বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ আকস্মিক পদত্যাগ

a utta

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে আজি পদত্যাগ কৰে। আজি দুপৰীয়া মুখ্যমন্ত্ৰী ৰাৱাটে তেওঁৰ পদত্যাগ পত্ৰ ৰাজ্যপাল বেবী ৰাণী মৌৰ্যলৈ প্ৰেৰণ কৰিছে।

পদত্যাগ সন্দৰ্ভত মন্তব্য কৰিবলৈ ৰাৱাটে আজি সন্ধিয়াৰ ভাগলৈ ডেৰাদুনত এখন সংবাদ মেল সম্বোধন কৰিব বুলি জানিব পৰা গৈছে।

বিজেপি শাসিত ৰাজ্য খনত মুখ্যমন্ত্ৰী ৰাৱাটে সঠিক ভাবে চৰকাৰ পৰিচালনা কৰিবলৈ সক্ষম হোৱা নাই বুলি ভাবিয়েই ৰাৱাটক বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু আৰএছএছে পদত্যাগ কৰিবলৈ কোৱা বুলি জানিব পৰা গৈছে।

ৰাৱাটৰ ঠাইত উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাবে বিজেপিৰ নেতা ধন সিং ৰাৱাটে শপতগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

কালি দিল্লীলৈ গৈ ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিছিল। ইয়াৰ পিছতে আজি তেওঁ পদত্যাগ পত্ৰক ৰাজ্যপাললৈ প্ৰেৰণ কৰে।

উত্তৰাখণ্ডত অহা বছৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

বিজেপিৰ চৰকাৰ খনে ৰাজ্যখনত বিশেষ কোনো উন্নয়ন সাধন কৰিবলৈ সক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিততে ৰাৱাটে পদত্যাগ কৰিবলগীয়া হৈছে বুলি বিভিন্ন মহলত আলোচনা হৈছে।

সেই বাবেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকে ধৰি আন নেতাসকলে ৰাৱাটক পদত্যাগৰ বাবে হেঁচা দিছিল বুলি জানিব পৰা গৈছে।

২০১৭ চনৰ ১৮ মাৰ্চত ৰাৱাটে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।