• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কানাডাত বৃদ্ধি পাইছে বিদ্বেষ, সাম্প্ৰদায়িক হিংসা! ভাৰতীয়সকলক সাৱধান হ’বলৈ পৰামৰ্শ কেন্দ্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2022 10:51 am
213
VIEWS
Share on FacebookShare on Twitter

কানাডাত ‘ভাৰত বিৰোধী’ বিদ্বেষ বৃদ্ধি পাইছে। ‘ভাৰত বিৰোধী’ কাৰ্যকলাপো সংঘটিত হোৱা দেখা হৈছে। এনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডাত বাস কৰা দেশৰ শিক্ষাৰ্থীসকললৈ এক সতৰ্কবাণী জাৰি কৰিছে।

শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে নতুন দিল্লীয়ে শেহতীয়া সাম্প্ৰদায়িক হিংসা, ঘৃণামূলক অপৰাধ আৰু ভাৰত বিৰোধী কাৰ্যকলাপৰ বিষয়ে ইতিমধ্যে কানাডা চৰকাৰৰ সৈতে কথা পাতিছে। ভাৰত চৰকাৰেও এই ঘটনাবোৰৰ তদন্ত আৰু ইয়াৰ ওপৰত ভিত্তি কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

নিৰ্দেশনাটোত লগতে কোৱা হৈছে, “কানাডাত ভাৰতীয়সকলৰ প্ৰতি ঘৃণাৰ বাবে সংঘটিত অপৰাধত দোষী সকলৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই।‘’

লগতে পঢ়ক: যৌনতাৰ প্ৰস্তাৱত সন্মত নোহোৱাৰ বাবে যুৱতীক ‘হত্যা’! গ্ৰেপ্তাৰ বিজেপি নেতাৰ পুত্ৰ

ভাৰতীয় শিক্ষাৰ্থীসকলক সতৰ্ক কৰি দি কোৱা হৈছে, “সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কানাডাত ভাৰতীয় শিক্ষাৰ্থী আৰু পৰ্যটকসকলক অধিক সতৰ্ক হ’বলৈ অনুৰোধ জনোৱা হৈছে। অটাৱাত থকা ভাৰতীয় উচ্চায়োগ বা টৰণ্টো বা ভেংকুভাৰৰ ভাৰতৰ কনচুলেট জেনেৰেলৰ ৱেবছাইটত নিজৰ নাম পঞ্জীয়ন কৰক। ইয়াৰ উপৰিও, ভাৰতীয় নাগৰিকসকলে ভাৰত চৰকাৰৰ ৱেবছাইটত madad.gov.in  নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে, যাতে জৰুৰী পৰিস্থিতিত নাগৰিকসকলৰ সৈতে সহজে যোগাযোগ কৰিব পাৰি।‘’

উল্লেখ্য যে যোৱা এপ্ৰিলত টৰণ্টোৰ পাতাল ৰে’লষ্টেচনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এজন ভাৰতীয় ছাত্ৰক গুলীয়াই হত্যা কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ঘটনাটোত শোক প্ৰকাশ কৰিছিল।

লগতে পঢ়ক:  ডিমাচা চলচ্চিত্ৰ ‘ছেমখোৰ’ৰ বিষয়বস্তুক লৈ আইনী সমস্যাত অভিনেত্ৰী আইমী বৰুৱা

শেহতীয়াকৈ টৰণ্টোৰ স্বামীনাৰায়ণ মন্দিৰৰ সন্মুখত ভাৰত বিৰোধী শ্ল’গানক লৈ এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd