NORTHEAST NOW (Assamese)

জিঅ’ত ‘বসতি লক্ষ্মী’; অংশীদাৰিত্ব ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিল আৰু এক মাৰ্কিন কোম্পানী

May 8, 2020 11:00 am · এন ই নাও নিউজ

কৰ’নাৰ সংহাৰৰ মাজতো ৰিলায়েন্স জিঅ’ৰ বাণিজ্যত জয়যাত্ৰা থমকি ৰোৱা নাই।

‘বাণিজ্যে বসতি লক্ষ্মী’ কথাষাৰ যেন সাৰ্থক ৰূপত খাপ খাই পৰিছে মুকেশ আম্বানিৰ ক্ষেত্ৰত।

ৰিলায়েন্সৰ জিঅ’ প্লেটফৰ্মত এইবাৰ আৰু এটা বৃহৎ কোম্পানীয়ে অংশীদাৰিত্ব ক্ৰয়ৰ বাবে আগবাঢ়ি আহিছে।

আমেৰিকাৰ ভিষ্টা ইকুইটি পাৰ্টনাৰ্ছে জিঅ’ প্লেটফৰ্মত ১১,৩৬৭কোটি টকা বিনিয়োগ কৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আমেৰিকাৰেই ফেচবুক আৰু আন এটা কোম্পানী ছিলভাৰ লেকে জিঅ’ প্লেটফৰ্মত অংশীদাৰিত্ব ক্ৰয়ৰ কথা ঘোষণা কৰিছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সদৰী কৰা মতে এই বিনিয়োগৰ ফলত জিঅ’ প্লেটফৰ্মৰ ইকুইটি হিচাপত ভেল্যুয়েশ্যন ৪.১৯ লাখ কোটি টকা হ’বগৈ।

ভিষ্টাই এই বিনিয়োগৰ জৰিয়তে জিঅ’ৰ ২.৩২ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিব।

এতিয়া ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু ফেচবুকৰ পাছত ভিষ্টা হ’ব তৃতীয়টো আটাইতকৈ বৃহৎ বিনিয়োগকাৰী।

তিনিটা সপ্তাহৰ ভিতৰতে এইদৰে তিনিটা বিনিয়োগকাৰীক অংশীদাৰিত্ব বিক্ৰী কৰি জিঅ’ই আহৰণ কৰিলে ৬০,৫৯৬.৩৭কোটি টকা।

ভিষ্টাই সাধাৰণতে ছফটৱেৰ, ডাটা আৰু প্ৰযুক্তি আধাৰিত কোম্পানীত বিনিয়োগ কৰি আহিছে।

জিঅ’ প্লেটফৰ্মত ফেচবুকে ৯.৯৯শতাংশ অংশীদাৰিত্ব ক্ৰয়েৰে ৪৩,৫৭৪ কোটি টকাৰ বিনিয়োগ কৰিব।

আনহাতে, মাৰ্কিন ইকুইটি কোম্পানী ছিলভাৰ লেকে জিঅ’ প্লেটফৰ্মত ৫,৬৫৫.৭৫কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

Related News