US Air Force general predicts war with China ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ সময়তে বৰ্তমান বিশ্বৰ দুই মহা শক্তিধৰৰ মাজত যুদ্ধৰ প্ৰস্তুতি! আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ এগৰাকী জেনেৰেলে তেওঁৰ নেতাসকলক জনাইছে যে তেওঁৰ মনে কয় অহা দুবছৰৰ ভিতৰত আমেৰিকাই চীনৰ বিৰুদ্ধে যুদ্ধলৈ যাব। অৱশ্যে পেন্টাগনে এনে ধৰণৰ চিন্তা খাৰিজ কৰিছে।
ইপিনে, জেনেৰেল মাইক মিনিহানৰ মনৰ কথাই সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ এয়াৰ মোবিলিটি কমাণ্ডৰ মুৰব্বী জেনেৰেল মাইকৰ দলৰ সদস্য সংখ্যা ১লাখ ১০ হাজাৰ। মাইকে তেওঁৰ শীৰ্ষ নেতৃত্বক লিখিতভাৱে যুদ্ধৰ আগতীয়া আভাস দিছে। পত্ৰখনত ১ ফেব্ৰুৱাৰী তাৰিখ লিখা আছিল যদিও সেইখন শুকুৰবাৰে প্ৰেৰণ কৰা হৈছিল।
লগতে পঢ়ক: বিপৰীত দিশত ঘূৰিছে পৃথিৱী! আভ্যন্তৰীণ ঘূৰ্ণনৰ নতুন গৱেষণাত বিস্মিত বিজ্ঞানীমহল
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিশেষজ্ঞসকলৰ একাংশই কয় যে মাইকৰ মনৰ কথা পেন্টাগনৰ চিন্তাধাৰাৰ বিপৰীত। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ একেবাৰে শীৰ্ষত চীনৰ সৈতে সম্ভাৱ্য যুদ্ধৰ বিষয়ে কেনে চিন্তাৰ উদ্ৰেক হৈছে সেয়া বুজিব পাৰি। এই চিন্তাৰ কেন্দ্ৰবিন্দু হৈছে টাইৱান। আমেৰিকাই দাবী কৰিছে যে চীনে তাত বলপূৰ্বকভাৱে নিয়ন্ত্ৰণ স্থাপন কৰিবলৈ চেষ্টা কৰি আছে। যিটো দিনক দিনে বিডেন প্ৰশাসনৰ বাবে চকুৰ কূটাত পৰিণত হৈছে।
মাইকৰ মনৰ কথাটোতো তাৰেই সুৰ শুনা গৈছে। মাইকে ধাৰণা কৰে যে টাইৱান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দুয়োখন দেশে ২০২৪ চনত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনলৈ যোৱাৰ সময়তে চীনে অহা বছৰ টাইৱানৰ ওপৰত সামৰিক পদক্ষেপ আৰম্ভ কৰিব পাৰে। তাতেই যুদ্ধ গঢ়ি উঠাৰ সম্ভাৱনা আছে। কিয়নো, ইলেক্ট্ৰনিক সঁজুলিৰ অন্যতম উপাদান অৰ্ধ-পৰিবাহীৰ পৰা আৰম্ভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন ক্ষেত্ৰত টাইৱানৰ সৈতে হাতত হাত ধৰি আগবাঢ়িছে। সেয়েহে, টাইৱানত চীনৰ ‘আক্ৰমণ’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবেও এক বিপদসংকেত।
অৱশ্যে, পেন্টাগনে মাইকৰ মন্তব্যক সঁচা বুলি স্বীকাৰ কৰা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিৰক্ষা বিষয়াই কয়, “এনে মন্তব্যই চীনৰ প্ৰতি বিভাগটোৰ মনোভাৱ প্ৰতিফলিত নকৰে।”
ঘটনাক্ৰমে, চীনৰ লক্ষ্য হৈছে টাইৱানৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাৱ্যস্ত কৰা। সেয়েহে জি জিনপিঙৰ দেশখনে যে বল প্ৰয়োগত কুণ্ঠাবোধ নকৰিব সেয়া বৰ্তমানৰ কাৰ্যকলাপৰ পৰাই স্পষ্ট। সামৰিক বিশেষজ্ঞসকলেও বিশ্বাস কৰে যে তেনেহ’লে আমেৰিকাও পিছ পৰি নাথাকিব।
কিন্তু সঁচাকৈয়ে যদি যুঁজখন আৰম্ভ হয় তেন্তে কি হ’ব? আন্তৰ্জাতিক অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে ৰকেট গতিত উঠি অহা চীনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে বাধা দিয়াটো সম্ভৱ হ’বনে? একেদৰে, এই মুহূৰ্তত বিশ্ব অৰ্থনীতিৰ মেৰুদণ্ড আমেৰিকাৰ সৈতে পোনপটীয়া সংঘৰ্ষত চীনৰ লাভ কি হ’ব? এনে বহু প্ৰশ্ন আছে, উত্তৰটো অৱশ্যে সহজ নহয়।