পতঞ্জলিৰ ১৪টা সামগ্ৰীৰ অনুজ্ঞাপত্ৰ বাতিল; ৰামদেৱৰ বিৰুদ্ধে দাখিল অপৰাধমূলক গোচৰ

ড্ৰাগছ এণ্ড মেজিক ৰিমেডিজ এক্ট উলংঘা কৰাৰ অভিযোগত পতঞ্জলিৰ মুৰব্বী ৰামদেৱ আৰু বালকৃষ্ণৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈছে। ইয়াৰ লগতে উত্তৰাখণ্ড চৰকাৰেও তেওঁলোকৰ কোম্পানীৰ মুঠ ১৪টা সামগ্ৰীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।

সোমবাৰে এই খবৰ পোহৰলৈ আহিছে যদিও জানিব পৰা গৈছে যে উত্তৰাখণ্ড চৰকাৰে ১৫ এপ্ৰিলতে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল।

প্ৰতিবেদন অনুসৰি, পতঞ্জলিৰ অনুজ্ঞাপত্ৰ বাতিল কৰা সামগ্ৰীসমূহ হ’ল- স্বাসাৰী গোল্ড, স্বাসাৰী ভাটি, ব্ৰংকম, স্বাসাৰী প্ৰৱাহী, স্বাসাৰী আভালেহ, মুক্তা ভাটি এক্সট্ৰা পাৱাৰ, লিপিডম, বি পি গ্ৰীট, মধুগ্ৰীত, মধুনাশিনী ভাটি এক্সট্ৰা পাৱাৰ, লিভামৃত এডভান্স, লিভ’গ্ৰিট, আইগ্ৰিট গোল্ড আৰু পতঞ্জলি দৃষ্টি আই ড্ৰপ।

লগতে পঢ়কঃ IPL 2024: ইডেনত কলকাতাৰ মহাকাব্যিক জয়! দিল্লী কেপিটেলছক হৰুৱাই দ্বিতীয় স্থানলৈ নাইট ৰাইডাৰ্ছ

উল্লেখ্য যে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে। এনে পৰিস্থিতিত ৰামদেৱ আৰু বালকৃষ্ণক আদালত অৱমাননাৰ বাবে উচ্চতম ন্যায়ালয়ে বাৰে বাৰে ধমক দিছে। উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা খুজিও তেওঁলোকে ৰেহাই পোৱা নাই। পিছত ৰামদেৱ আৰু বালকৃষ্ণই বাতৰি কাকতত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য হয়। উচ্চতম ন্যায়ালয়ত এই গোচৰ চলি থকাৰ সময়তে উত্তৰাখণ্ড চৰকাৰে পতঞ্জলিৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক ৰামদেৱ আৰু বালকৃষ্ণই ২৪ এপ্ৰিল বুধবাৰে বাতৰিকাকতত পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত এক নতুন ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ৰামদেৱ আৰু বালকৃষ্ণই আদালতত কেইবাবাৰো ক্ষমা খুজিছিল। অৱশ্যে উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ ক্ষমাপ্ৰাৰ্থনাৰ ৰূপ আৰু প্ৰকৃতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। এনে পৰিস্থিতিত যোৱা বুধবাৰে পুনৰ ৰাজহুৱাভাৱে ক্ষমা খুজিবলগীয়া হয় ৰামদেৱে।

লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰুমৰ কৰ্মী ৰিতম সিঙক গ্ৰেপ্তাৰ ; অগণতান্ত্ৰিক আখ্যা কংগ্ৰেছৰ

পতঞ্জলিৰ ‘ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনা’ত লিখা হৈছে, ‘ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মুখত থকা গোচৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দেশ অমান্য কৰাৰ বাবে নিশ্চৰ্তভাৱে ক্ষমা বিচাৰিছো। ২২.১১.২০২৩ তাৰিখে সভা/সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে আমি নিশ্চৰ্তভাৱে ক্ষমা বিচাৰিছো। আমাৰ বিজ্ঞাপন প্ৰকাশৰ ভুলৰ বাবে আমি আন্তৰিকভাৱে দুঃখিত। এনে ধৰণৰ ভুলৰ পুনৰাবৃত্তি নহ’ব। আমি আদালতৰ নিৰ্দেশনা মানি চলাৰ প্ৰতিশ্ৰুতি দিছো।’