যৌনতাৰ প্ৰস্তাৱত সন্মত নোহোৱাৰ বাবে যুৱতীক ‘হত্যা’! গ্ৰেপ্তাৰ বিজেপি নেতাৰ পুত্ৰ
নিজৰ ৰিজৰ্টত কাম কৰা এগৰাকী ১৯ বছৰীয়া যুৱতীক হত্যা কৰাৰ অভিযোগ উঠিছে উত্তৰাখণ্ডৰ এজন বিজেপি নেতাৰ পুত্ৰৰ বিৰুদ্ধে। ছ’চিয়েল মিডিয়াত বাতৰিটো বিয়পি পৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।
বিজেপি নেতাজনৰ পুত্ৰৰ ৰিজৰ্টৰ দুজন কৰ্মীকো গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে অভিযুক্তই তেওঁৰ দোষ স্বীকাৰ কৰিছে।
সাত দিন পূৰ্বে ঘটনাটোৰ সূত্ৰপাত ঘটিছিল। বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যৰ মালিকানাধীন এটা ৰিজৰ্টত কৰ্মৰত অংকিতা ভাণ্ডাৰী নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতী উত্তৰাখণ্ডৰ ঋষিকেশৰ ওচৰত সন্ধানহীন হয়।
লগতে পঢ়ক: India beat Australia: নাগপুৰত মোহালিৰ প্ৰতিশোধ; অষ্ট্ৰেলিয়াক পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন ভাৰতৰ
যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষী চকীত এটা নিৰুদ্দেশৰ গোচৰ দাখিল কৰে। একেদৰে, ৰিজৰ্টৰ মালিক পুলকিতেও এটা নিৰুদ্দেশৰ গোচৰ দাখিল কৰে।
কিন্তু তাৰমাজতে বিজেপি নেতাৰ পুত্ৰ পুলকিতে নিজেই যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হয়। পুলকিতে যুৱতীগৰাকীক যৌনতাৰ প্ৰস্তাৱ দিছিল। কিন্তু তেওঁ ইয়াত সন্মত নোহোৱাৰ বাবে তেওঁক হত্যা কৰা হয়। অৱশ্যে, আৰম্ভণিতে পুলকিতৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল।
লাহে লাহে যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত ছ’চিয়েল মিডিয়াত প্ৰতিবাদ আৰম্ভ হয়। সামাজিক মাধ্যমৰ প্ৰতিবাদৰ হেঁচাত আৰক্ষীয়ে শুকুৰবাৰে পুলকিতক গ্ৰেপ্তাৰ কৰে। একে সময়তে তেওঁৰ ৰিজৰ্টৰ মেনেজাৰ আৰু এজন কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰা হয়।
লগতে পঢ়ক: ডিমাচা চলচ্চিত্ৰ ‘ছেমখোৰ’ৰ বিষয়বস্তুক লৈ আইনী সমস্যাত অভিনেত্ৰী আইমী বৰুৱা
উত্তৰাখণ্ড আৰক্ষীয়ে জনোৱা অনুসৰি, পুলকিত আৰু দুয়োজন কৰ্মীয়ে ১৯ বছৰীয়া যুৱতীগৰাকীক হত্যা কৰিছিল। তেওঁলোকেও সেই অপৰাধ স্বীকাৰ কৰিছে। অৱশ্যে, যুৱতীগৰাকীৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ বাবে সন্ধান চলাই আছে।
পুলকিতৰ দেউতাক উত্তৰাখণ্ডৰ এজন প্ৰভাৱশালী বিজেপি নেতা। তেওঁ এসময়ত ৰাজ্যখনৰ মন্ত্ৰীও আছিল। স্বাভাৱিকতে ঘটনাটো পোহৰলৈ অহাত বিজেপি অস্বস্তিত পৰিছে। বিৰোধীৰ আক্ৰমণৰো সন্মুখীন হৈছে।