• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব পালে বৈভৱে; ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ দলো ঘোষণা বিচিচিআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2025 7:55 am
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট অনুৰাগীসকলে এতিয়া অহা বছৰৰ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে উন্মুখ। কিন্তু তাৰ পূৰ্বে ক্ৰিকেট প্ৰেমীসকলৰ বাবে অপেক্ষা কৰি আছে আন এখন ৰোমাঞ্চকৰ প্ৰতিযোগিতা – আইচিচি ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ। এই প্ৰতিযোগিতাখনক লৈ ইতিমধ্যে উত্তেজনা তুংগত কিয়নো ভাৰতীয় দল ঘোষণা কৰা হৈছে।

শনিবাৰে (২৭ ছেপ্টেম্বৰ) ১৫ জনীয়া দলটো আনুষ্ঠানিকভাৱে ঘোষণা কৰে বিচিচিআইয়ে। এই তালিকাত আছে প্ৰতিভাৱান ১৪ বছৰীয়া বেটছমেন বৈভৱ সূৰ্য্যবংশী, যাক লৈ ভাৰতীয় ক্ৰিকেটে ভৱিষ্যতৰ সপোন দেখিছে। পূৰ্বৰ সংস্কৰণত নেতৃত্ব দি দৃষ্টি আকৰ্ষণ কৰা অভিজ্ঞ আয়ুষ মাত্ৰেকে পুনৰ দলটোৰ নেতৃত্ব দিছে।

Apply Now

অহা ১৫ জানুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলৰ জৰিয়তে টিম ইণ্ডিয়াই বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। বুলাৱায়োৰ কুইনছ স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব এই খেলখন। ইয়াৰ পিছত ১৭ জানুৱাৰীত একেটা স্থানতে বাংলাদেশৰ বিৰুদ্ধে খেলিব, আৰু ২৪ জানুৱাৰীত শক্তিশালী নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।

এইবাৰৰ বিশ্বকাপ জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব। ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন ৬ ফেব্ৰুৱাৰীলৈকে চলিব। মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিব, যিটো চাৰিটা গ্ৰুপত বিভক্ত হ’ব। গ্ৰুপ পৰ্যায়ৰ পাছত ছুপাৰ ছয় ৰাউণ্ড, তাৰ পিছত ছেমি ফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ’ব। হাৰাৰেত অনুষ্ঠিত হ’ব চূড়ান্ত মেচ, য’ত নতুন চেম্পিয়নৰ সিদ্ধান্ত লোৱা হ’ব।

ভাৰতীয় দলটোৱে ১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপ পাঁচবাৰ – ২০০০, ২০০৮, ২০১২, ২০১৮ আৰু শেষবাৰৰ বাবে ২০২২ চনত জয়ী হৈছে। সেয়ে তেওঁলোকে পুনৰবাৰ এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিছে অন্যতম ফেভাৰিট হিচাপে। গ্ৰুপ ‘বি’ত ভাৰতৰ প্ৰতিদ্বন্দ্বী হ’ল নিউজিলেণ্ড, আমেৰিকা আৰু বাংলাদেশ। প্ৰতিখন মেচ গুৰুত্বপূৰ্ণ হ’ব, কাৰণ ইয়াৰ দ্বাৰা ছুপাৰ ছিক্সৰ পথ নিৰ্ধাৰণ কৰা হ’ব।

বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব। তাত বেন’নিত তিনিখন এদিনীয়া শৃংখলা খেলিব। এই ছিৰিজটোক প্ৰস্তুতি হিচাপে দেখা গৈছে, য’ত যুৱ ক্ৰিকেটাৰসকলে নিজৰ ছন্দ বিচাৰি উলিওৱাৰ সুযোগ পাব। কিন্তু এই ভ্ৰমণৰ আটাইতকৈ ডাঙৰ কথাটো হ’ল ভাৰতীয় দলটোৰ নেতৃত্ব দিব ১৪ বছৰীয়া বৈভৱে। এই যুৱ ক্ৰিকেটাৰগৰাকীক ডাঙৰ দায়িত্ব দিয়া হৈছে।

মুঠতে অহা বছৰৰ আৰম্ভণি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক উৎসৱৰ দৰে হ’ব। প্ৰথমে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ, তাৰ পিছত টি-২০ বিশ্বকাপ – দুয়োটা ইভেণ্টেই যুৱ আৰু জ্যেষ্ঠ ক্ৰিকেটাৰসকলৰ বাবে নতুন ইতিহাস ৰচনাৰ প্লেটফৰ্ম হ’ব পাৰে।

ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ দল (২০২৬):

আয়ুষ মাত্ৰে (অধিনায়ক), বিহান মালহোত্ৰা (উপ অধিনায়ক), বৈভৱ সূৰ্যবংশী, এৰন জৰ্জ, বেদান্ত ত্ৰিবেদী, অভিজ্ঞ কুণ্ডু (উইকেটকীপাৰ), হৰবংশ সিং (উইকেটকীপাৰ), আৰ এছ অম্বৰীশ, কনিষ্ক চৌহান, খিলান এ পেটেল, মহম্মদ এনান, হেনিল পেটেল, দীপেশ, কিষান কুমাৰ সিং, উদ্ভৱ মোহন।

🚨 News 🚨

India's U19 squad for South Africa tour and ICC Men’s U19 World Cup announced.

Details▶️https://t.co/z21VRlpvjg#U19WorldCup pic.twitter.com/bL8pkT5Ca2

— BCCI (@BCCI) December 27, 2025

দক্ষিণ আফ্ৰিকা ভ্ৰমণ দল:

বৈভৱ সূৰ্যবংশী (অধিনায়ক), এৰন জৰ্জ (উপ অধিনায়ক), বেদান্ত ত্ৰিবেদী, অভিজ্ঞ কুণ্ডু (উইকেটকীপাৰ), হৰবংশ সিং (উইকেটকীপাৰ), আৰ এছ অম্বৰীশ, কনিষ্ক চৌহান, খিলান এ পেটেল, মহম্মদ এনান, হেনিল পেটেল, ডি দীপেশ, কিষান কুমাৰ সিং, উদ্ভৱ মোহন, যুৱৰাজ গোহিল, ৰাহুল কুমাৰ।

আয়ুষ মাত্ৰে আৰু বিহান মালহোত্ৰাই হাতৰ গাঁঠিৰ আঘাতৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণত অংশ ল’ব নোৱাৰিব। তেওঁলোকে বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্সত চিকিৎসাৰ বাবে ৰিপৰ্ট দিব আৰু পোনপটীয়াকৈ বিশ্বকাপ দলত যোগদান কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd