বিহাৰৰ সকলো লোককে বিনামূল্যে কৰ’নাৰ ভেকচিন দিয়াৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে।
আগন্তুক বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি এইকথা ঘোষণা কৰে নিৰ্মলা সীতাৰমনে।
সীতাৰমনে কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত থকা এইটো বিহাৰবাসীৰ বাবে বিজেপিৰ প্ৰথম নিৰ্বাচনী প্ৰতিশ্ৰুতি।
বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
নিৰ্বাচনী প্ৰতিশ্ৰুতিত তিনি লাখ শিক্ষকৰ চাকৰিকে ধৰি মুঠ ১৯ লাখ নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ কথা কোৱা হৈছে।
সীতাৰমনে বিহাৰৰ জনসাধাৰণক প্ৰগতিৰ বাবে এনডিএক ভোট দিবলৈ আহ্বান জনায়। তেওঁ কয় যে নীতিশ কুমাৰেই পৰৱৰ্তী পাঁচ বছৰৰ বাবে মুখ্য মন্ত্ৰী হ’ব। তেওঁৰ নেতৃত্বতে বিহাৰ ভাৰতৰ এখন প্ৰগতিশীল তথা উন্নত ৰাজ্য হৈ উঠিব।
বিহাৰৰ ২৪৩খন বিধানসভাৰ আসনৰ বাবে অহা ২৮ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈকে বিহাৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সেইদৰে ১০ নৱেম্বৰত ভোটগণনা কৰা হ’ব।