সচৰাচৰৰ দৰেই চীনে ইতিমধ্যেই আপত্তি কৰিছিল। আমেৰিকাই সঁহাৰি দিয়া নাছিল। বুধবাৰে আমেৰিকাৰ প্ৰাক্তন অধ্যক্ষ নেন্সি পেলোছিকে ধৰি সংসদৰ সাতজনীয়া প্ৰতিনিধি দলে ভাৰতত দালাই লামাৰ সৈতে সাক্ষাৎ কৰাৰ পিছতে চীনে কয় যে যদি আমেৰিকাই তিব্বতক চীনৰ অংশ হিচাপে স্বীকৃতি নিদিয়ে তেন্তে তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
কিন্তু নেন্সি পেলোচীয়ে চীনৰ ভাবুকিৰ প্ৰতি একেবাৰেই গুৰুত্ব দিয়া নাই। ভাৰতৰ হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ মেকলয়েডগঞ্জত থকা নিৰ্বাসিত তিব্বতী চৰকাৰৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰাৰ পিছত তেওঁ কয়, “এই তিব্বতী সন্ন্যাসীজন দীৰ্ঘদিন জীয়াই থাকিব। তেওঁৰ উত্তৰাধিকাৰো অব্যাহত থাকিব। কিন্তু যেতিয়া চীনৰ ৰাষ্ট্ৰপতিজন গুচি যাব তেতিয়া তেওঁক কোনেও কোনো কৃতিত্ব নিদিয়ে।”
চীন সদায় দালাই লামাক লৈ অতি সংবেদনশীল। পূৰ্বৰে পৰা তেওঁলোকে ভাবে যে দালাই লামা কোনো ধৰ্মগুৰু নহয়। তেওঁ ধৰ্মৰ আৱৰণত স্বাধীন তিব্বতৰ বাবে যুঁজিছে। যদিও বহু বছৰ ধৰি দালাই লামাই স্বাধীন তিব্বতৰ দাবী ত্যাগ কৰিছিল, তথাপিও তেওঁৰ প্ৰতি চীনৰ মনোভাৱ একেবাৰে সলনি হোৱা নাই।
এইবাৰো চীনে আৰম্ভণিৰে পৰা আমেৰিকাৰ সংসদৰ সদস্যসকলৰ এই ভ্ৰমণক লৈ আপত্তি প্ৰকাশ কৰিছিল। আমেৰিকাকো সকীয়াই দিছে। চীনে অনুভৱ কৰে যে আমেৰিকাই তিব্বতক ভূ-ৰাজনৈতিক স্বাৰ্থৰ আহিলা হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ বিৰোধিতা অব্যাহত ৰাখিছে। ভাৰত ইয়াৰ সহযোগী।
শেহতীয়াকৈ দেশখনৰ সংসদে গৃহীত কৰা এখন আইনক কেন্দ্ৰ কৰি আমেৰিকাৰ প্ৰতি চীনৰ মনোভাৱ অধিক কঠোৰ হৈ পৰিছে। তিব্বত-চীন বিবাদ সমাধানৰ বাবে সংসদৰ দুয়োটা সদনে গৃহীত কৰা আইনখনত ৰাষ্ট্ৰপতি জো বাইডেনে যাতে স্বাক্ষৰ নকৰে তাৰ বাবে চীনে হেঁচা প্ৰয়োগ কৰি আছে।
এই আইনত উল্লেখ আছে যে তিব্বতৰ ইতিহাস, মানুহ আৰু প্ৰতিষ্ঠান সন্দৰ্ভত চীনে দিয়া ভুল তথ্য প্ৰতিহত কৰিবলৈ আমেৰিকাই ধন আগবঢ়াব। এই আইনখনে এই সমস্যা সমাধানৰ বাবে ২০১০ চনৰ পৰা স্থগিত ৰখা চীন আৰু তিব্বতৰ নেতাৰ মাজত আলোচনা পুনৰ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰে।
এনে পৰিস্থিতিত আমেৰিকান কংগ্ৰেছৰ প্ৰতিনিধিৰ ভাৰত ভ্ৰমণে চীনক ক্ষুব্ধ কৰি তুলিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিং ছিয়াঙে দীঘলীয়া বিবৃতিত আমেৰিকাক সকীয়াই দিছে যে দালাই লামা কোনো পূৰ্ণাংগ ধৰ্মগুৰু নহয়। ধৰ্মৰ আৱৰণত চীন বিৰোধী বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ লগত জড়িত এজন নিৰ্বাসিত ব্যক্তি। এই স্থিতি আমেৰিকাই বুজি পোৱা উচিত। তেওঁলোকে পৃথিৱীক ভুল বাৰ্তা দিয়া বন্ধ কৰক।
চীনৰ বাবে তিব্বত শ্বিজাং। তিব্বতক এই নামেৰে মাতে। তেওঁলোকে দাবী কৰে যে শ্বিজাং বা তিব্বত দক্ষিণ চীনৰ এক অবিচ্ছেদ্য অংগ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰৰ বিবৃতিত সোঁৱৰাই দিয়া হৈছে যে, “শ্বিজাং সম্পূৰ্ণৰূপে চীনৰ আভ্যন্তৰীণ বিষয়। তাত বাহিৰৰ কোনো ভূমিকা নাই। শ্বিজাঙক অস্থিৰ কৰাৰ অধিকাৰ কাৰো নাই। কোনেও তেনেকুৱা কৰা উচিত নহয়। চীনে নিজৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু নিৰাপত্তা ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে।”
চীন-আমেৰিকাৰ এই বিবাদৰ পৰা ভাৰত মুক্ত নহয়। কাৰণ ভাৰত দালাই লামাৰ আশ্ৰয়স্থল। চীনৰ সৈতে ভাৰতৰ সীমা বিবাদো অমীমাংসিত। শেহতীয়াকৈ লাডাখ সংঘাতৰ পিছত এই সংঘাত তীব্ৰতৰ হৈ পৰিছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত স্থিতাৱস্থা বজাই ৰাখিবলৈ ভাৰতৰ দাবী মানি লোৱা নাই চীনে।
লগতে পঢ়কঃবেংগালুৰুত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ
এনে পৰিস্থিতিত নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে বহু কম সমৰ্থন লাভ কৰি। নতুন চৰকাৰ গঠন হোৱাৰ প্ৰায় লগে লগে ভাৰত কিয় এই বিতৰ্কৰ মাজত সোমাই পৰিল সেই সম্পৰ্কে কূটনৈতিক জল্পনা-কল্পনা আৰম্ভ হৈছে।