকী ফিলিস্তিনী মহিলা আৰু পুৰুষ ভুক্তভোগীৰ পোনপটীয়া ভাষ্য সংগ্ৰহ কৰিছিল। প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ তিনি দিনৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মানহানিৰ গোচৰ তৰাৰ এই কথা ঘোষণা কৰা হয়। উল্লেখযোগ্য যে ২০২৩ চনৰ ৭ অক্টোবৰৰ পিছৰ পৰা ইজৰাইলী সেনাৰ হাতত বন্দী হোৱা ফিলিস্তিনীৰ সংখ্যা বহুত বাঢ়ি গৈছে আৰু তেওঁলোকৰ ওপৰত হোৱা নিৰ্যাতনৰ বহু প্ৰমাণো পোহৰলৈ আহিছে।

Apply Now

ইজৰাইলে প্ৰথমতে এই প্ৰতিবেদনখনক ইহুদীসকলৰ বিৰুদ্ধে এক চক্ৰান্ত আৰু মিছা প্ৰচাৰ বুলি নিন্দা কৰিছিল। কিন্তু পিছত প্ৰধানমন্ত্ৰী নেতানিয়াহু আৰু বৈদেশিক মন্ত্ৰী গিডিয়ন ছাৰে নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিবলৈ চৰকাৰীভাৱে নিৰ্দেশ দিয়ে। ইজৰাইলৰ দাবী যে এই প্ৰতিবেদনখন তেওঁলোকৰ দেশৰ বিৰুদ্ধে আধুনিক সংবাদ মাধ্যমত প্ৰকাশ পোৱা আটাইতকৈ ডাঙৰ আৰু বিকৃত মিছা কথা।

ইজৰাইলৰ এনে ভাবুকিৰ পিছতো নিউয়ৰ্ক টাইমছ আৰু সাংবাদিক নিকোলাছ ক্ৰিষ্টফ নিজৰ স্থিতিত অটল আছে। কাকতখনৰ মুখপাত্ৰ চাৰ্লি ষ্টেডটলেণ্ডাৰে জনাইছে যে তেওঁলোকে প্ৰকাশ কৰা প্ৰতিটো তথ্য পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছে। ভুক্তভোগীসকলৰ উপৰি অন্যান্য প্ৰত্যক্ষদৰ্শী, মানবাধিকাৰ সংগঠনৰ গৱেষণা আৰু ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ সৈতে মিলাই চাইহে এই বাতৰি ছপা কৰা হৈছিল। গতিকে ইজৰাইলৰ এই আইনী ভাবুকিৰ কোনো ভিত্তি নাই আৰু ই কেৱল স্বাধীন সাংবাদিকতাক বাধা দিয়াৰ এক ৰাজনৈতিক কৌশলহে।

অৱশ্যে নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধেও কিছুমান মহলে পক্ষপাতিত্বৰ অভিযোগ তুলিছে। সমালোচকসকলৰ মতে, ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ খবৰবোৰ কাকতখনে গুৰুত্বপূৰ্ণ সংবাদ শাখাত প্ৰকাশ কৰে, কিন্তু পেলেষ্টাইনী সকলৰ ওপৰত হোৱা নিৰ্যাতনৰ এই গুৰুতৰ খবৰটো কিয় মতামত বা অপিনিয়ন শাখাত প্ৰকাশ কৰিলে। ইয়াৰ পূৰ্বে ইজৰাইলীসকলৰ ওপৰত হামাছে কৰা যৌন নিৰ্যাতনৰ বাতৰি লৈও কাকতখনৰ ভিতৰতে প্ৰশ্ন উঠিছিল, যদিও নিউয়ৰ্ক টাইমছে সদায় নিজৰ সংবাদৰ পক্ষতে থিয় দি আহিছে।

ইফালে ৰাষ্ট্ৰসংঘৰ মানবাধিকাৰ কাউঞ্চিলে পূৰ্বে দাখিল কৰা এক প্ৰতিবেদনত কোৱা হৈছিল যে ইজৰাইলৰ নিৰাপত্তা ব্যৱস্থাত পেলেষ্টাইনী সকলৰওপৰত যৌন হিংসা কৰাটো এক সাধাৰণ নিয়মৰ দৰে হৈ পৰিছে। আনকি বন্দী হৈ থকা ফিলিস্তিনী সাংবাদিকসকলৰ এক বৃহৎ অংশই এনে নিৰ্যাতনৰ সন্মুখীন হৈছে বুলিও তথ্য প্ৰকাশ পাইছে। চকুৰ পানী টুকি বহু ভুক্তভোগীয়ে কাৰাগাৰত তেওঁলোকৰ ওপৰত হোৱা অমানুষিক অত্যাচাৰৰ কথা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd