• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India beat Australia: নাগপুৰত মোহালিৰ প্ৰতিশোধ; অষ্ট্ৰেলিয়াক পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2022 8:16 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India beat Australia by 6 wickets মোহালিত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টী-২০ খেলত ভাৰতে ২০৮ ৰাণ কৰিও পৰাজিত হৈছিল। ৰোহিত শৰ্মাৰ টীম ইণ্ডিয়াৰ বলাৰসকলৰ দুৰ্বল বলিঙকলৈ তীব্ৰ সমালোচনাও হৈছিল। সমালোচনাৰ লক্ষ্য হৈ পৰিছিল ভুৱনেশ্বৰ কুমাৰ। অৱশ্যে নাগপুৰত ভাৰতে শৃংখলাটোৰ দ্বিতীয়খন টী-২০ খেলত ভুৱীক বাহিৰত ৰাখিয়েই খেলপথাৰত নামে। ঋষভ পন্তক ভুৱীৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছিল।

আনহাতে, বলিং বিভাগ শক্তিশালী কৰিবলৈ যশপ্ৰীত বুমৰাহক প্ৰথম একাদশত ৰখা হয়। ভাৰতে নাগপুৰত মোহালিৰ পৰাজয়ৰ প্ৰতিশোধ লয়। শুকুৰবাৰে ভাৰতে অষ্ট্ৰেলিয়াক ছয় উইকেটত পৰাস্ত কৰি তিনিখন খেলৰ টী-২০ শৃংখলাত সমতা স্থাপন কৰে। ৰোহিত শৰ্মাই বেটেৰে চমক দিছিল। হিটমেনে মাত্ৰ ২০ টা বলত ৪৬ ৰাণ কৰি অপৰাজিত থাকে।

Apply Now

বৰষুণৰ বাবে আউটফিল্ড তিতি গৈছিল। খেলপথাৰ নুশুকুৱাৰ বাবে নিৰ্ধাৰিত সময়ত খেল আৰম্ভ কৰাটো সম্ভৱ হোৱা নাছিল। অৱশেষত ফিল্ড কৰ্মচাৰীৰ প্ৰচেষ্টাত, খেলপথাৰখন খেলৰ বাবে উপযুক্ত হৈ উঠে। কিন্তু তেতিয়ালৈকে প্ৰায় দুই ঘণ্টা পাৰ হৈ গৈছিল। সেয়ে, ২০ অভাৰৰ খেলখন ৮ অভাৰলৈ হ্ৰাস কৰা হয়। 

টছত জয়ী হোৱাৰ পিছত ৰোহিতে অষ্ট্ৰেলিয়াক প্ৰথমে বেটিং কৰিবলৈ পঠিয়ায়। ৮ অভাৰত অষ্ট্ৰেলিয়াই পাঁচটা উইকেটত ৯০ ৰাণ সংগ্ৰহ কৰে। এৰন ফিঞ্চ আৰু কেমেৰুন গ্ৰীণে অষ্ট্ৰেলিয়াৰ হৈ ইনিংছ মুকলি কৰিছিল। আগৰ খেলখনত, কেমেৰুন গ্ৰীণে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক বেটিং কৰিছিল। কিন্তু শুকুৰবাৰৰ দিনটোত বিপদজনক হৈ উঠাৰ পূৰ্বে গ্ৰীণ ৰাণ আউট হৈ যায়। বিৰাট কোহলীৰ থ্ৰো অক্ষৰ পেটেলৰ হাতত পৰাত গ্ৰীণক (৫) ৰাণ আউট কৰে। অৱশ্যে তাৰ আগতে কোহলীয়ে গ্ৰীণৰ কেচ পেলাই দিছিল।

বিপদজনক গ্লেন মেক্সৱেল (০)ক অক্সৰ পেটেলে বোল্ড কৰিছিল। প্ৰথম টী-২০তো অক্ষৰ পেটেলে উইকেট লৈছিল। বাওঁহতীয়া স্পিনাৰ অক্ষৰে এইবাৰো আঘাত হানে। টিম ডেভিদ (২) অক্ষৰ পেটেলৰ চিকাৰ হয়। এৰন ফিঞ্চ আৰু মেথিউ ৱেডে ৮ অভাৰত অষ্ট্ৰেলিয়াৰ ৯০ ৰাণ সংগ্ৰহত বিশেষ অৱদান আগবঢ়ায়। বুমৰাহে ফিঞ্চক (৩১) বোল্ড কৰে। আনহাতে, মেথিউ ৱেডে ৪৩ ৰাণত অপৰাজিত হৈ থাকে। ভাৰতীয় বলাৰসকলৰ ভিতৰত অক্সৰ পেটেলে দুটা আৰু বুমৰাহে এটা উইকেট দখল কৰে।

ৰোহিত শৰ্মাই ৯০ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামিয়েই এক বিস্ফোৰক ইনিংছ খেলে। লোকেশ ৰাহুলক জাম্পাই ১০ ৰাণত বোল্ড কৰিছিল। বিৰাট কোহলীয়েও (১১) জাম্পাৰ বলত আউট হয়। সূৰ্যকুমাৰ যাদৱে একাউণ্ট খোলাৰ পূৰ্বেই জাম্পাৰ চিকাৰ হয়।

ইপিনে, অষ্ট্ৰেলিয়াৰ বলাৰৰ ওপৰত ৰোহিতে চাপ সৃষ্টি কৰিলেও ভাৰতে দ্ৰুততাৰে উইকেট হেৰুৱায়। ফলত, টীম ইণ্ডিয়াই চাপত পৰিবলৈ আৰম্ভ কৰে। কিন্তু অধিনায়ক ৰোহিত শৰ্মা দৃঢ়তাৰে থিয় দিছিল। আৰম্ভণিতে কিছু শিথিল দেখা গ’লেও খেলখন আগবঢ়াৰ লগে লগে ৰোহিত আক্ৰমণাত্মক হৈ পৰিছিল।

কোহলী, সূৰ্যকুমাৰ, হাৰ্দিক পাণ্ডিয়াই (৯) তেওঁলোকৰ উইকেট হেৰুৱায় যদিও ৰোহিতে (৪৬*) উইকেটত তিকি থাকি ভাৰতক মেচখনত বিজয়ী কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন খেলৰ শৃংখলাটো ১-১ হৈ ৰ’ল। এতিয়া হায়দৰাবাদৰ অন্তিমখন খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাবে নিৰ্ণায়ক হৈ পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd