দেশৰ নাগৰিকক জম্মু-কাশ্মীৰ, মণিপুৰ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিলে আমেৰিকাই

ফটোঃ সংগ্ৰহীত।

আমেৰিকাই ইতিমধ্যে নিজৰ নাগৰিকসকলক নিৰাপত্তাজনিত কাৰণত ভাৰতৰ কেইবাটাও স্থানলৈ যাত্ৰা নকৰিবলৈ সকীয়াই দি আহিছে। এতিয়া সেই তালিকাত ভাৰতৰ আন কেইবাটাও অঞ্চলৰ নাম অন্তৰ্ভুক্ত হ’ল। ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত নাগৰিকসকলৰ বাবে সংশোধিত ভ্ৰমণ পৰামৰ্শ জাৰি কৰিছে আমেৰিকাই। ইয়াত নাগৰিকসকলক ভাৰতৰ সেই স্থানসমূহলৈ যাতায়ত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আমেৰিকাৰ এই নিৰ্দেশক লৈ ভাৰত স্বাভাৱিকতে অস্বস্তিত পৰিছে।

সংশোধিত ট্ৰেভেল এডভাইজাৰী অনুসৰি আমেৰিকাই নাগৰিকসকলক ভাৰতৰ মণিপুৰ, জম্মু-কাশ্মীৰ, ভাৰত-পাকিস্তান সীমান্ত আৰু দেশৰ মধ্য আৰু পূব অংশৰ কিছু অংশ, মূলতঃ য’ত নক্সালবাদী সক্ৰিয় হৈ থাকে, সেইবোৰ অঞ্চললৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে। এই অঞ্চলসমূহলৈ যাতায়ত নকৰিবলৈ দেশখনৰ নাগৰিকসকলক পৰামৰ্শ দিয়া হৈছে।

লগতে পঢ়কঃ বাজেটত চৰম বৈষম্য! মোডীৰ নিটি আয়োগৰ বৈঠক বৰ্জন কৰিব এই চাৰিগৰাকী মুখ্যমন্ত্ৰীয়ে

উল্লেখ্য যে যোৱা কেইমাহমানৰ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈ আছে। লগতে মণিপুৰো সুদীৰ্ঘ কেইবামাহো ধৰি উত্তপ্ত হৈ আছে। আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগৰ নিৰ্দেশনা অনুসৰি অপৰাধ আৰু সন্ত্ৰাসবাদৰ বাবে ভাৰতত সতৰ্কতা বৃদ্ধি কৰা হৈছে। সাধাৰণতে ভ্ৰমণৰ বিপদৰ ক্ষেত্ৰত ভাৰতক লেবেল ২ তালিকাত স্থান দিয়া হয়। অৱশ্যে জম্মু-কাশ্মীৰ, ভাৰত-পাক সীমান্ত, মণিপুৰ আৰু মধ্য আৰু পূব ভাৰতৰ কিছু অংশক লেভেল ৪ৰ তালিকাত স্থান দিয়া হৈছে।

নিৰ্দেশনাত লগতে উল্লেখ কৰা হৈছে যে ভাৰতত বৰ্ধিত অপৰাধৰ ভিতৰত ধৰ্ষণ অন্যতম। পৰ্যটনস্থলী আৰু অন্যান্য ঠাইত যৌন নিৰ্যাতনৰ অপৰাধ সংঘটিত হৈছে। লগতে সন্ত্ৰাসবাদীয়ে কোনো সতৰ্কবাণী নোহোৱাকৈ আক্ৰমণ কৰিব পাৰে। পৰ্যটনস্থলী, বজাৰ, শ্বপিং মল আৰু চৰকাৰী সা-সুবিধা থকা ঠাইবোৰক লক্ষ্য কৰি লৈছে।

আনহাতে, পূব মহাৰাষ্ট্ৰ আৰু উত্তৰ তেলেংগানাৰ পৰা পশ্চিমে পশ্চিমবংগলৈকে বিস্তৃত অঞ্চলসমূহলৈ যাতায়তৰ বাবে আমেৰিকা চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষ অনুমতি ল’বলৈ কোৱা হৈছে। কাৰণ আমেৰিকাৰ উপদেষ্টাসকলৰ মতে ভাৰতৰ এই অঞ্চলসমূহত মাওবাদী বা নক্সালবাদী সক্ৰিয়। ইয়াৰ অন্তৰ্গত ৰাজ্যসমূহ হ’ল তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু ওড়িশাৰ সীমান্তৱৰ্তী ছত্তীশগড় আৰু ঝাৰখণ্ডৰ বিভিন্ন গ্ৰাম্য অঞ্চল।

লগতে পঢ়কঃক্ষুব্ধ মেছি; দুঘণ্টা পিছত বাতিল কৰা হ’ল গ’ল! অলিম্পিকত মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনা

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক লেভেল ৩ৰ তালিকাত স্থান দিয়া হৈছে। ইয়াৰ ভিতৰত আছে – অসম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰা।