NORTHEAST NOW (Assamese)

উত্তেজনাৰ মাজতে টাইৱানক ১.৮ বিলিয়ন মাৰ্কিন ডলাৰৰ অস্ত্ৰ বিক্ৰী কৰিব আমেৰিকাই; চীনৰ সমালোচনা

October 22, 2020 7:37 pm · এন ই নাও নিউজ

চীনৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিক্ত কূটনৈতিক সম্পৰ্কৰ মাজতে টাইৱানক ১.৮ বিলিয়ন মাৰ্কিন ডলাৰৰ অস্ত্ৰ বিক্ৰী কৰিব আমেৰিকাই।

য়ু এছ ষ্টেট ডিপাৰ্টমেণ্টে বুধবাৰে আমেৰিকাই ১.৮ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়মত টাইৱানক তিনি প্ৰকাৰৰ অস্ত্ৰৰ যোগান ধৰিব বুলি উল্লেখ কৰে।

চীন আৰু আমেৰিকাৰ মাজত বেয়া সম্পৰ্ক চলি থকাৰ মাজতে আমেৰিকাই চীনৰ শত্ৰু ৰাষ্ট্ৰখনলৈ অস্ত্ৰ বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰে।

‘‘আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই অস্ত্ৰ বিক্ৰীৰ সিদ্ধান্তই টাইৱান আৰু আমেৰিকাৰ মাজত থকা সহযোগিতা আৰু বিশ্বাসক প্ৰতিফলিত কৰিছে,’’ টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এইদৰে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা সম্পৰ্কৰ অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলিকৈ চীনে সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছ বিয়পাইছে বুলি সমালোচনা কৰি আহিছে।

ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত চীনেও টাইৱানৰ প্ৰতি অধিক আক্ৰমণাত্মক ৰূপ গ্ৰহণ কৰি দেখা গৈছে।

Related News