• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

ৰুবিঅ’ই স্পষ্টকৈ কয় যে ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ সহায় কৰা যিকোনো দেশৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2026 6:11 pm
325
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ বৈঠকৰ পিছত ভাৰত আৰু ইৰাণৰ মাজত নতুন কোনো বাণিজ্যিক চুক্তি কৰা হৈছিল নে নাই সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হয়। সেই জল্পনা-কল্পনাৰ ওপৰত আমেৰিকাই নিজৰ বক্তব্য স্পষ্ট কৰিছে।

আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই স্পষ্ট কৰি দিছে যে ভাৰত আৰু ইৰাণৰ মাজত কোনো বাণিজ্যিক চুক্তি হোৱা বুলি তেওঁ নাভাবে। অৱশ্যে একে সময়তে তেওঁ বিভিন্ন দেশক তেহৰাণৰ সৈতে আৰ্থিক বা বাণিজ্যিক সম্পৰ্কত আমেৰিকাৰ নিষেধাজ্ঞা উলংঘা নকৰিবলৈও কঠোৰ সকীয়াই দিছে।

Apply Now

ফক্স নিউজ ৰেডিঅ’ৰ ‘দ্য ব্রায়ান কিলমেড শ্ব’’ত দিয়া এক সাক্ষাৎকাৰত ৰুবিঅ’ক প্রশ্ন কৰা হৈছিল যে এছ চি অ’ সন্মিলনৰ মাজত মোডী আৰু পেজেস্কিয়ানৰ মাজত হোৱা বৈঠকৰ জৰিয়তে ভাৰত আৰু ইৰাণে বাণিজ্যিক চুক্তিৰ দিশে আগবাঢ়িছে নেকি?

ইয়াৰ উত্তৰত আমেৰিকাৰ বিদেশ সচিবগৰাকীয়ে কয় যে তেওঁৰ ধাৰণা অনুসৰি ভাৰত আৰু ইৰাণৰ মাজত এনে কোনো বাণিজ্যিক চুক্তি নাই। একে সময়তে তেওঁ স্বীকাৰ কৰে যে প্ৰতিখন দেশেই নিজস্ব স্বতন্ত্ৰ বৈদেশিক নীতি মানি চলে আৰু বিশ্বৰ বহু দেশেই ইৰাণৰ সৈতে যোগাযোগ অক্ষুণ্ণ ৰাখিছে। আনকি তেওঁ কয় যে ৱাশ্বিংটনেও ইৰাণৰ প্ৰতিনিধিৰ সৈতে বিভিন্ন আলোচনাত যোগাযোগ ৰাখিছে।

কিন্তু তাতেই শেষ নহয়। ৰুবিঅ’ই স্পষ্টকৈ কয় যে ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ সহায় কৰা যিকোনো দেশৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব পাৰে। তেওঁৰ মতে, কোনো দেশেই এনে এক বিত্তীয় ব্যৱস্থা গঢ়ি তোলাত সহায় কৰা উচিত নহয়, যাৰ জৰিয়তে ইৰাণে ৰাজহ আহৰণ কৰিব পাৰে আৰু সেই ধন সন্ত্ৰাসবাদক সমৰ্থন বা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব পাৰে। এনে পৰিস্থিতিৰ সৃষ্টি হ’লে সংশ্লিষ্ট দেশসমূহো আমেৰিকাৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব বুলি তেওঁ সকীয়াই দিয়ে।

ৰুবিঅ’ই লগতে কয় যে ট্ৰাম্প প্ৰশাসনৰ এটা মূল লক্ষ্য হৈছে ইৰাণক পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত বাধা দিয়া। তেওঁৰ মতে, যদিহে তেহৰানে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ চেষ্টা অব্যাহত ৰাখে তেন্তে মূল চাপ আহিব অৰ্থনৈতিক ক্ষেত্ৰত। অৱশ্যে তেওঁ উল্লেখ কৰে যে আমেৰিকাইও প্ৰয়োজন হ’লে সামৰিক ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা মুকলি কৰি ৰাখিছে।

এই পৰিস্থিতিত মোডী-পেজেস্কিয়ান বৈঠকৰো বিশেষ তাৎপৰ্য আছে। ৩১ আগষ্টত বিস্কেকত অনুষ্ঠিত হোৱা এছ চি অ’ শীৰ্ষ সন্মিলনৰ আঁৰত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই আলোচনাত ভাৰত-ইৰাণৰ সম্পৰ্ক, পশ্চিম এছিয়াত চলি থকা সংঘাত, আঞ্চলিক পৰিস্থিতি, আৰু সাগৰত বাণিজ্য আৰু জাহাজ চলোৱাৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ কয় যে সংঘাতৰ সমাধান আলোচনাৰ জৰিয়তে হ’ব লাগে আৰু সাধাৰণ নাগৰিক, অসামৰিক আন্তঃগাঁথনি, আৰু বাণিজ্যিক জাহাজৰ সুৰক্ষা নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ। একে সময়তে বহুপক্ষীয় মঞ্চ, বিশেষকৈ ব্ৰিকছ আৰু এছ চি অ’ত ইৰাণৰ সৈতে সহযোগিতা বজাই ৰখাৰ ক্ষেত্ৰতো ভাৰতে সমৰ্থন প্ৰকাশ কৰিছে।

অৰ্থাৎ নতুন দিল্লীয়ে নিজৰ স্বতন্ত্ৰ বৈদেশিক নীতি অক্ষুণ্ণ ৰাখি তেহৰাণৰ সৈতে যোগাযোগ আৰু বাণিজ্যিক সম্পৰ্ক আগুৱাই নিবলৈ চেষ্টা কৰাৰ সময়তে ৱাশ্বিংটনে ইৰাণৰ ওপৰত অৰ্থনৈতিক চাপ বৃদ্ধিৰ বাৰ্তা প্ৰেৰণ কৰিছে। ফলত ভাৰত-ইৰাণৰ সম্পৰ্ক এতিয়া এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে— এফালে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু শক্তি সুৰক্ষাৰ হিচাপ, আৰু আনফালে আমেৰিকাৰ নিষেধাজ্ঞাৰ সম্ভাৱ্য হেঁচা।

সামগ্ৰিকভাৱে যদিও মোডী-পেজেস্কিয়ান বৈঠকৰ পিছত ভাৰত-ইৰাণৰ সম্পৰ্কক লৈ নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে, মাৰ্কো ৰুবিঅ’ৰ বক্তব্যই আমেৰিকাৰ স্থিতি স্পষ্ট কৰি দিলে – দেশসমূহে তেহৰাণৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে, কিন্তু ইৰাণক আমেৰিকাৰ নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ সহায় কৰাৰ মূল্য ভৰিব লগা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd